ETV Bharat / state

Excise department raid in Guwahati: মহানগৰীত আবকাৰী বিভাগৰ অভিযান

author img

By

Published : Nov 23, 2022, 4:30 PM IST

Crime in Guwahati
মহানগৰীত আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান

মহানগৰীৰ বোন্দা, উলুবাৰী, কছাৰীবস্তি, চপাইদাং আদি অঞ্চলত চুলাইৰ ৰমৰমীয়া বেহা । ইয়াৰ মাজতেই সুৰা বিৰোধী অভিযান তীব্ৰতৰ কৰিছে কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগে (Kamrup Excise Department raid in Guwahati) ।

গুৱাহাটী, ২৩ নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে অবৈধ চুলাইৰ বেহা (Illicit liquor trade in Assam)। ৰাজ্য়খনৰ আন ঠাইৰ লগতে একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীৰ চুকে কোণে বিক্ৰী কৰি আছে চুলাই । ইয়াৰ মাজতেই মহানগৰীৰ বিভিন্ন স্থানত অবৈধ চুলাইৰ বিৰুদ্ধে আৱকাৰী বিভাগে চলালে অভিযান (Illegal liquor trade in Guwahati)।

মহানগৰীত আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান

গুৱাহাটী মহানগৰীত সুৰা বিৰোধী অভিযান পুনৰ তীব্ৰতৰ কৰি তুলিছে কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগে (Kamrup Metropolitan District Excise Department)। আবকাৰী বিভাগৰ গুৱাহাটী সদৰৰ এটা দলে বুধবাৰে উলুবাৰী ,কছাৰীবস্তি,বোন্দা ,চপাইদাং,ধূপগুৰি,প্ৰেম নগৰ আদিকে ধৰি কেতবোৰ স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও চুলাই ঘাটি উচ্ছেদ কৰে । এই দলটোৱে লগতে বৃহৎ পৰিমাণৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হয় (Excise Department raid in Guwahati)। কামৰূপ(ম) আবকাৰী বিভাগৰ সহকাৰী উপ-অধীক্ষক কুঞ্জ হৰি শৰ্মা আৰু আবকাৰী পৰিদৰ্শক অভিজিত বৰাৰ নেতৃত্বত চলা এই অভিযানত চুলাইত ব্যৱহাৰ কৰা ২৫০০ কিলোগ্ৰাম পাচ,৩৫০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে শতাধিক বাচন ভাঙি পেলায় ।

ইফালে,উক্ত ঘটনা সন্দৰ্ভত আবকাৰী বিভাগে কছাৰীবস্তিৰ পৰা গ্ৰেপ্তাৰ কৰে এজন লোকক । উল্লেখ্য যে বিগত কিছুদিনৰ পৰা বোন্দা,উলুবাৰী,কছাৰীবস্তি, চপাইদাং আদি অঞ্চলত চুলাইৰ ৰমৰমীয়া বেহা চলাই আহিছে একাংশ লোকে (Excise Department raid against local liquor) । আনহাতে,উজানবজাৰ, আঠগাঁও,ভূতনাথ কালীপুৰ আদি অঞ্চলতো চলি আছে এনে বেহা ।

লগতে পঢ়ক:Assam Meghalaya Conflict : উত্তজনা অব্যাহত, অসম চৰকাৰৰ নৰম স্থিতিৰ বিপৰীতে সৰৱ মেঘালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.