ETV Bharat / state

Assam constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত আলোচনা কৰিবলৈ অসমলৈ আহিব নিৰ্বাচন আয়োগ

author img

By

Published : Mar 21, 2023, 10:39 PM IST

তিনিদিনীয়া কাৰ্যসূচীৰে ২৬ মাৰ্চত অসমলৈ আহিব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দল । ২৭ মাৰ্চৰ পুৱা ৰাজনৈতিক দলসমূহৰে আলোচনা । বিয়লি সাক্ষাৎ ধৰিব নাগৰিক সমাজ আৰু সংগঠনৰ প্ৰতিনিধিক । ২৮ মাৰ্চৰ আবেলি ৩ বজাত নিৰ্বাচন আয়োগে সম্বোধন কৰিব সংবাদমেল ।

Assam constituency restructuring issue
তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দল

গুৱাহাটী, ২১ মার্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত সম্পূৰ্ণ হ’ব সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া (Assam constituency delimitation issue) । ইতিমধ্যে নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত কাম আৰম্ভ কৰিছে । আনহাতে সমষ্টি পুনৰ গঠন সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক দল, সামাজিক সংগঠনসমূহৰ লগতে নাগৰিকসকলৰ মতামত গ্ৰহণৰ বাবে ২৬ মাৰ্চত অসমলৈ আহিব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দল ।

তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া নিৰ্বাচন আয়োগৰ দলটোত থাকিব নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলো । এই কথা সদৰি কৰিছে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই । মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা মতে ২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ গুৱাহাটীৰ হোটেল ৰেডিছন-ব্লুত আয়োগৰ দলটোৱে স্বীকৃতি প্ৰাপ্ত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ সৈতে মত বিনিময় কৰিব (ECI will visit Assam to discuss on constituency delimitation)।

সেইদিনাই দিনৰ এক বজাৰ পৰা নাগৰিক সমাজ, সামাজিক সংগঠনৰ প্ৰতিনিধিৰেও আলোচনাত মিলিত হ’ব আয়োগৰ দলটো । আনকি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়ত ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়া, ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বীসকলৰ সৈতেও অনুষ্ঠিত হ’ব বৈঠক । এই বৈঠকৰ অন্তত ২৮ মাৰ্চৰ আবেলি ৩ বজাত নিৰ্বাচন আয়োগে সংবাদ মাধ্যমক সম্বোধন কৰিব ।

উল্লেখ্য যে, ৰাজ্যিক নিৰ্বাচন বিভাগে দাখিল কৰা জিলা, মহকুমা, মৌজাভিত্তিক তথ্য তথা মানচিত্ৰৰ ভৌগোলিক অৱস্থান ভিত্তিত আয়োগে পুনৰ গঠিত সমষ্টিৰ খচৰাৰ ৰূপৰেখা প্ৰস্তুত কৰি আছে । অৱশ্যে সমষ্টিসমূহ পুনৰ গঠন কৰিলেও ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সংখ্যা বৃদ্ধি নাপায় । আয়োগৰ এটা সূত্ৰৰ মতে চলিত বৰ্ষৰ ভিতৰতেই সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ২০২৪ চনৰ ১ জানুৱাৰীত ৰাজ্যৰ নতুন ভোটাৰ তালিকা পুনৰ গঠিত সমষ্টিৰ ভিত্তিত প্ৰকাশ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে আয়োগে ।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে নামনি আৰু মধ্য অসমৰ বিধানসভা, লোকসভা সমষ্টিত ব্যাপক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে । বিশেষকৈ লোকসভা সমষ্টি হিচাপে বৰপেটা, কোকৰাঝাৰ, মঙলদৈ, নগাঁও, কলিয়াবৰ আৰু গুৱাহাটীত পুনৰ গঠনৰ প্ৰভাৱ পৰিলক্ষিত হ’ব । একেদৰে বহুকেইটা বিধানসভা সমষ্টি বিলুপ্ত হোৱাৰ লগতে নতুন নামেৰে গঠন কৰা হ’ব কেইবাটাও সমষ্টি । যাৰ ফলত বহুকেইজন ৰাজনৈতিক নেতাই নিজা সমষ্টি হেৰুৱাব ।

মন কৰিবলগীয়া কথা যে, বিগত ২৭ ডিচেম্বৰত নিৰ্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে অধিসূচনা জাৰি কৰিছিল । ইয়াৰ পাচতে সমষ্টি পুনৰ গঠন আয়োগৰ পৰিৱৰ্তে নিৰ্বাচন আয়োগৰ জৰিয়তে কিয় পুনৰ গঠন প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে তথা ২০১১ চনৰ লোকপিয়ল থকা সত্বেও ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত কিয় অসমৰ সমষ্টি পুনৰ গঠন কৰিবলৈ লোৱা হৈছে ৷ সেই সন্দৰ্ভত প্ৰশ্ন কৰি সেই প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ফেব্ৰুৱাৰী মাহত সাংসদ অজিত কুমাৰ ভূঞা আৰু চিন্তাবিদ ড৹ হীৰেন গোহাঁয়ে পৃথকে পৃথকে দুখনকৈ লেখ আৱেদন দাখিল কৰিছিল ।

এনে পৰিস্থিতিত নিৰ্বাচন আয়োগে সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে আগবঢ়াই নিলেও পৰৱৰ্তী সময়ত এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কি নিৰ্দেশ দিয়ে সেয়া লক্ষ্যনীয় হ’ব । ইফালে কংগ্ৰেছ দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰিছে যদিও সহযোগ কৰাৰ কথা ইতিমধ্যে সদৰী কৰিছে । অৱশ্যে সমগ্ৰ প্ৰক্ৰিয়াটোত কংগ্ৰেছ দলে তীক্ষ্ণ নজৰ ৰাখিব ।

লগতে পঢ়ক : Unresolved cases of Assam Politicians: অসমৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ আছে নিষ্পত্তিহীন ৭১ টাকৈ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.