ETV Bharat / state

Case against Srinivas: গ্ৰেপ্তাৰ হ’ব নেকি যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি ?

author img

By

Published : Apr 23, 2023, 9:06 AM IST

Updated : Apr 23, 2023, 9:30 AM IST

ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তই ৰুজু কৰিছিল কেইবাটাও গোচৰ ৷ শনিবাৰৰ নিশাই কৰ্ণাটকলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ এটা দল ৷ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকী যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বুলি চৰ্চা চলিছে (Angkita alleged Srinivas BV )

Case against Srinivas
Case against Srinivas

নিউজ ডেস্ক, 23 এপ্ৰিল : যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি ৷ ইতিমধ্যেই শনিবাৰৰ নিশাই কৰ্ণাটকলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ এটা দল ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তই গোচৰ ৰুজু কৰিছিল শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে ৷ দিছপুৰ থানাত শ্ৰীনিবাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ 509,294,341,352,354,354A(iv) আৰু 506 আৰু IPC RWৰ 67 ধাৰাত ৰুজু হৈছে গোচৰ ৷ অসম আৰক্ষীৰ 4-5 জনীয়া এটা দল কৰ্ণাটকলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে (Case against IYC president Srinivas) ৷

উল্লেখ্য যে, শনিবাৰে অসম যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা বহিষ্কাৰ কৰা হয় অংকিতা দত্তক ৷ দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত নিখিল ভাৰত কংগ্ৰেছে বহিষ্কাৰ কৰে অংকিতা দত্তক ৷ 6 বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয় অংকিতাক ৷ বৃহস্পতিবাৰে দিছপুৰ থানাত অংকিতা দত্তই শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ (Angkita Dutta expelled from Congress) ৷

স্মৰ্তব্য যে, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতন সম্বন্ধীয় কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল । সামাজিক মাধ্যমত উত্থাপন কৰা এই গুৰুতৰ অভিযোগ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংকিতা দত্তৰ সৈতে আলোচনাত বহি সমগ্ৰ বিষয়টো মীমাংসা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল । দলৰ শীৰ্ষ নেতৃত্বৰে সাক্ষাৎ কৰাই সমগ্ৰ বিষয়টো মীমাংসা কৰা হ'ব বুলি ভূপেন বৰাই কোৱাৰ পাচতো অংকিতা দত্তই দিছপুৰ থানাত বহু গুৰুতৰ অভিযোগেৰে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷ ইয়াৰ পাচতেই অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰি দুদিনৰ সময়সীমা বান্ধি দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (Angkita Dutta accuses IYC president) ৷

ইফালে, প্ৰতিবেদনৰ পূৰ্বে উল্লেখ কৰাৰ দৰে কেইবাটাও ধাৰাত শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ এইসমূহ গোচৰৰ ভিত্তিতে যিকোনো মূহুৰ্ততে আৰক্ষীয়ে শ্ৰীনিবাস বিভিক গ্ৰেপ্তাৰ কৰি অসমলৈ লৈ অনাৰ সম্ভাৱনা আছে (Srinivas BV to be arrest)

লগতে পঢ়ক : Angkita Dutta controversy : 6 বছৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল অংকিতা দত্ত

Last Updated :Apr 23, 2023, 9:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.