ETV Bharat / state

Encroachment in Reserved Forest: ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত ভূমিত দুই লক্ষাধিক পৰিয়ালৰ বসতি

author img

By

Published : Apr 12, 2023, 8:46 PM IST

ৰাজ্যৰ ২৪ খন জিলাৰ ভি জি আৰ, পি জি আৰ, চৰকাৰী খাচ ভূমি, বনভূমি, জলাশয়, সত্ৰ অথবা ৰে'লৱে ভূমি দখল কৰি আছে চাৰে আঠ লাখৰো অধিক লোকে (Encroachment in VGR) । চৰকাৰী ভূমিত বাস কৰা লোকসকলৰ ভিতৰত সন্দেহজনক নাগৰিকৰ উপৰি আছে ভূমিহীন, গৰাখহনীয়াত ক্ষতিগ্রস্ত, আৰ্থিকভাৱে দুৰ্বল, অনুসূচিত জনজাতি, সাধাৰণ শ্ৰেণীৰ লগতে সংখ্যালঘু সম্প্ৰদায়ৰ লোক ।

Eviction against Encroachment
ৰোধ হোৱা নাই বেদখল প্ৰক্ৰিয়া

গুৱাহাটী,১২ এপ্ৰিল: ৰাজ্যজুৰি বেদখলৰ বিৰুদ্ধে চৰকাৰী অভিযান অব্যাহত আছে যদিও ৰোধ হোৱা নাই বেদখল প্ৰক্ৰিয়া (Encroachment in Assam)। উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাৰ ফলতে উচ্ছেদ অভিযানৰ পাছতো বেদখল হৈ আছে চৰকাৰী ভূমি (Eviction against Encroachment)। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলাই ভূমি বেদখলমুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও ভূমিহীনসকলক পর্যাপ্ত ৰূপত পুনৰ সংস্থাপিত কৰাত ব্যৰ্থ হৈছে । ফলত এই সমস্যাৰ সমাধান হোৱা নাই ।

উল্লেখ্য যে, ৰাজ্যৰ চৰকাৰী ভূমি বেদখল কৰি থকা লোকসকলৰ ভিতৰত বেছিভাগেই ভূমিহীন । লক্ষণীয় বিষয় যে, ৰাজ্যৰ বিভিন্ন ধৰণৰ চৰকাৰী ভূমিত বাস কৰা লোকসকলৰ ভিতৰত কেৱল সন্দেহজনক নাগৰিকেই নহয়, বেদখলকাৰীৰূপে থকা লোকৰ ভিতৰত আছে ভূমিহীনৰ উপৰি গৰাখহনীয়াত ক্ষতিগ্রস্ত, আৰ্থিকভাৱে দুৰ্বল, অনুসূচিত জনজাতি, সাধাৰণ শ্ৰেণীৰ লগতে সংখ্যালঘু সম্প্ৰদায়ৰ লোক । ৰাজ্যৰ ২৪ খন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ তথ্য অনুসৰি অসমৰ জিলাসমূহৰ ভি জি আৰ, পি জি আৰ, চৰকাৰী খাচ ভূমি, বনভূমি, জলাশয়, সত্ৰ অথবা ৰে'লৱে ভূমিত বেদখল কৰি আছে চাৰে আঠ লাখৰো অধিক লোকে । এই লোকসকলে ৰাজ্যখনৰ মুঠ ৫,৪০৪.৬৭ বর্গ কিলোমিটাৰ অৰ্থাৎ ৪০,৩৯,৪৫০ বিঘা ভূমি বেদখল কৰি আছে (Encroachment in Reserved Forest)।

লক্ষণীয় কথা যে, বেদখলকাৰীৰ ৰূপত থকা লোকসকলৰ ভিতৰত ধেমাজিত আছে সর্বাধিক ভূমিহীন লোক । এই লোকসকল মূলতঃ আর্থিকভাৱে দুর্বল অনুসূচিত জনজাতিৰ । ইফালে, মৰিগাঁও জিলাতে নৈৰ খহনীয়াত সৰ্বস্বান্ত সর্বাধিক লোকে চৰকাৰী ভূমিত অবৈধভাৱে বাস কৰিবলগীয়া পৰিস্থিতি হৈছে । সেইদৰে বঙাইগাঁও জিলাত সর্বাধিক সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে চৰকাৰী ভূমি বেদখল কৰি আছে ।

ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ৰাজ্যখনত চৰকাৰী ভূমি বেদখল কৰি থকা চাৰে আঠ লাখৰো অধিক লোকৰ তিনি লাখৰো অধিক লোকেই ভূমিহীন (Department of Revenue and Disaster Management)। তেনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰাখহনীয়াত ক্ষতিগ্রস্ত লোকৰ সংখ্যা হৈছে ৩১,৮৩৯ জন । তদুপৰি ৰাজ্যখনৰ ১,২৪,১৫০ জন সংখ্যালঘু সম্প্ৰদায়ৰ লোকে ভূমি বেদখল কৰি আছে ।

তথ্য অনুসৰি ধেমাজি জিলাত বেদখল কৰি থকা ১,১০,৪৯৩ জনৰ ভিতৰত ৯৪ শতাংশ লোকেই অনুসূচিত জনজাতিৰ । বাকীকেইখন জিলাৰ বেদখলকাৰীৰ ৰূপত থকা অনুসূচিত জনজাতিৰ সংখ্যা হৈছে ৭৭, ৬১৬ জন (Landless people in Assam)। ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে উপায়ুক্তসকলৰ পৰা বেদখলকৃত ভূমি আৰু বেদখলকাৰী লোকৰ তথ্য সংগ্ৰহ কৰা জিলাকেইখন হৈছে বৰপেটা, নগাঁও, মাজুলী, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, দৰং, ধেমাজি, গোৱালপাৰাৰ মাটিয়া ৰাজহ চক্ৰ, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ, কৰিমগঞ্জ, লখিমপুৰ, মৰিগাঁও, নলবাৰী, তিনিচুকীয়া, ধুবুৰী, শিৱসাগৰ, শোণিতপুৰ, বিশ্বনাথ, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলা ।

উল্লেখ্য যে, এই জিলাকেইখনৰ বিভিন্ন ঠাইত হোৱা এই বেদখলকৃত ভূমিৰ পৰিমাণ প্রায় ৫,৪০৪.৬৭ বর্গ কিলোমিটাৰ অৰ্থাৎ ৪০ লাখ ৩৯ হেজাৰ ৪৫০ বিঘা ৪ কঠা । ৰাজহ বিভাগৰ তথ্য মতে, ৰাজ্যখনৰ ২০ খন জিলা আৰু এটা মহকুমাত মুঠ বেদখলকৃত ভি জি আৰ আৰু পি জি আৰ ভূমিৰ পৰিমাণ হৈছে ৩,৩২,২৬১ বিঘা, চৰকাৰী খাচ ভূমি ১৫,১৬,৪০৫ বিঘা, বনভূমিৰ পৰিমাণ ৪,৭৯,৫১৩ বিঘা, জলাশয়ৰ এলেকা ৬৩,১৬৩ বিঘা আৰু ৰে'লৱে ভূমিৰ পৰিমাণ ৬২,৪৩৬ বিঘা ।

তাৎপর্যপূর্ণ কথা যে, কামৰূপ মহানগৰৰ ৩২,৬৫৮ বিঘা ৩ কঠা ১২ লেচা চৰকাৰী খাচ ভূমি বেদখল হৈ থকাৰ বিপৰীতে ১,০৯৮ বিঘা জলাশয়ৰ ভূমি আৰু ২০০ বিঘা ৰে'লৱেৰ মাটি বেদখল হৈ আছে । জিলাখনত ৬৫৩ বিঘা ১ কঠা ভি জি আৰ ভূমিও বেদখলকাৰীৰ কবলত আছে । ৰাজ্যখনৰ ভিতৰতে ডিব্ৰুগড় জিলাত সর্বাধিক ২,৫৮,৩৭২ বিঘা চৰকাৰী খাচ মাটি বেদখল হৈ আছে । ইফালে, বন বিভাগৰ তথ্য অনুসৰি ৰাজ্যখনত থকা সংৰক্ষিত বনাঞ্চলৰ মুঠ বেদখলকৃত বনভূমি পৰিমাণ হৈছে ৩,৪৫,১৫৭ হেক্টৰ । আনহাতে, এই ভূমিত ২,০৮,২৬৫ টা পৰিয়ালে বসতি স্থাপন কৰি আছে । উল্লেখ্য যে চৰকাৰে উচ্ছেদৰ ব্যৱস্থা কৰিছে যদিও উচ্ছেদিত সকলক সংস্থাপিত কৰাৰ কোনো ব্যৱস্থা কৰা নাই ।

লগতে পঢ়ক:TSPSC paper leak case : তেলেংগানা লোকসেৱা আয়োগৰ ২ বিষয়ালৈ ইডিৰ চমন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.