ETV Bharat / state

Protest in Guwahati : জাতি-মাটি-ভেঁটি মানে মামা-মামী-মাটি নেকি ; শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ মৌন প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 6:51 PM IST

শিলসাঁকোৰ পাৰৰ উচ্ছেদিত ৰাইজৰ মৌন প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ ৷ দীঘলীপুখুৰীৰ পাৰত মুখত ক’লা কাপোৰ বান্ধি হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিত ৰাইজে ৷

Evicted People of Silsako Stages Silent Protest
মৌন প্ৰতিবাদ

শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ মৌন প্ৰতিবাদ

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : শিলসাঁকোৰ পাৰৰ উচ্ছেদিত ৰাইজে ঘৰ-ভেঁটি ঘূৰাই বিচাৰি শুকুৰবাৰে মৌন প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত মুখত ক’লা কাপোৰ বান্ধি হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিত ৰাইজে ৷

প্ৰতিবাদকাৰী সকলে কয় যে, জাতি-মাটি-ভেঁটিৰ কথা কওঁতে মামা -মামী - মাটি হৈ গ’ল ৷ পত্নীলৈ শ শ বিঘা মাটি, কিন্তু ভূমিহীনলৈ এক কঠাও নাই কিয় বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে ? খিলঞ্জীয়া উচ্ছেদিত, পুঁজিপতি সংৰক্ষিত ৷ আমাক মাটি লাগিবই বুলি দাবী কৰে প্ৰতিবাদী ৰাইজে ৷ তেওঁলোকে কয় যে, ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিব নোৱাৰে যদি আমাৰ ঘৰটো ঘূৰাই দিয়ক ৷ পুঁজিপতিক শ শ বিঘা মাটি দিয়া চৰকাৰ বাহাদুৰে ভূমিহীনক এক কঠাও মাটি দিব নোৱাৰে বুলি কয় প্ৰতিবাদকাৰী সকলে ৷

প্ৰতিবাদস্থলীত বেনাৰ-পোষ্টাৰ লৈ, বিভিন্ন শ্লগানেৰে উচ্ছেদিত সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে সংবাদ মাধ্যমৰ আগত কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদৰ ভাষা বুজি নাপায় ৷ বানমুক্ত গুৱাহাটীৰ মিছা শ্লগান দি তেওঁ শিলসাঁকোৰ পাৰত বাছি বাছি খিলঞ্জীয়া সকলক উচ্ছেদ কৰিলে ৷ কিন্তু জিঞ্জাৰ হোটেলক উচ্ছেদ কৰিব পৰা নাই ৷ যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে শ শ বিঘা মাটি দখল কৰিছে সেই সময়ত খিলঞ্জীয়া মানুহে একঠা মাটি নাপায় ৷ এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছো বুলি উল্লেখ কৰি তেওঁলোকে কয় যে, খিলঞ্জীয়া সকলক বাৰে বাৰে অন্যায় কৰি থাকিব সেয়া আমি সয্য নকৰো ৷

ক্ষতিপূৰণসহ উচ্ছেদিতক পুনৰ সংস্থাপন নিদিয়ালৈ প্ৰতিবাদ অব্যাহত থাকিব বুলি কয় তেওঁলোকে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীখন থলুৱা মুক্ত কৰিব বিছাৰিছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটীত থলুৱাক আক্ৰমণ কৰা হৈছে বুলি কয় তেওঁলোকে ৷ জাতি-মাটি-ভেঁটি মানে মামা-মামী-মাটি নেকি বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : Protest at Moran : চাহ বাগিচাৰ লোকৰ মাটি অবৈধভাৱে দখল কৰাক লৈ মৰাণত আছাৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.