ETV Bharat / state

Protest against SEBA: ছেবা সংস্কাৰৰ দাবীত ২৮ এপ্ৰিলত গুৱাহাটীত আন্দোলনৰ কাৰ্যসূচী

author img

By

Published : Apr 10, 2023, 11:04 PM IST

Education Rights Protection Forum
২৮ এপ্ৰিলত গুৱাহাটীত আন্দোলনৰ কাৰ্যগ্ৰহণ কৰিব শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চই

ৰাজ্যৰ ছাত্ৰ-যুৱ সংগঠনৰ উদ্যোগত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ গঠন (Education Rights Protection Forum) । ছেবা সংস্কাৰৰ দাবীত ২৮ এপ্ৰিলত গুৱাহাটীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব অধিকাৰ সুৰক্ষা মঞ্চ গঠন । বিধানসভাত ছেবা সংস্কাৰৰ গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপনৰ বাবে বিৰোধী বিধায়কক ধন্যবাদ জ্ঞাপন ।

২৮ এপ্ৰিলত গুৱাহাটীত আন্দোলনৰ কাৰ্যগ্ৰহণ কৰিব শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চই

গুৱাহাটী,১০ এপ্ৰিল: ছেবাৰ প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অনাস্থা তথা দীৰ্ঘদিন ধৰি ক্ৰমাগতভাৱে জাতীয় অনুষ্ঠান ছেবাক ধ্বংস কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে ৰাজ্যৰ ছাত্ৰ যুৱ সংগঠন একত্ৰিত হৈ শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ, অসম গঠন কৰে (Education Rights Protection Forum) । এই মঞ্চত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, এছ এফ আই, নিখিল ভাৰত ছাত্ৰ সন্থা, ছাত্ৰ যুৱ সংগ্ৰাম সমিতি, নিখিল ভাৰত যুৱ ফেডাৰেচন, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন, ইণ্ডিয়ান ষ্টুডেন্ট অৰ্গেনাইজেচন,জাতীয় যুৱ শক্তি সন্মিলিত হয় ।

ইয়াৰ পাছতে সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত সংগঠন কেইটাই এক যৌথ সংবাদ মেল অনুষ্ঠিত কৰে । সংবাদমেলত সংগঠন কেইটা আন্দোলন কাৰ্যসূচী ঘোষণা কৰে । ঘোষণা অনুসৰি অহা ২৮ এপ্ৰিল ছেবা ৰক্ষাৰ দাবীত গুৱাহাটীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব । প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতেই এই মঞ্চত অংশগ্ৰহণ কৰা প্ৰত্যেকটা ছাত্ৰ-যুৱ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কিন্তু ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক আশ্বস্ত কৰিব পৰাকৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল, বৰং তুলুঙা আৰু পাতল কথা কৈয়ে বিষয়টো লঘু কৰিবলৈ প্ৰয়াস কৰা দেখা গ'ল (protest against SEBA)।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নিচিনা এটা গুৰুত্বপূৰ্ণ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ দায়িত্ব ছেবাৰ লগতে অসমৰ শিক্ষা বিভাগৰো । পূৰ্বতে অনুষ্ঠিত হোৱা গণিত আৰু ইংৰাজী পৰীক্ষাৰ প্ৰশ্নকাকতৰ ক্ষেত্ৰতো ফাদিল হোৱাৰ কথা পোহৰলৈ আহিছে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । আগতেও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী গৰুৱে খোৱাৰ নিচিনা ঘটনা সংঘটিত হৈছে (SEBA controversy in Assam) ।

তেওঁলোকে কয় যে, বছৰ ধৰি বছৰ এনে ঘটনা হোৱাৰ পিছতো অসমৰ শিক্ষা বিভাগে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই । ইয়াৰ বিপৰীতে মাধ্যম বিতৰ্ক, চৰকাৰী মাধ্যমৰ বিদ্যালয়ত মাচুল লোৱা, বিদ্যালয় বন্ধ কৰা, পদ বিলুপ্তিকৰণ কৰাতহে ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগ । অসমক ভাৰতৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তুলিব বিচৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি আছে ।

