Assam Meghalaya Conflict : উত্তেজনা অব্যাহত, অসম চৰকাৰৰ নৰম স্থিতিৰ বিপৰীতে সৰৱ মেঘালয়

author img

By

Published : Nov 23, 2022, 1:09 PM IST

Updated : Nov 23, 2022, 4:54 PM IST

border tense

মেঘালয়ৰ প্ৰান্তে প্ৰান্তে অসমৰ বহু বাহনৰ ওপৰত আক্ৰমণ চলোৱা হৈছে (tense situation in Meghalaya) । যাত্ৰীবাহী ট্ৰেভেলাৰত শিলগুটি নিক্ষেপ কৰাৰ ঘটনা সংঘটিত হৈছে । অসমৰ লোকক মেঘালয়ত অশ্লীল গালি-গালাজ কৰা হৈছে । প্ৰাণে মৰাৰ ভাবুকিও দিছে খাচীয়া দুৰ্বৃত্তই । প্ৰাণৰ মমতাত মেঘালয় এৰিছে অসমৰ লোকে । এতিয়াও অসমৰ বহু লোক আবদ্ধ হৈ আছে শ্বিলঙৰ হোটেলত (people from Assam stranded in Shillong) । আছে বহিঃৰাজ্যৰ লোক । পৰ্যটকসহ ৩২ খনৰো অধিক বাহন শ্বিলঙত আবদ্ধ হৈ আছে । আজিও খানাপাৰা আৰু যোৰাবাটত মেঘালয় অভিমুখে যোৱা অসমৰ বাহন আৰু অসমৰ লোকসকলক ঘূৰাই পঠিওৱা হৈছে ।

গুৱাহাটী, ২৩ নৱেম্বৰ : পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰত সংঘটিত ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Assam Meghalaya border dispute) । মঙলবাৰে সংঘটিত ঘটনাত অসমৰ এজন বনৰক্ষী আৰু ৫ জন খাচী লোকৰ মৃত্যু হৈছিল । এই ঘটনা এতিয়া মুক্ৰতে আবদ্ধ হৈ থকা নাই (firing in west Karbi Anglong) । ঘটনাটোক কেন্দ্ৰ কৰি মেঘালয় ৰাজ্য উত্তপ্ত হৈ পৰিছে । মঙলবাৰে নিশা শ্বিলঙত অসমৰ বাহন জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে ।

উত্তজনা অব্যাহত, অসম চৰকাৰৰ নৰম স্থিতিৰ বিপৰীতে সৰৱ মেঘালয়

জানিব পৰা মতে, শ্বিলঙত অসমৰ কেইবাখনো বাহনৰ ওপৰত আক্ৰমণ চলোৱা হৈছে (tense situation in Meghalaya) । আক্ৰমণৰ ঘটনা আজিও অব্যাহত আছে বুলি জানিব পৰা গৈছে । অসমৰ পঞ্জীয়নৰ বাহন দেখিলেই খাচীয়াই কৰে আক্ৰমণ । মেঘালয়ৰ প্ৰান্তে প্ৰান্তে অসমৰ বহু বাহনৰ ওপৰত আক্ৰমণ চলোৱা হৈছে (attack on Assamese people in Meghalaya) । যাত্ৰীবাহী ট্ৰেভেলাৰত শিলগুটি নিক্ষেপ কৰাৰ ঘটনাও সংঘটিত হৈছে ।

তদুপৰি, অসমৰ লোকক মেঘালয়ত অশ্লীল গালি-গালাজ কৰা হৈছে । প্ৰাণে মৰাৰ ভাবুকিও দিছে খাচীয়া দুৰ্বৃত্তই । প্ৰাণৰ মমতাত মেঘালয় এৰিছে অসমৰ লোকে । এতিয়াও অসমৰ বহু লোক আবদ্ধ হৈ আছে শ্বিলঙৰ হোটেলত । ইফালে মঙলবাৰৰ পৰাই অসমৰ লোকসকলক মেঘালয়লৈ যোৱাৰ ক্ষেত্রত অসম আৰক্ষীয়ে বাধা প্ৰদান কৰিছে (Assam Police) । পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে অসম চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে । যাৰফলত বহু লোকে মেঘালয়লৈ যাব পৰা নাই ।

