ETV Bharat / state

ছমাহলৈ বৃদ্ধি ন্যায়াধীশ শৰ্মা আয়োগৰ কাৰ্যকাল

author img

By

Published : Jul 9, 2021, 8:26 PM IST

Updated : Jul 9, 2021, 8:43 PM IST

ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এক অধিসূচনা যোগে ৮ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ন্যায়াধীশ শৰ্মা আয়োগৰ কাৰ্যকাল ছমাহৰ বাবে বৃদ্ধি কৰিছে । ২০১৯ বৰ্ষৰ জুলাই মাহত এই ন্যায়িক তদন্ত আয়োগ চৰকাৰে গঠন কৰিছিল ৷

Extension of tenure of Justice Sharma Commission
6 মাহলৈ বৃদ্ধি ন্যায়াধীশ শৰ্মা আয়োগৰ কাৰ্যকাল বৃদ্ধি

গুৱাহাটী, ৯ জুলাই : কুখ্যাত ৰাকেশ পালৰ কাৰ্যকালত ২০১৩ বৰ্ষত অসম লোকসেৱা আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ কাৰ্যকাল ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে । ২০১৯ বৰ্ষৰ জুলাই মাহত এই ন্যায়িক তদন্ত আয়োগ চৰকাৰে গঠন কৰিছিল ৷ কিন্তু আয়োগৰ কাৰ্যকাল ৭ জুলাইত অন্ত পৰাত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এক অধিসূচনা যোগে ৮ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ন্যায়াধীশ শৰ্মা আয়োগৰ কাৰ্যকাল ছমাহৰ বাবে বৃদ্ধি কৰিছে ।

২০১৯ চনৰ জুলাই মাহতেই অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বতে এখন উচ্চ ক্ষমতা সম্পন্ন সমিতি গঠন কৰি দিছিল । সেই সমিতিৰ প্ৰতিবেদন দাখিলৰ সমান্তৰালভাৱে শৰ্মা আয়োগে লোকসেৱাৰ নিযুক্তি কেলেংকাৰীৰো তদন্ত অব্যাহত ৰাখিছিল । ইতিমধ্যে ২০১৩ বৰ্ষত সন্দেহজনকভাৱে অসম লোকসেৱা আয়োগ (APSC)ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়াও কৰ্মৰত হৈ থকা ১৯ গৰাকী এ পি এছ(APS), এ চি এছ(ACS) আৰু সংযুক্ত সেৱাৰ বিষয়ালৈ ন্যায়াধীশ শৰ্মা আয়োগে পোন্ধৰ দিনৰ ভিতৰত উত্তৰ বিচাৰি জাননী জাৰি কৰিছে ৷

Extension of tenure of Justice Sharma Commission
6 মাহলৈ বৃদ্ধি ন্যায়াধীশ শৰ্মা আয়োগৰ কাৰ্যকাল

উল্লেখ্য যে, ১৯ গৰাকী এ পি এছ(APS), এ চি এছ(ACS) আৰু সংযুক্ত সেৱাৰ বিষয়ালৈ ন্যায়াধীশ শৰ্মা আয়োগে পোন্ধৰ দিনৰ ভিতৰত উত্তৰ বিচাৰি জাননী জাৰি কৰিছে যদিও ইয়াৰে পাঁচ গৰাকীয়েহে এতিয়ালৈকে আয়োগৰ ওচৰত উত্তৰ দাখিল কৰিছে ।

ইপিনে, ২০১৩ বৰ্ষৰ মৌখিক পৰীক্ষাৰ সকলো তথ্য পাতি ৭ জুলাইৰ ভিতৰত বিচাৰি ইতিমধ্যে অসম লোকসেৱা আয়োগলৈ ন্যায়াধীশ শৰ্মা আয়োগে জাননী জাৰি কৰিছিল ৷ এই সমস্ত তথ্য নিৰ্দিষ্ট সময়ত দাখিল কৰাত ব্যৰ্থ হয় অসম লোকসেৱা আয়োগ । প্ৰাপ্ত তথ্য অনুসৰি, উক্ত মৌখিক পৰীক্ষাৰ সমস্ত তথ্যপাতি দাখিলৰ বাবে আৰু পোন্ধৰ দিন সময় বিচাৰি ন্যায়াধীশ শৰ্মা আয়োগলৈ পত্ৰ পঠিয়াইছে লোকসেৱা আয়োগে ।

লগতে পঢ়ক: লোকসেৱা কেলেংকাৰী : তদন্ত আয়োগৰ কাষ চাপিল পাঁচ APS-ACS বিষয়া

Last Updated : Jul 9, 2021, 8:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.