ETV Bharat / state

Singer Padmanabha Bordoloi: পৃথক মনৰ পদ্মনাভৰ মনৰ কথাৰে

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 7:24 AM IST

গুৱাহাটীত নিজৰ ঘৰ থকাৰ পিচতো কিয় ঘৰৰ পৰা পৃথকৈ থাকে কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ ? সংগীত ক্ষেত্ৰখনত কেতিয়াৰ পৰা তেওঁ জড়িত হৈ আছে ? সংগীতৰ ওপৰিও আৰু কি কি কাম কৰি ভাল পায় কণ্ঠশিল্পীগৰাকীয়ে ? এই সন্দৰ্ভত এক আছুতীয়া সাক্ষাৎকাৰ ।

Exclusive interview with singer Padmanabha Bordoloi
পৃথক মনৰ পদ্মনাভৰ কথাৰে

পৃথক মনৰ পদ্মনাভৰ কথাৰে

গুৱাহাটী,১৭ ছেপ্টেম্বৰ: এগৰাকী ব্যতিক্ৰমী সংগীত শিল্পী । যাৰ ব্যক্তিত্বই মুগ্ধ কৰে সকলোকে । কণ্ঠত মোহচন্ন হয় হাজাৰ হাজাৰ শ্ৰোতা । সংগীতক্ষেত্ৰত এক সুকীয়া পৰিচয় আছে কণ্ঠশিল্পী পদ্মনাভ বৰদলৈৰ । বহু কেইটা ৰিয়েলিটি শ্ব'ত অসমক প্ৰতিনিধিত্ব কৰিছে পদ্মনাভ বৰদলৈয়ে । ৰিয়েলিটি শ্ব' 'ইণ্ডিয়ান আইডল' ৰ অসমৰ প্ৰথমগৰাকী ফাইনেলিষ্ট হৈছে পদ্মনাভ বৰদলৈ ।

সৰুৰে পৰা সংগীতৰ প্ৰতি বিশেষ ধাউতি আছিল কণ্ঠশিল্পীগৰকীৰ । শৈশৱত প্ৰয়াত শিল্পী সুদক্ষিনা শৰ্মাৰ আশীৰ্বাদ লাভ কৰিছিল পদ্মনাভ বৰদলৈয়ে । নিজৰ দৈনন্দিন জীৱনৰ প্ৰতিটো কাম নিজেই কৰি ভাল পায় কণ্ঠশিল্পীগৰাকীয়ে । পাকঘৰৰ কামৰ পৰা আৰম্ভ কৰি ঘৰখন সজাই ৰখালৈ সকলো কাম নিজেই কৰে শিল্পীগৰাকীয়ে ।

এই ক্ষেত্ৰত তেওঁ মন্তব্য কৰি কয়, "মই নিজৰ কামসমূহ সদায় নিজেই কৰি ভালপাওঁ । সেইবাবেই মোৰ ঘৰত কোনো ধৰণৰ ব্যক্তিগত সহায়িকা নাই ৰখা ।" পদ্মনাভ বৰদলৈৰ জন্ম হৈছিল গুৱাহাটীৰ উজান বজাৰত । বৰ্তমান তেওঁ অম্বিকাগিৰী নগৰৰ বাসিন্দা । নিজৰ পৰিয়ালৰ লগত নাথাকি কিয় বেলেগে থাকে বুলি সোধাৰ প্ৰশ্নৰ উত্তৰত শিল্পী গৰাকীয়ে কয়, "সংগীত কৰিবলৈ এজন শিল্পীক এটুকুৰা সুকীয়া ঠাই লাগে । সেয়ে ২০১৮ চনত নিজৰ উপাৰ্জনৰ পইচাৰে মই ফ্লেট কিনিলো । মই সদায় নিজৰ পৰিচয় দি ভাল পাওঁ । কেতিয়াবা মই ৰাতি শ্ব' কৰি আহোঁ লগতে যিহেতু মই সংগীতৰ শিক্ষাও প্ৰদান কৰো সেইবোৰ কাৰণতেই মই নিজৰ ঘৰত বেলেগকৈ থাকোঁ ।"

এটা ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত এগৰাকী যুৱতীৰ লগত প্ৰথম প্ৰেম হৈছিল কণ্ঠশিল্পীগৰাকীৰ । তাৰ পিছত বহু প্ৰেম আহিল আৰু গ'ল । বৰ্তমান বিয়াৰ বাবে ছোৱালী বিচাৰি আছে কণ্ঠশিল্পীগৰাকীয়ে । উপযুক্ত কাৰোবাক জীৱন সংগী হিচাপ পালে শীঘ্ৰেই বিয়াত বহিব শিল্পীগৰাকীয়ে । জনপ্ৰিয় হৈয়ো সাধাৰণভাৱে থকা শিল্পীগৰাকীৰ সৈতে ETV ভাৰত অসমৰ এক আছুতীয়া সাক্ষাৎকাৰত কৈ গ'ল আৰু বহু কথা ।

লগতে পঢ়ক: New Assamese film kanndari:অ’ টি টি প্লেটফৰ্মত চলচ্চিত্ৰ ‘কাণ্ডাৰী’ ৰ মুক্তিলাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.