ETV Bharat / state

আলফাৰে শান্তি আলোচনা এতিয়া লক ডাউনতঃ অনুপ চেতিয়া

author img

By

Published : Jun 17, 2020, 10:28 PM IST

আলফা-চৰকাৰৰ শান্তি আলোচনা সম্প্ৰতি কি পৰ্যায়ত আছে, সেই সম্বন্ধে ই টিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নিজৰ মন্তব্য প্ৰকাশ কৰিলে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৷

as_ghy_02_anup_chetia_one_to_one_7206058
as_ghy_02_anup_chetia_one_to_one_7206058

গুৱাহাটী, 17 জুনঃ বহু চৰ্চিত আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা এতিয়া কি পৰ্যায়ত আছে ? দেশৰ এনে পৰিৱৰ্তিত পৰিস্থিতিত হঠাতে যেন গুৰুত্বহীন হৈ পৰিল আলফা-চৰকাৰৰ আলোচনা ! কাৰ্যতঃ শান্তি আলোচনা কি পৰ্যায়ত আছে ? ই টিভি ভাৰতে এই বহু চৰ্চিত আলোচনাৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে সবিশেষ জনাৰ চেষ্টা কৰিছিল আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ পৰা ।

আলফাৰে শান্তি আলোচনা এতিয়া লক ডাউনতঃ অনুপ চেতিয়া

চেতিয়াৰ মতে আন সকলোৰে দৰে আলফা-চৰকাৰৰ মাজৰ আলোচনাও এতিয়া সোমাই পৰিছে "লকডাউন"ৰ মাজত । কিয়নো এই আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছিল ২০১১ চনত । আজি ন বছৰে স্বাক্ষৰ নহ'ল আলফা-চৰকাৰৰ মাজত শান্তি চুক্তি । ইয়াৰ কাৰণ কি সেয়াও এক ডাঙৰ প্ৰশ্ন । প্ৰথমাৱস্থাত ভাৰত চৰকাৰে এই আলোচনাৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ মধ্যস্থতাকাৰী হিচাপে নিয়োগ কৰিছিল পি চি হালদাৰক । পৰৱৰ্তী পৰ্যায়ত তেওঁক আঁতৰাই আন এগৰাকী মধ্যস্থতাকাৰী নিয়োগ কৰা হয় আৰু সৰ্বশেষত এ.বি মাথুৰক দিয়া হয় মধ্যস্থতাকাৰীৰ দায়িত্ব । সেই সময়তে আলফাই তেওঁলোকৰ ফালৰ পৰা দাবী চনদো দাখিল কৰে । কেইবালানি আলোচনাও অনুষ্ঠিত হয় । ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰা শান্তি আলোচনাৰ প্ৰক্ৰিয়াই কোনো গতি লাভ কৰা নাই বুলি ই টিভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত অনুপ চেতিয়াই প্ৰকাশ কৰে ।

আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

আনকি ২০১৯ চনৰ ডিচেম্বৰ মাহত মধ্যস্থতাকাৰী মাথুৰে দিল্লীত ঘোষণাও কৰিছিল যে, আলফাৰে শান্তি আলোচনা প্ৰায় সমাপ্তিৰ পথত । দুই এমাহৰ ভিতৰতে শান্তি চুক্তি স্বাক্ষৰ হ'ব । কিন্তু কাৰ্যত: তেনেকুৱা একোৱেই নঘটিল । সেয়েহে অনুপ চেতিয়াৰ ভাষ্য- আলোচনাৰ প্ৰক্ৰিয়া এতিয়া "লকডাউন"ত । আনহাতে, ৰাজ্যত শেহতীয়াকৈ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহে তৃতীয় মৰ্চা গঠনৰ এক কুচকাৱাজ আৰম্ভ কৰিছে । এই প্ৰক্ৰিয়াত আলফা বা অলফাৰ উদ্যোগত গঠিত "খিলঞ্জীয়া মঞ্চ" জড়িত হ'ব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ পোনচাটেই এনে সম্ভাৱনা নাকচ কৰে ।

লগতে পঢ়কঃ দায়বদ্ধ তথা মানৱ কেন্দ্ৰিক উন্নয়নৰ অৰ্থে জি পি এ আইৰ প্ৰতিষ্ঠাতা সদস্য হিচাপে যোগদান ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.