ETV Bharat / state

গুৱাহাটীত সংগীত পৰিৱেশন কৰিবলৈ আহি অৰিজিৎ হ’ল দিশহাৰা

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 5:26 PM IST

famous-singer-arijit-singh-present-in-guwahati
গুৱাহাটীত সংগীত পৰিৱেশন কৰিবলৈ আহি অৰিজিৎ হ’ল দিশহাৰা

Arijit Singh arrives in Guwahati: গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত শনিবাৰে সন্ধিয়া এক জাক জমকপূৰ্ণ সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আহিছে অৰিজিৎ সিং ৷ কিন্তু বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগেই লাগিল অথন্তৰ ৷ সৃষ্টি হ’ল হাহাকাৰ পৰিস্থিতিৰ ৷কিন্তু কিয় জানেনে ?

অৰিজিৎ সিং

গুৱাহাটী, 16 ডিচেম্বৰ: গুৱাহাটীত অনুষ্ঠান পৰিবেশন কৰিবলৈ আহি অথন্তৰ লাগিল অৰিজিৎ সিঙৰ ৷ হয় আপুনি ঠিকেই বুজিছে আমি ক’ব খোজা ব্যক্তিজন বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিং ৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত শনিবাৰে সন্ধিয়া এক জাকজমকীয়া সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আহিছে অৰিজিৎ সিং ৷ শনিবাৰে দুপৰীয়াৰ ভাগত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰিলে অৰিজিতৰ বিমানখনে ৷ কিছুসময়ৰ পিছত বিমানবন্দৰত প্ৰস্থানৰ বাবে থকা গেটেদি ওলাই আহোঁতে অৰিজিৎ হৈ পৰিল হায়ৰাণ ৷

ইফালে-সিফালে বিচাৰি ফুৰিলে কাৰোবাক ৷ কিন্তু কিবা এটা বিচাৰি থকা অৰিজিতৰ চকুৱে-মুখে দেখা গ’ল অস্বস্তিৰ ছাপ ৷ ইফালে, নিজৰ প্ৰিয় শিল্পীজনক চাবলৈ চৌপাশে অনুৰাগীৰ ভিৰ ৷ তেনে সময়ত অনুৰাগীসকলৰ অভিবাদন গ্ৰহণ কৰাৰ সলনি অৰিজিতৰ চকুৱে বিচাৰি থাকিলে আন কাৰোবাকহে ৷ আনকি এবাৰ গাড়ীত উঠাৰ পিছত গাড়ীৰ পৰাও নামি আহিল অৰিজিৎ ৷ অৱশেষত বিচৰাটো পাই শান্তিত গাড়ীত বহি বিমানবন্দৰৰ পৰা প্ৰস্থান কৰিলে গায়কগৰাকীয়ে ৷ ঘূৰাই পালে নিজৰ হাঁহিটো ৷

আপোনালোকে হয়তো ইমান পৰে ভাবিছে কাক বিচাৰি এইদৰে হাবাথুৰি খালে অৰিজিতে ৷

দৰাচলতে বিমানবন্দৰত অনুৰাগীৰ ভিৰৰ মাজত হেৰাই যোৱা নিজৰ পত্নীক বিচাৰিহে বিমানবন্দৰত চিন্তিত হৈ পৰিছিল অৰিজিৎ সিং ৷ অৱশেষত পত্নীৰ সন্ধান পোৱাৰ পিছতহে যেন স্বস্তিৰ নিশ্বাস ল’লে কণ্ঠশিল্পীগৰাকীয়ে ৷ পত্নীক বিচাৰি পোৱাৰ পিছতহে সপত্নীক পুনৰ গাড়ীত উঠিল অৰিজিৎ সিং ।

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া দৰ্শকক নিজৰ যাদুকৰী কণ্ঠৰে মোহাছন্ন কৰিবলৈ সাজু হৈছে শিল্পী অৰিজিৎ সিং ৷ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত বলীউডৰ নেপথ্য কণ্ঠশিল্পীগৰাকীৰ যাদুকৰী কণ্ঠই এইবাৰ মোহিত কৰিব গুৱাহাটীবাসীক ৷ ইফালে, প্ৰিয় শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ হাহাকাৰ কৰিছে অনুৰাগীয়েও ৷

লগতে পঢ়ক: কাইলৈ মুক্তি পাব ৰোহিত শ্বেট্টী-সিদ্ধাৰ্থ মালহোত্ৰাৰ ৱেব ছিৰিজ ইণ্ডিয়ান পুলিচ ফ’ৰ্চৰ টিজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.