ETV Bharat / state

ক’ভিড ৰোগীৰ মৃতদেহ সৎকাৰৰ সমস্যাকলৈ জিলা প্ৰশাসনৰ কঠোৰ সমালোচনা

author img

By

Published : Oct 15, 2020, 7:57 PM IST

ডিমা হাছাও জিলাত ক’ভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ সৎকাৰ কৰাকলৈ এতিয়া সমস্যাত পৰিছে ডিমা হাছাও জিলা প্ৰশাসন। মৃত্য হোৱা ব্যক্তি সকলৰ সৎকাৰ কৰাৰ ক্ষেত্ৰত ৰাইজে বাধাৰ সৃষ্টি কৰাৰ ঘটনাক লৈ সৰব হৈ উঠিল কংগ্ৰেছ দল ৷

ক’ভিড ৰোগীৰ মৃতদেহকলৈ চাঞ্চল্য
ক’ভিড ৰোগীৰ মৃতদেহকলৈ চাঞ্চল্য

ডিমা হাছাও 15 অক্টোবৰ: ডিমা হাছাও জিলাত ক’ভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ সৎকাৰ কৰাক লৈ এতিয়া সমস্যাত ডিমা হাছাও জিলা প্ৰশাসন । মৃত্যু হোৱা ব্যক্তি সকলৰ সৎকাৰ কৰাৰ ক্ষেত্ৰত ৰাইজে বাধাৰ সৃষ্টি কৰাৰ ঘটনাক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ দল।

ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে হাফলঙৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ডিমা হাছাও জিলাত ক’ভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি সকলৰ সৎকাৰ কৰাৰ ক্ষেত্ৰত ৰাইজে সৃষ্টি কৰা বাধাক লৈ এখন আলোচনাত মিলিত হয় ৷

সম্প্ৰতি হাফলঙত থানন গাৰ্লচা আৰু বলবাহাদুৰ থাপাৰ ক’ভিড -19 ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিচতেই এই দুগৰাকী ব্যক্তিৰ সৎকাৰ কৰাৰ ক্ষেত্ৰত ৰাইজে বাধাৰ সৃষ্টি কৰিছে ৷ অৱশেষত বলবাহাদুৰ থাপাক লংকাৰ উদালিত লৈ যোৱা হয় আৰু সৎকাৰ কৰিবলগীয়া হয় ৷ সংবাদমেলত নিৰ্মল লাংথাচাই ডিমা হাছাও জিলা প্ৰশাসন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ স্বাস্থ্য বিভাগ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ কঠোৰ সমালোচনা কৰে ৷ লগতে কয় যে 6 মাহ পূৰ্বেই ক’ভিড -19 ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা দিয়াৰ পিচতো জিলা প্ৰশাসন, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষ, জিলা স্বাস্থ্য বিভাগ আৰু দুৰ্যোগ প্ৰশমন বিভাগে এই বিষয়ত ৰাইজৰ মাজত সজাগতা অভিযানৰ ব্যৱস্থা কৰা নাই বুলি উল্লেখ কৰে ৷

ইপিনে সংবাদ মেলত প্ৰশ্ন উত্থাপন কৰি নিৰ্মল লাংথাচাই আগতীয়াকৈ জিলা প্ৰশাসনে ৰাইজৰ মাজত সজাগতা অভিযান চলোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিলে আজি এই সমস্যাৰ সৃষ্টি নহয় বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: ক'লৈ গ'ল সদ্য অপসাৰিত আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.