ETV Bharat / state

Gorchuk fraud Case : চাকৰিৰ প্ৰলোভন দি গ্ৰেপ্তাৰ তিনি

author img

By

Published : Nov 26, 2021, 10:57 PM IST

Updated : Nov 27, 2021, 10:43 AM IST

গ্ৰেপ্তাৰ হ’ল স্বাস্থ্য বিভাগৰ ভুৱা কৰ্মী ৷ স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত প্ৰলভন দি প্ৰৱঞ্চনাৰে ধন লুটিবলৈ আহি ৰঙা ঘৰত সোমাল ত্ৰৈলোক্য, প্ৰেম আৰু দিম্পল ৷

fake health worker arrested at gorshuk
গ্ৰেপ্তাৰ হ’ল ভুৱা স্বাস্থ্য বিভাগৰ কৰ্মী

গুৱাহাটী, ২৬ নৱেম্বৰ : প্ৰৱঞ্চকৰে ভৰিছে এতিয়া ৰাজ্য ৷ বিভিন্ন প্ৰৱঞ্চনা কৰি একাংশই লুটিছে ধন ৷ এইবাৰ স্বাস্থ্য বিভাগ (Health Deparment)ত চাকৰি দিয়াৰ প্ৰলভন দি প্ৰৱঞ্চনাৰে ধন লুটাৰ চেষ্টা কৰিছিল একাংশই ৷

কিন্তু দিন বেয়া আছিল বপুৰা কেইটাৰ ৷ স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ প্ৰলভন দি প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চকৰ এটা দল (Police arrested group of fraud) । আটকাধীন প্ৰৱঞ্চক কেইটা ক্ৰমে বিহপুৰীয়াৰ ত্ৰৈলোক্য শইকীয়া, গুৱাহাটীৰ প্ৰেম বাছফৰ আৰু দিম্পল পাঠক বুলি জানিব পৰা গৈছে ।

গ্ৰেপ্তাৰ হ’ল ভুৱা স্বাস্থ্য বিভাগৰ কৰ্মী

প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে গড়চুকৰ হোটেল পৰশুৰামৰ পৰা প্ৰৱঞ্চক কেইটাক আটক কৰা হয় ৷ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে কেইবাজনো পৰীক্ষাৰ্থীক স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ প্ৰলভন দি ভুৱা পৰীক্ষা অনুষ্ঠিত কৰিছিল গড়চুকৰ হোটেল পৰশুৰামত ৷ আনকি শুকুৰবাৰে প্ৰৱঞ্চকৰ দলটোৱে স্বাস্থ্য বিভাগৰ চাকৰিৰ নিযুক্তি পত্ৰ দিয়াৰ নামত গড়চুকৰ হোটেলখনত মাতিছিল কেইবাগৰাকী প্ৰাৰ্থীকো ৷

কিন্তু দশা বেয়া আছিল আটকাধীন প্ৰৱঞ্চককেইটাৰ ৷ এক গোপন তথ্যৰ ভিত্তিত ভুৱা পৰীক্ষা অনুষ্ঠিত হোৱাৰ খবৰ লাভ কৰে গুৱাহাটী আৰক্ষীয়ে ৷ এই খবৰ লাভ কৰিয়েই তৎতকালীনভাৱে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত লগতে তেওঁৰ সৈতে এটা আৰক্ষীৰ দল উপস্থিত হয় সেই স্থানত আৰু হাতে-লুটে ধৰিবলৈ সক্ষম হয় প্ৰৱঞ্চক কেইটাক ৷

আৰক্ষীৰ এই গোপন অভিযানত প্ৰৱঞ্চকৰ দলটোক আটক কৰাৰ লগতে কেইবাখনো ভুৱা নিযুক্তি পত্ৰ, ভুৱা পৰিচয় পত্ৰৰ আৰু বহু ভুৱা নথি-পত্ৰও জব্দ কৰে । লগতে আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে, সমগ্ৰ প্ৰৱঞ্চনাৰ ঘটনাটো ত্ৰৈলোক্য শইকীয়াৰ নেতৃত্বত গঢ়ি উঠিছিল ।

এই চক্ৰটোৱে প্ৰায় ১০০ তকৈ অধিক প্ৰাৰ্থীৰ পৰা স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰে প্ৰতিজন প্ৰাৰ্থীৰ পৰা ২০ হাজাৰ পৰা ডেৰ-দুই লাখ টকালৈ সংগ্ৰহ কৰিছিল । শুকুৰবাৰে হোটেলখনত উপস্থিত আছিল প্ৰায় ৪২ গৰাকী প্ৰাৰ্থী । বৰ্তমান আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তৰ প্ৰক্ৰিয়া ৷

এই চক্ৰটোৰ লগত কোন কোন জড়িত আছে, এই তথ্য তদন্তৰ পিছতহে পোহৰলৈ আহিব । চক্ৰটো কোনো স্বাস্থ্য বিভাগৰ লগত জড়িত নহয় বুলি স্পষ্ট ভাষাৰে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই ৷

লগতে পঢ়ক : নগাঁও আদালতত অধিবক্তাৰ ৰূপত প্ৰৱঞ্চক

Last Updated : Nov 27, 2021, 10:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.