ETV Bharat / state

বৰ্ষাপাৰা ষ্টেডিয়ামত হেয়াৰ ড্ৰায়াৰ বনাম তৰুণ গগৈ

author img

By

Published : Jan 6, 2020, 6:12 PM IST

Updated : Jan 6, 2020, 6:26 PM IST

ৰাজ্য চৰকাৰক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আক্ৰমণ। আমি নিৰ্মাণ কৰি দিয়া ষ্টেডিয়ামৰ পিটচখনকে বৰষুণৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে এইখন চৰকাৰে বুলি মন্তব্য কৰি চৰকাৰক তুলাধুনা তৰুণ গগৈৰ ।

বৰ্ষাপাৰা ষ্টেডিয়াম
বৰ্ষাপাৰা ষ্টেডিয়ামত হেয়াৰড্ৰাইয়াৰ বনাম তৰুণ গগৈ

গুৱাহাটী,6 জানুৱাৰীঃ 5 জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি-২০ খেলখন বৰষুণৰ বাবে অনুষ্ঠিত নোহোৱাত অসম চৰকাৰ আৰু অসম ক্ৰিকেট সন্থা সন্মুখীন হৈছে তীব্ৰ সমালোচনাৰ । প্ৰতিকূল বতৰকো নেওচি ক্ৰিকেটপ্ৰেমী অসমবাসী ৰাইজে ৰৈ আছিল ষ্টেডিয়ামত ৷ কিন্তু ক্ৰিকেট ফিল্ডৰ পিট্চ শুকুৱাবলৈ অসম ক্ৰিকেট সন্থাই হেয়াৰড্ৰায়াৰ আৰু ইস্ত্ৰি ব্যৱহাৰ কৰা দৃশ্যই এতিয়া সামাজিক মাধ্যমত হাঁহিয়াতৰ পাত্ৰ সজাইছে অসম ক্ৰিকেট সন্থাক ।

বৰ্ষাপাৰা ষ্টেডিয়ামত হেয়াৰড্ৰাইয়াৰ বনাম তৰুণ গগৈ

সোমবাৰে অসম ক্ৰিকেট সন্থাৰ এই অদ্ভুত ব্যৱস্থাক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্য চৰকাৰ আৰু অসম ক্ৰিকেট সন্থাক আক্ৰমণ কৰি কয়, "আমি নিৰ্মাণ কৰি দিয়া ষ্টেডিয়ামৰ পিটচখনকে বৰষুণৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে এইখন চৰকাৰে । অসম চৰকাৰ পিটচখন ভালকৈ ঢাকিব নোৱাৰাৰ ফলত সমগ্ৰ বিশ্ববাসীৰ ওচৰত লজ্জানত কৰিলে অসমবাসীক ।" এই ঘটনাৰ তদন্তৰ দাবীও জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

তাৰোপৰি, গগৈয়ে ৰাজ্য চৰকাৰক আক্ৰমণ কৰি আৰু কয় যে,বৰ্তমান পৰ্যন্ত এখনো ষ্টেডিয়াম নিৰ্মাণ কৰিব নোৱাৰা চৰকাৰখনে ৰাজ্যখনক খেলৰ ৰাজ্য হিচাপে গঢ়ি তুলিব বিচৰাতো হাস্যকৰ ।

লগতে পঢ়কঃ সুখবৰঃ শীঘ্ৰেই পাকিস্তানৰ কাৰাগাৰ পৰা উভটিব অসমৰ সীমান্ত

Intro:ৰাজ্য চৰকাৰক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আক্ৰমণ। আমি নিৰ্মাণ কৰি দিয়া ষ্টেডিয়ামৰ পিটচখনকে বৰষুণৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে এইখন চৰকাৰে বুলি মন্তব্য কৰি চৰকাৰক তুলাধুনা তৰুণ গগৈৰ।


Body:যোৱা ৫ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি২০ খেলখন বৰষুণৰ বাবে অনুষ্ঠিত নোহোৱাত অসম চৰকাৰ আৰু অসম ক্ৰিকেট সন্থা সন্মূখীত হৈছে তীব্ৰ সমালোচনাৰ। বিশেষকৈ ক্ৰিকেট ফিল্ডৰ পিটচ শুকুৱাবলৈ অসম ক্ৰিকেট সন্থাই হেয়াৰড্ৰাই আৰু ইস্ত্রি ব্যৱহাৰ কৰা দৃশ্য এতিয়া সামাজিক মাধ্যমত হাঁহিয়াতৰ পাত্ৰ সজাইছে অসম ক্ৰিকেট সন্থাক। অসম ক্ৰিকেট সন্থাৰ এই অদ্ভুত ব্যৱস্থাকলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্য চৰকাৰ আৰু অসম ক্ৰিকেট সন্থাক আক্ৰমণ কৰি কয় আমি নিৰ্মাণ কৰি দিয়া ষ্টেডিয়ামৰ পিটচখনকে বৰষুণৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে এইখন চৰকাৰে। অসম চৰকাৰ পিটচখন ভালকৈ ঢাকিব নোৱাৰাৰ ফলত সমগ্ৰ বিশ্ববাসীৰ ওচৰত আমি লজ্জিত হ'ব লগা হ'ল। এই ঘটনাৰ তদন্তৰ দাবীও জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাইট : তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী


Conclusion:গগৈয়ে ৰাজ্য চৰকাৰক আক্ৰমণ কৰি আৰু কয় যে এখনো ষ্টেডিয়াম নিৰ্মাণ কৰিব নোৱাৰা চৰকাৰখনে ৰাজ্যখনক খেলৰ ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰিছে। চৰকাৰখনে মাছৰ তেলেৰে মাছ ভাজিব বিচৰিছে।
Last Updated : Jan 6, 2020, 6:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.