ETV Bharat / entertainment

কাইলৈ মুক্তি পাব ৰোহিত শ্বেট্টী-সিদ্ধাৰ্থ মালহোত্ৰাৰ ৱেব ছিৰিজ ইণ্ডিয়ান পুলিচ ফ’ৰ্চৰ টিজাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 2:51 PM IST

Indian Police Force Teaser: ছবি নিৰ্মাতা ৰোহিত শ্বেট্টী আৰু অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ ৱেব ছিৰিজ ‘ইণ্ডিয়ান পুলিচ ফ’ৰ্চ’ ২০২৪ চনৰ ১৯ ​​জানুৱাৰীত প্ৰাইম ভিডিঅ’ ইণ্ডিয়াত প্ৰিমিয়াৰ হ’ব ৷ ইফালে কাইলৈ মুক্তি পাব ৱেব ছিৰিজখনৰ টিজাৰ ৷

'Force on standby, ready for action': Sidharth Malhotra reveals Indian Police Force teaser release date
ৱেব ছিৰিজ ইণ্ডিয়ান পুলিচ ফ’ৰ্চ টিজাৰ মুকলিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, ১৫ ডিচেম্বৰ : ‘ইণ্ডিয়ান পুলিচ ফ’ৰ্চ’ নামৰ ৱেব ছিৰিজখন অতি সোনকালেই অ’টিটিত মুক্তি পাব ৷ ছবি নিৰ্মাতা ৰোহিত শ্বেট্টী আৰু অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা দুয়োৰে এয়া হ’ব প্ৰথমখন ৱেব ছিৰিজ । এই ৱেব ছিৰিজত বিবেক অবেৰয় আৰু শিল্পা শ্বেট্টীয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । প্ৰাইম ভিডিঅ’ ইণ্ডিয়াত ইয়াৰ প্ৰিমিয়াৰ হ’ব ২০২৪ চনৰ ১৯ ​​জানুৱাৰীত । কিন্তু ইয়াৰ আগতে কাইলৈ ​​অৰ্থাৎ ১৬ ডিচেম্বৰত অনুৰাগীয়ে চাবলৈ পাব ছিৰিজখনৰ টিজাৰ ।

সিদ্ধাৰ্থ মালহোত্ৰাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত এই ৱেব ছিৰিজৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছে । এই পোষ্টাৰত সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে শিল্পা শেট্টী আৰু বিবেক অবেৰয়কো দেখা গৈছে । এই পোষ্টাৰখন শ্বেয়াৰ কৰি সিদ্ধাৰ্থ মালহোত্ৰাই অনুৰাগীৰ সৈতে এটা ভাল খবৰ শ্বেয়াৰ কৰিছে । সিদ্ধাৰ্থ মালহোত্ৰাই লিখিছে, ‘‘ফ’ৰ্চ ষ্টেণ্ড বাই, কাৰ্যৰ বাবে সাজু । ওভাৰ এণ্ড আউট !’’ ইয়াৰ লগতে তেওঁ কয় যে ৱেব ছিৰিজৰ টিজাৰ কাইলৈ ​​অৰ্থাৎ ১৬ ডিচেম্বৰত মুক্তি পাব ।

ৰোহিত শ্বেট্টীয়ে প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰিছে ৱেব ছিৰিজ

পৰিচালক-প্ৰযোজক ৰোহিত শ্বেট্টীয়ে ইয়াৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত এই ছিৰিজখনৰ বিষয়ে কৈছিল, "ইণ্ডিয়ান পুলিচ ফ’ৰ্চ মোৰ প্ৰযোজক হিচাপে যাত্ৰাৰ এক অবিচ্ছেদ্য অংগ, যিটো মই আৰু ৰোহিত শ্বেট্টী পিকচাৰ্ছৰ মোৰ দলটোৰ বহু বছৰৰ কষ্টৰে নিৰ্মাণ কৰিছো । আমাৰ অভিনেতা-অভিনেত্ৰী আৰু ক্ৰুক লৈ মই অতি গৌৰৱান্বিত, যিয়ে এই একচন ছিৰিজখন নিৰ্মাণৰ ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল । এই ধাৰাবাহিকখনে ভাৰতীয় আৰক্ষী বিষয়াসকলৰ সাহস, ত্যাগক সন্মান জনায় ।’’

এই ৱেব ছিৰিজখন ৭ টা খণ্ডৰ

‘ইণ্ডিয়ান পুলিচ ফ’ৰ্চ’ হৈছে ৰোহিত শ্বেট্টীৰ দ্বাৰা নিৰ্মিত সাতটা খণ্ডৰ একচন ভৰ্তি ছিৰিজ । ভাৰতীয় আৰক্ষী বিষয়াৰ দায়বদ্ধতাক শ্ৰদ্ধাঞ্জলি জনোৱা ৰোহিত শ্বেট্টী আৰু সুশান্ত প্ৰকাশে পৰিচালনা কৰা এই ধাৰাবাহিকখনত অভিনয় কৰিছে শ্বেতা তিৱাৰী, নিকিতিন ধীৰ, ঋতুৰাজ সিং, মুকেশ ঋষি আৰু ললিত পৰিমূৱে ।

লগতে পঢ়ক: ফাইটাৰৰ প্ৰথমটি গীত মুকলি, গীতটিত হৃত্বিক-দীপিকাৰ কেমিষ্ট্ৰীয়ে মোহিত কৰিব আপোনাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.