ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তৰ আজি ওপজা দিন

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 8:17 PM IST

Prafulla Mahanta Birthday
প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তৰ আজি ওপজা দিন

Prafulla Mahanta Birthday: শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই উদযাপন কৰিলে 72 সংখ্যক ওপজা দিন ৷ অৱশ্যে ক্ষমতাত থকাৰ কালত যি পৰিৱেশ দেখা গৈছিল, সেই পৰিৱেশ এতিয়া নাই ৷ অগপৰ দুগৰাকীমান নেতাৰ বাহিৰে বিশেষ লোকে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনোৱা দেখা নগ’ল ৷ অনুষ্টুপীয়া আয়োজনহে দেখা গ’ল একালৰ প্ৰতাপী ৰাজনীতিকগৰাকীৰ জন্মদিনত ৷

প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তৰ আজি ওপজা দিন

গুৱাহাটী, ২৩ ডিচেম্বৰ: এসময়ত লোকাৰণ্য হৈ থকা ঘৰখন আজি একপ্ৰকাৰ নীৰৱ-নিস্তব্ধ । নাই কোনো বিশেষ ব্যস্ততা তথা মানুহৰ সমাগম । এটা সময় আছিল যেতিয়া তেওঁৰ চৌদিশে সকলো সময়তে আছিল মানুহৰ সমাগম । কাৰণ তেতিয়া সময় তেওঁৰ আছিল । কিন্তু এতিয়া সেই সময় কেৱল মাথো ইতিহাস । সময় গতিশীল আৰু এই গতিশীল সময়ত বহু কথাই ইতিহাস হৈ পৰে । এসময়ত ৰাজনীতিৰ ক্ষেত্ৰখনত দপদপাই থকা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ আজি ৭২ সংখ্যক ওপজা দিন ।

এটা সময় আছিল যেতিয়া তেওঁৰ ওপজা দিনত তেওঁক প্ৰথমে শুভেচ্ছা জনাবৰ বাবে ৰাজনৈতিক আৰু অৰাজনৈতিক ক্ষেত্ৰৰ অগণন লোকে হেতা-ওপৰা লগাইছিল । ঠাইৰ অভাৱ ঘটিছিল শুভেচ্ছাৰ উপহাৰৰ বাবে । কিন্তু আজি সেই পৰিৱেশ নাই । তেওঁৰ বাসগৃহত নাই জন সমাগম । শুভেচ্ছা জনাবলৈ নাই ভিৰ ।

সৰ্বকনিষ্ঠ মুখ্যমন্ত্ৰী হিচাবে অভিলেখ গঢ়া তথা দুবাৰকৈ মুখ্যমন্ত্ৰী আসনত বহা প্ৰফুল্ল কুমাৰ মহন্তৰ ওপজা দিন আজি তেওঁৰ এম এল এ হোষ্টেলৰ ঘৰত তেনেই অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় । এসময়ত অন্তহীন ব্যস্ততাৰ মাজত থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আজি পৰিয়ালৰ মাজতে সীমাবদ্ধ ।

মুখ্যমন্ত্ৰী হৈ থকা সময়ত যিজন ব্যক্তিৰ আশীৰ্বাদত বহুজনে সফলতাৰ শিখৰত উপনীত হৈছিল তথা বহুজনে বিস্তাৰ কৰিছিল নিজৰ সাম্ৰাজ্য । এক কথাত তেওঁৰ বাবে বহুতৰে জীৱন সলনি হ'ল । কিন্তু ক্ষমতা নাইকিয়া হোৱাৰ লগে লগে সেইসকল লোকো নোহোৱা হ'ল । কাৰো এতিয়া খবৰ ল'বলৈ নাইবা ওপজা দিন বুলি শুভেচ্ছা জনাবলৈ আহৰি নাই । কাৰণ এটাই যে আজি তেওঁৰ হাতত সেই সময় নাই ।

এটা সময় আছিল যেতিয়া তেওঁৰ নেতৃত্বৰ অগপই আজিৰ বিজেপিতকৈ প্ৰৱল প্ৰতাপী কংগ্ৰেছক দুবাৰকৈ পৰাস্ত কৰি চৰকাৰ গঠন কৰিছিল । ৰাজ্যখনৰ সৰ্ববৃহৎ আন্দোলন অসম আন্দোলক নেতৃত্ব দিয়া প্ৰফুল্ল কুমাৰ মহন্তক অসমৰ মহানায়ক আৰু স্বাধীনতাৰ পিছত বৃহত্তৰ অসম আৰু অসমীয়া জাতিৰ হকে চিন্তা কৰা একমাত্ৰ জননেতা আখ্যা দিয়া হৈছিল ।

এসময়ত জিলাই জিলাই মহিলাসকলে চাদৰৰ আচল পাৰি দি পদধূলা শিৰত লৈছিল । ক্ষমতাত থকা কালত এনেকৈ দেৱতা সজোৱা নেতাজন ক্ষমতাহাৰা হোৱাৰ পাছত আজি একপ্ৰকাৰ নিঃসংগ । এসময়ত অভাৱনীয় আৰু ঈৰ্ষনীয় জনপ্ৰিয়তা থকা সেইজন নেতাৰ আজি ওপজা দিনত নাই কোনো জাকজমকতাপূৰ্ণ পৰিৱেশ ।

অৱশ্যে ঐতিহাসিক অসম আন্দোলনৰ অগ্ৰণী নেতা, অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক পাহৰা নাই দলটোৰ নেতৃত্বই । আজি অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক ওপজা দিনৰ ওলগ জনায় । ফুলৰ থোপা, গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনক ।

লগতে পঢ়ক: কংগ্ৰেছৰ দীৰ্ঘদিনৰ শাসনকালত বিকাশৰ বাবে কোনো আঁচনি গ্ৰহণ নকৰিলে: অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.