ETV Bharat / state

সমাগত দুৰ্গা পূজাকলৈ আৰক্ষী-প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Oct 15, 2020, 10:18 PM IST

দুৰ্গা পূজাকলৈ আৰক্ষী-প্ৰশাসন গুৰুত্বপূৰ্ণ বৈঠক
দুৰ্গা পূজাকলৈ আৰক্ষী-প্ৰশাসন গুৰুত্বপূৰ্ণ বৈঠক

কামৰূপ জিলা প্ৰশাসন আৰু মহানগৰীৰ পূজা উদযাপন কমিটীসমূহৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এখন বৈঠক । এই বৈঠকত ক'ভিড প্ৰট’কল মানি পূজা আয়োজন কৰিবলৈ পূজা কমিটীসমূহৰ নিৰ্দেশ প্ৰদান কৰা হয় । লগতে স্বাস্থ্য বিভাগে জাৰি কৰা কেতবোৰ নীতি-নিয়ম মানি চলিবলৈ প্ৰশাসনে নিৰ্দেশ দিয়ে পূজা কমিটীসমূহক ।

গুৱাহাটী, 15 অক্টোবৰ : বৃহস্পতিবাৰে গুৱাহাটীৰ জিলা পুথি ভঁৰাল প্ৰেক্ষাগৃহত দুৰ্গা পূজা উদযাপন কৰা সন্দৰ্ভত জিলা প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কামৰূপ জিলা প্ৰশাসন আৰু মহানগৰীৰ পূজা উদযাপন কমিটীসমূহৰ মাজত অনুষ্ঠিত হয় এই বৈঠক ।

এই বৈঠকত উপস্থিত থাকে জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়া, জিলা প্ৰশাসনৰ বিষয়া আৰু পূজা কমিটীসমূহৰ বিষয়ববীয়াসকল। এই বৈঠকত ক'ভিড প্ৰট’কল মানি পূজা আয়োজন কৰিবলৈ পূজা কমিটীসমূহৰ নিৰ্দেশ প্ৰদান কৰা হয়। লগতে স্বাস্থ্য বিভাগে জাৰি কৰা কেতবোৰ নীতি-নিয়ম মানি চলিবলৈ প্ৰশাসনে নিৰ্দেশ দিয়ে পূজা কমিটীসমূহক।

সমাগত দুৰ্গা পূজাকলৈ আৰক্ষী-প্ৰশাসন গুৰুত্বপূৰ্ণ বৈঠক

প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি ষষ্ঠীৰ আগদিনা আৰু দশমীৰ পিছদিনা পূজাৰীৰ লগতে পূজা উদযাপন কমিটীৰ প্ৰতিগৰাকী বিষয়ববীয়াই কৰিব লাগিব ক'ভিড পৰীক্ষা । কোনো ভক্তকে প্ৰসাদ দিব নোৱাৰিব । ৩০ জনতকৈ অধিক লোকৰ সমাগম কৰিব নোৱাৰিব পূজাস্থলীত । নিশা ১০ বজাৰ ভিতৰত পূজাৰ সকলো কাৰ্যসূচী সমাপ্ত কৰিব লাগিব । কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, মেলা, বজাৰ আদি দিব নোৱাৰিব । নিশা ৯ বজাত বন্ধ কৰিব লাগিব স্থায়ী হোটেল-ৰেষ্টুৰেন্ট । ইফালে প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰতো থাকিব কঠোৰ নিৰ্দেশনা,মূৰ্তি বিসৰ্জনৰ সময়ত কেৱল ১০জন লোকহে বিসৰ্জনস্থলীত উপস্থিত থাকিব পাৰিব । স্বাস্থ্য বিভাগৰ নীতি-নিয়ম মানি সকলোকে পূজা অনুষ্ঠিত কৰিবলৈ আহ্বান জনালে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

লগতে পঢ়ক : মাঞ্জাত তিনিশ গ্ৰাম ব্ৰাউন ছুগাৰসহ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.