ETV Bharat / state

Constituency Delimitation 2023: আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্রত নিৰ্বাচন আয়োগৰ শুনানি

author img

By

Published : Jul 19, 2023, 10:10 AM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণৰ বাবে বুধবাৰে দুপৰীয়া গুৱাহাটীত উপস্থিত হ'ব মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নির্বাচন আয়োগৰ পূৰ্ণাংগ দল । দিনৰ ২ বজাৰ পৰা গ্ৰহণ কৰিব সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি । দল-সংগঠনৰ কেৱল মাত্র ৫জনকৈ প্রতিনিধিয়েহে আয়োগক সাক্ষাৎ কৰিব পাৰিব । জিলাভিত্তিত লোৱা হ'ব শুনানি । আলোচনাত বহিব ৰাজনৈতিক দলৰে ।

Election Commissions hearing at Kalakshetra for three days from today
আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্রত নিৰ্বাচন আয়োগৰ শুনানি

গুৱাহাটী,১৯ জুলাই: অসন্তুষ্টি আৰু প্ৰতিবাদৰ মাজতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ বুধবাৰে দুপৰীয়া গুৱাহাটীত উপস্থিত হ’ব নিৰ্বাচন আয়োগৰ এটা পূৰ্ণপৰ্যায়ৰ দল । মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত পূৰ্ণাংগ নির্বাচন আয়োগৰ দলটো দিনৰ ১২ বজাত গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত উপস্থিত হ'ব । খন্তেক জিৰণি লোৱাৰ পাছত নির্বাচন আয়োগৰ দলটো গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত উপস্থিত হ'ব । ইয়াৰ পিছত দিনৰ ২ বজাৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি অনুষ্ঠিত কৰিব ।

ৰাজ্যিক নির্বাচন বিভাগে জনোৱা অনুসৰি আয়োগৰ দলটোৱে দিনৰ ২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা আৰু ডিমা হাচাওৰ প্ৰতিনিধিৰে আলোচনাত আহিব । আনহাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহৰ ৩ নং হলত কামৰূপৰ প্ৰতিনিধিৰে আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্রেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰৰ প্রতিনিধিৰে বৈঠকত বহিব ।

সেইদৰে ২০ জুলাইত পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জৰ প্ৰতিনিধিৰে, ৩ নং হলত দৰং, হাইলাকান্দি, কাছাৰ আৰু দক্ষিণ শালমাৰাৰ প্রতিনিধিৰে বৈঠকত বহিব । শ্রীশ্রী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ ক্ষেত্রত দলটোৱে শুনানি গ্রহণ কৰিব । ২০ জুলাইৰ বিয়লি ৩.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ প্রতিনিধিৰ সৈতে বৰ্ণানুক্রমিকভাৱে আলোচনাত বহিব ।

আনহাতে ২১ জুলাইত পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাৰ প্রতিনিধি আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্রেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলীৰ প্ৰতিনিধিৰে আয়োগৰ দলটো আলোচনাত বহিব । একে সময়তে বিভিন্ন জিলাৰ শুনানি কলাক্ষেত্ৰৰ তিনিটাকৈ হলত অনুষ্ঠিত হ’ব । শুনানিৰ প্ৰাকক্ষণত নির্বাচন আয়োগে স্পষ্ট কৰি দিছে যে শুনানিত অংশগ্ৰহণ কৰিবলৈ অহা দল-সংগঠনৰ কেৱল মাত্র ৫জনকৈ প্রতিনিধিয়েহে আয়োগক সাক্ষাৎ কৰিব পাৰিব ।

সাক্ষাতৰ বাবে অহা প্রার্থীসকলে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ আহি পুনৰ তেওঁলোকৰ নাম ঠিকনা শুনানিৰ পূৰ্বে পঞ্জীয়ন কৰিব লাগিব । ইফালে ৰাজ্য চৰকাৰৰ সূত্ৰই জনোৱা মতে নির্বাচন আয়োগৰ দলটো নিশা ৰাজভৱনত কটাব । শুনানিৰ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় ইয়াৰ বাবে আৰক্ষী প্ৰশাসনে সমগ্ৰ শংকৰদেৱ কলাক্ষেত্ৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । লক্ষণীয় যে শুনানি কালত সংবাদ মাধ্যমৰো উপস্থিতি নিষিদ্ধ কৰা হৈছে ।

জানিব পৰা মতে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ লগতে নির্বাচন আয়ুক্তদ্বয় ক্রমে অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলে শুনানি গ্রহণ কৰিব । ইফালে নিৰ্বাচন আয়োগৰ দলটোক আদৰণি জনোৱাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । ঢোলে-ডগৰে আদৰণি জনোৱা হ'ব দলটোক । উল্লেখ্য যে খচৰা সন্দৰ্ভত আয়োগে ওজৰ-আপত্তি আৰু পৰামৰ্শৰ ৫০০ আবেদন লাভ কৰিছে ।

লগতে পঢ়ক: Constituency Delimitation 2023 :19 জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ পূৰ্ণাংগ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.