কেৱল অসমৰ লোকেই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ লোকো গুৱাহাটীত আবদ্ধ হৈ পৰিছে । আজিও গুৱাহাটীৰ খানাপাৰা আৰু যোৰাবাটত মেঘালয় অভিমুখে যোৱা অসমৰ বাহন আৰু অসমৰ লোকসকলক ঘূৰাই পঠিওৱা হৈছে । অসমৰ পঞ্জীয়ন থকা তথা অসমৰ চালকক লৈ বহিঃৰাজ্যৰ লোকসকলকো মেঘালয়লৈ যাবলৈ দিয়া নাই অসম আৰক্ষীয়ে । খানাপাৰা আৰু যোৰাবাটৰ পৰা সকলোকে উভতাই পঠিওৱা হৈছে । ফলত বহু লোক আবদ্ধ হৈ পৰিছে (Assam Meghalaya Conflict) ।

ইফালে মেঘালয়লৈ যাবলগীয়া বহু লোকে গুৱাহাটীতে অৱস্থান কৰিবলগীয়া হৈছে । আনহাতে, মঙলবাৰেও পৰিস্থিতি বিষম দেখি অসমৰ বহু লোক শ্বিলঙৰ পৰা উভতি আহিছে । ইফালে অসমৰ পঞ্জীয়নকৃত বহু বাহন আবদ্ধ হৈ আছে মেঘালয়ত । জানিব পৰা মতে, পৰ্যটকসহ ৩২ খনৰো অধিক বাহন শ্বিলঙত আবদ্ধ হৈ আছে । বাহনসমূহৰ লগতে পৰ্যটকসকলক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে । বৰাপানীতো আবদ্ধ হৈ আছে বহু বাহন । পৰিস্থিতি আৰু অধিক বেয়া হোৱাৰ আশংকা কৰি অসম আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে মেঘালয়ত থকা অসমৰ লোকসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে মেঘালয় আৰক্ষীৰে যোগাযোগ অব্যাহত ৰাখিছে ।

ইফালে মঙলবাৰেই মেঘালয়ৰ কেইবাখনো জিলাত ইণ্টাৰনেট (Internet service closed in parts of Meghalaya) সেৱা বন্ধ কৰি দিয়াৰ লগতে সকলো ধৰণৰ চৰকাৰী কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই (Meghalaya CM Conrad Sangma)। এই ঘটনা সন্দৰ্ভত অসম চৰকাৰক দোষাৰোপ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই । আজি মেঘালয়ৰ মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰাৰ কথা আছে ।

আনহাতে, অসম চৰকাৰে ঘটনা সংঘটিত হোৱাৰ পাছতে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰাৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ এছ পি ইমদাদ আলিক বদলি কৰে (SP transfered in Meghalaya issue) । তদুপৰি, কৰ্তব্যত গাফিলতিৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিণ্ডেম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাজল নাথক নিলম্বন কৰে । লগতে খেৰনি ফৰেষ্ট ৰেঞ্জৰ বন সুৰক্ষা বিষয়া চিকাৰী ইংসিক নিলম্বন কৰে । অসম চৰকাৰে গুলীয়াগুলীত নিহত ৬ জন লোকৰ নিকট আত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্যও ঘোষণা কৰিছে । ইফালে ঘটনাটোত জড়িত অসম আৰক্ষী আৰু বন বিভাগৰ সকলোকে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে । অসম চৰকাৰে সমস্ত ঘটনাটো কেন্দ্ৰীয় অনুসন্ধানকাৰী এজেন্সীক দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অসম চৰকাৰৰ এনে স্থিতিৰ বিপৰীতে কিন্তু মেঘালয় চৰকাৰ সৰৱ হৈ পৰিছে । উল্লেখ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ বনাঞ্চলত মেঘালয়ৰ চোৰাং কাঠ ব্যৱসায়ী প্ৰৱেশ কৰি মূল্যৱান গছ-গছনি কাটি চলাই অহা অবাধ লুণ্ঠনৰ বিষম পৰিণতিতে মঙলবাৰে পুৱা অকস্মাতে অসমৰ আৰক্ষী, বনৰক্ষী আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলাৰ সীমান্তৱৰ্তী নাগৰিকৰ মাজত সংঘটিত হয় এই অনাকাংক্ষিত ভয়ংকৰ সংঘর্ষ । দুয়ো ৰাজ্যৰ সীমান্তত অৱস্থিত মূল্যৱান গছ-গছনিৰে ভৰপূৰ সমগ্ৰ মুক্ৰ অঞ্চল অসম আৰু মেঘালয় পৰস্পৰে নিজৰ ভূ-খণ্ড বুলি দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে আৰু এই মুক্ত বনাঞ্চলত থকা বনজ সম্পদ মেঘালয়ৰ দুর্বৃত্তই অবাধে লুট কৰি লৈ যোৱাক লৈ পূৰ্বতেও বহুবাৰ সংঘাতৰ সৃষ্টি হৈছিল ।

