ETV Bharat / state

শিক্ষামন্ত্ৰীয়ে ৰাজহুৱা কৰিলে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পদ্ধতি

author img

By

Published : Jul 1, 2021, 8:59 PM IST

ৰাজ্যৰ সাত লাখ শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান ঘটাই বৃহস্পতিবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা(SEBA)ৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি ৰাজহুৱা কৰিলে। মেট্ৰিক (HSLC EXAM) নাইবা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (AHSEC EXAM)ৰ নম্বৰক আধাৰ হিচাপে লৈ চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত এই মূল্যায়ন পদ্ধতি(EVALUATION METHOD) ত উত্তীৰ্ণক মান্যতা প্ৰদান কৰা নহ'ব। সেয়ে ভবিষ্যতে অসম চৰকাৰ(ASSAM GOVT)ৰ চাকৰিত নিযুক্তি পাবলৈ হ'লে এই বৰ্ষৰ মূল্যায়নত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে বহিব লাগিব অনুষ্ঠিত হ'বলগীয়া বিশেষ পৰীক্ষাত । শিক্ষাৰ্থীসকলৰ শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাৰ বাবেই এনেদৰে মূল্যায়ন পদ্ধতি(EVALUATION METHOD)ৰ দ্বাৰা ফলাফল ঘোষণা কৰা হ'ব ।

Education Minister announces method of declaration of exam results
শিক্ষামন্ত্ৰীয়ে ৰাজহুৱা কৰিলে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পদ্ধতি

গুৱাহাটী,১ জুলাই : চূড়ান্ত হ'ল মেট্ৰিক (HSLC EXAM) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (AHSEC EXAM)ৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি (EVALUATION METHOD) ৷ ৰাজ্যৰ সাত লাখ শিক্ষাৰ্থীৰ লগতে অভিভাৱক সকলৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান ঘটাই বৃহস্পতিবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা (SEBA)ৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি ৰাজহুৱা কৰে ৷ ক'ভিড পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে বাতিল কৰিছিল এইবছৰৰ হাইস্কুল শিক্ষান্ত (HSLC EXAM) আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (AHSEC EXAM) ৷ পৰীক্ষা বাতিল কৰাৰ লগে লগে পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতিৰ বাবে দুখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিছিল ।

কমিটি দুখনে দাখিল কৰা মূল্যায়ন পদ্ধতি (EVALUATION METHOD)ৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে গ্ৰহণ কৰাৰ পাছতে বৃহস্পতিবাৰে পদ্ধতি সমূহ ৰাজহুৱা কৰে উচ্চস্তৰীয় কমিটিয়ে ৷ সংবাদমেলত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (EDUCATION MINISTER RANUJ PEGU)ৱে কয়, ৩১ জুলাইৰ ভিতৰত মেট্ৰিক (HSLC EXAM) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (AHSEC EXAM) ৰ ফলাফল ঘোষণা কৰা হ’ব ৷ এই মূল্যায়ন পদ্ধতি (EVALUATION METHOD)ৰে ঘোষিত ফলাফলত সন্তুষ্ট নোহোৱা শিক্ষাৰ্থীসকলে পুনৰ পৰীক্ষাত বহাৰ বাবে আবেদন কৰিব পাৰিব ৷ ১৫ ছেপ্তেম্বৰৰ ভিতৰত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷

যদি ক'ভিড পৰিস্থিতি উন্নত নহয় তেন্তে ২০২২ চনত হ'লেও দুয়োটা পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷ এজন শিক্ষাৰ্থী অসন্তুষ্ট হ'লেও পৰীক্ষা অনুষ্ঠিত কৰিব চৰকাৰে ৷ মুঠতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ৷

শিক্ষামন্ত্ৰীয়ে ৰাজহুৱা কৰিলে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পদ্ধতি

এই পৰীক্ষাত বহিবলৈ ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিব লাগিব ৷ আবেদনৰ ভিত্তিতে হ’ব এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ৷ ইচ্ছুক সকলোৱে এই বিশেষ পৰীক্ষাত অবতীৰ্ণ হ'ব পাৰিব ৷ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, এই মূল্যায়ন ব্যৱস্থা (EVALUATION METHOD)ৰ যোগেদি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ নম্বৰ ভৱিষ্যতে টেট শিক্ষকৰ নাইবা অসম চৰকাৰৰ আন চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব ৷

মেট্ৰিক নাইবা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নম্বৰক আধাৰ হিচাপে লোৱা চৰকাৰী চাকৰি (GOVT JOB) লাভৰ ক্ষেত্ৰত এই মূল্যায়ন পদ্ধতিত উত্তীৰ্ণক মান্যতা প্ৰদান কৰা নহ'ব ৷ সেয়ে ভবিষ্যতে অসম চৰকাৰৰ চাকৰিত নিযুক্তি পাবলৈ হ'লে এই বৰ্ষৰ মূল্যায়নত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে বহিব লাগিব অনুষ্ঠিত হ'বলগীয়া বিশেষ পৰীক্ষাত ৷ শিক্ষাৰ্থীসকলৰ শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাৰ বাবেই এনেদৰে মূল্যায়ন পদ্ধতি (EVALUATION METHOD)ৰ দ্বাৰা ফলাফল ঘোষণা কৰা হ'ব ৷