এহাতে ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰা আৰু মহাবিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নত নকৰাকৈয়ে বিশ্ববিদ্যালয় ঘোষণা কৰিছে, আনহাতে এইবাৰ বাজেটত শিক্ষাৰ শিতানত ৫০০ কোটি টকা হ্ৰাস কৰিছে । ছেবাৰ দৰে এটা জাতীয় অনুষ্ঠানক সঠিক ৰূপত কাৰ্যক্ষম কৰি ৰখাৰ দায়িত্ব শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ । এনে এক সময়ত বিষয়টোৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক আশ্বস্ত কৰিব পৰা মন্তব্য দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা অন্যান্য বিভাগীয় মন্ত্ৰী বিধায়কৰ দায় সৰা মন্তব্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি সংগঠনটোৱে মন্তব্য কৰে ।

আনহাতে, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰ অঞ্চলত শান্তিপূৰ্ণ ভাবে প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত পুলিচে যি অকথ্য নিৰ্যাতন চলালে তাৰ বিৰুদ্ধে "শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ,অসমে" তীব্ৰ প্ৰতিবাদ জনাইছে । প্ৰয়োজন সাপেক্ষে মঞ্চই এই ক্ষেত্ৰত মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰিব সংগঠনটোৱে । ২০০০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ বিসংগতি হৈছিল ।

সেইবাৰ নতুন পাঠক্রমৰ পাঠ্যপুথিৰ পৰা প্ৰশ্ন আহিব লাগিছিল, কিন্তু প্ৰশ্ন আহিল পুৰণি পাঠপুথিৰ পৰা । ছেবাই সেই প্ৰশ্নকাকতৰ পৰীক্ষা বাতিল কৰি সেই পৰীক্ষা নতুনকৈ পাতে আৰু তাৰ লগত জড়িত দুজনকৈ বিষয়াক কঠোৰতম শাস্তি বিহে । আনকি তাৰ বাবে পৰিষদৰ অধ্যক্ষ গৰাকীকো দায়িত্বৰ পৰা অব্যাহতি দিয়ে । এনেবোৰ ঘটনাৰ পৰা এতিয়াৰ ছেবা কৰ্তৃপক্ষ তথা অসম চৰকাৰে নিশ্চয় শিকিবলগীয়া আছে বুলি শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ,অসমে উল্লেখ কৰে ।

এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠিত এক উচ্চ পৰ্যায়ৰ তদন্ত কমিটিৰ জৰিয়তে সমগ্ৰ ঘটনাৰ তদন্ত কৰি ছেৱাৰ অধ্যক্ষ আৰু সচিবে অনতিপলমে দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক । প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক মাৰ পিট কৰা ধলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ ওপৰত ন্যায়িক তদন্তৰ ব্যৱস্থা কৰক ।

অসমৰ জাতীয় অনুষ্ঠান ছেৱাক ধ্বংস কৰাৰ চক্ৰান্ত বন্ধ কৰা আৰু সংস্কাৰৰ মাজেদি ছেৱাৰ প্ৰতি অসমৰ মানুহৰ আস্থা ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ দাবীত অহা ২৮ এপ্ৰিল তাৰিখে শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত হ'বলগীয়া আন্দোলনত সকলো দল, সংগঠন, শিক্ষাবিদ তথা সাধাৰণ ৰাইজক উপস্থিত থাকিবলৈ অনুৰোধ জনায় সংগঠনটোৱে ।

লগতে পঢ়ক: Electricity Bill hike: স্মার্ট প্ৰিপেইড মিটাৰৰ ফলতবিদ্যুৎ মাচুল বৃদ্ধি পোৱা নাই; APDCLৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.