ইফালে সীমান্তৱর্তী দুর্গম অঞ্চলটোত আতংক-উত্তেজনা ইমানেই বৃদ্ধি পাইছে যে ঘটনাৰ পিচত অসমৰ সীমান্তৱর্তী বাসিন্দাসকলে গাঁও এৰি জিৰিকিতেং আৰু মকৈলুমলৈ পিছুৱাই আহি আশ্রয় লৈছে । উল্লেখ্য যে সীমান্তৰ এনে উত্তেজনাময় পৰিস্থিতিৰ মাজত লাচিত দিৱসৰ বাবে দিল্লীত আছে অসমৰ মুখ্যমন্ত্রীকে ধৰি মন্ত্ৰী, বিধায়কসহ ৰাজ্যৰ সকলো শীৰ্ষ বিষয়া । আনকি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰো সকলো নেতা, স্থানীয় বিধায়ক লাচিত দিৱসৰ বাবে আছে দিল্লীত ।

যাৰ বাবে ঘটনাস্থলীত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া হিচাপে একমাত্ৰ ডি আই জি সত্যৰাজ হাজৰিকাহে উপস্থিত আছে । ইয়াৰ পৰিৱৰ্তে মেঘালয়ৰ স্বয়ং গৃহ মন্ত্ৰী, স্থানীয় বিধায়ক, উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ বৃহৎ দলে মুক্ৰত বহি পৰিস্থিতি তদাৰক কৰাত ব্যস্ত হৈছে । ইয়াৰ উপৰি মেঘালয় চৰকাৰে ঘটনা সংঘটিত হোৱাৰ পিছতে কেবিনেট বৈঠক অনুষ্ঠিত কৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি মেঘালয়ত ৩০ নৱেম্বৰ পৰ্যন্ত সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰা হৈছে ।

মেঘালয়ত আয়োজন কৰা সকলো উৎসৱ বাতিল কৰা হৈছে । ঘটনা সন্দৰ্ভত মেঘালয় চৰকাৰে দিল্লীত মানৱ অধিকাৰ সংস্থাৰ বিষয়াৰ সৈতেও আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এছ আই টিও গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আজি উপ-মুখ্যমন্ত্ৰীসহ মেঘালয়ৰ কেইবাজনো মন্ত্ৰীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰিব । ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শীঘ্ৰে সমগ্ৰ ঘটনা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক অৱগত কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে চাংমাই আক্ৰমণাত্মক স্থিতিৰে সমগ্ৰ ঘটনাৰ বাবে প্ৰত্যক্ষভাৱে অসমক দোষাৰোপ কৰি অসম আৰক্ষী, বন সুৰক্ষা কৰ্মীয়েহে নিয়ম উলংঘাৰে সীমা অতিক্রমি মেঘালয়ৰ মাটিত এনেদৰে আক্ৰমণ চলোৱা বুলি দাবী কৰিছে ।

লগতে পঢ়ক :Border Dispute : অসম আৰু মেঘালয়ৰ সীমাবিবাদৰ ইতিহাস

Last Updated :Nov 23, 2022, 4:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.