লগতে পঢ়ক: মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি চূড়ান্ত

নম্বৰৰ মান্যতা বিচৰা শিক্ষাৰ্থীসকলে বিশেষ পৰীক্ষাত অবতীৰ্ণ হ'ব লাগিব ৷ সংবাদমেলত মেট্ৰিক পৰীক্ষাৰ মূল্যায়নৰ বাবে গঠিত কমিটিৰ অধ্যক্ষ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় (DIBRUGARH UNIVERSITY)ৰ প্ৰাক্তন উপাচাৰ্য ড৹ অলক বুঢ়াগোঁহায়ে কয়, মেট্ৰিকৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত নৱম শ্ৰেণী আৰু দশম শ্ৰেণী উভয়ৰে ফলাফলৰ পৰা লোৱা হ’ব ৪০ শতাংশকৈ নম্বৰ ৷ বাকী ২০ শতাংশ নম্বৰ লোৱা হ’ব বিদ্যালয়ৰ উপস্থিতি আৰু অন্যান্য শৈক্ষিক ক্ৰিয়াকলাপৰ পৰা ৷

আনহাতে যদিহে দশম শ্ৰেণীৰ নম্বৰ নাথাকে তেনেহ’লে নৱম শ্ৰেণীৰ পৰা লোৱা হ’ব ৭০ শতাংশ নম্বৰ ৷ বাকী ৩০ শতাংশ নম্বৰ লোৱা হ’ব শৈক্ষিক ক্ৰিয়াকলাপৰ পৰা ৷ সেইদৰে বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিদ্যালয়ে দিব নম্বৰ ।

লগতে পঢ়ক: চূড়ান্ত হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত উচ্চস্তৰীয় কমিটিৰ অধ্যক্ষ তথা কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয় (Kumar Bhaskar Verma Sanskrit University) ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাই কয়, উচ্চতৰ মাধ্যমিকৰ বাবে কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী বিভাগৰ সুকীয়া পদ্ধতিত ফলাফল নিৰ্ণয় কৰা হৈছে ৷ উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা তিনিটা বিষয়ৰ পৰা লোৱা হ’ব ৫০ শতাংশ নম্বৰ ৷ কলা আৰু বিজ্ঞান শাখাৰ ব্যৱহাৰিক বিষয় থকাৰ বাবে এই পদ্ধতি গ্ৰহণ কৰা হৈছে ৷ উচ্চতৰ মাধ্যমিকৰ দুটা বছৰৰ শৈক্ষিক ক্ৰিয়াকলাপৰ পৰা লোৱা হ’ব ১০ শতাংশ নম্বৰ আৰু ব্যৱহাৰিক পৰীক্ষাৰ পৰা লোৱা হ’ব ৩০ শতাংশ নম্বৰ ৷

আনহাতে, কলা-বাণিজ্যৰ ব্যৱহাৰিক বিষয় নথকা ছাত্ৰসকলৰ বাবে লোৱা হৈছে সুকীয়া পদ্ধতি ৷ যিসকল ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰিক বিষয় নাই তেওঁলোকৰ বাবে দুটা বছৰৰ শৈক্ষিক ক্ৰিয়াকলাপৰ পৰা লোৱা হ’ব ৪০ শতাংশ নম্বৰ । সেইদৰে ৯০ শতাংশৰ ভিতৰত পোৱা নম্বৰৰ লগত যোগ হ'ব ১০ শতাংশ নম্বৰ ৷

লগতে পঢ়ক: মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত কি ক'লে শিক্ষামন্ত্রীয়ে

ইফালে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ অলক বুঢ়াগোঁহাইৰ অধ্যক্ষতাত গঠন কৰা কমিটিখনত সদস্য হিচাপে আছিল ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, মাধ্যমিক শিক্ষাৰ উপ-সচিব এছ এন দাস, গুৱাহাটী মহানগৰীৰ বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন বৰা, ধুবুৰীৰ কছুখানা হাইস্কুলৰ অধ্যক্ষ ৰঞ্জিত দাম, কোকৰাঝাৰৰ জাৰাগুৰি হাইস্কুলৰ অধ্যক্ষ হাকিম তৰফদাৰ, কামৰূপ একাডেমীৰ অধ্যক্ষ চি বি ৰায়, গোলাঘাটৰ মুহিৰাম হাজৰিকা হাইস্কুলৰ প্ৰধান শিক্ষক মৃণাল খাউণ্ড আৰু ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি ।

আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা কমিটিখনত সদস্য হিচাপে আছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, উচ্চতৰ শিক্ষাৰ যুটীয়া সচিব নিবেদিতা লস্কৰ, বি বৰুৱা কলেজৰ অধ্যক্ষ ড৹ এছ এন বৰ্মন, নগাঁও কলেজৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকী, ধুবুৰী বয়ছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইদ্ৰিছ আলি, শিলছৰৰ নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰতন পাল, ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শক দিপিকা চৌধুৰী আৰু অসম উচ্চতৰ মাধ্যমকি শিক্ষা সংসদৰ সচিব ৰমেশ চন্দ্ৰ চুতীয়া ।

লগতে পঢ়ক : বাণিজ্যিক সংগঠনৰে অজন্তা নেওগৰ বাজেট সম্পৰ্কীয় মত বিনিময়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.