ETV Bharat / state

চানমাৰীত ড্ৰাগছ সৰবৰাহকাৰী যুৱতী গ্ৰেপ্তাৰ

author img

By

Published : Jul 20, 2021, 8:56 PM IST

drugs recover
চানমাৰিত ড্ৰাগছ সৰবৰাহকাৰী যুৱতী গ্ৰেপ্তাৰ

চানমাৰী আৰক্ষীয়ে অভিযান চলাই অনুৰাধাৰ সমীপৰ আকাশী নগৰৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগছসহ এগৰাকী যুৱতীক গ্রেপ্তাৰ কৰে ৷ যুৱতীগৰাকীৰ ভাৰাঘৰৰ পৰা প্রায় ১.৫২ গ্রাম ব্রাউন চুগাৰভর্তি ৯ টা প্লাষ্টিকৰ কণ্টেইনাৰ, ১৫ টা চিৰিঞ্জ, দুটা ম’বাইল ফোন আৰু নগদ ১৭ হাজাৰ ৭৫০ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

গুৱাহাটী, ২০ জুলাই : নিষিদ্ধ ড্ৰাগছকে (Drugs) ধৰি অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam Police) । তাৰ মাজতে মহানগৰ আৰক্ষীয়ে (City police) প্ৰতিদিনে বিভিন্ন স্থানৰ পৰা বহু পৰিমাণে ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে । বিগত কিছুদিন ধৰি ড্ৰাগছৰ সৰবৰাহ তথা ড্ৰাগছ ব্যৱসায়ী, সেৱনকাৰীক আটক কৰাৰ খবৰ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও মাজে সময়ে আৰক্ষীৰ ফান্দত পৰিছে ৰৌ-বৰালী ।

সোমবাৰে চানমাৰী আৰক্ষীয়ে (Chandmari police) অভিযান চলাই অনুৰাধাৰ সমীপৰ আকাশী নগৰৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগছসহ এগৰাকী যুৱতীক গ্রেপ্তাৰ কৰে ৷ ধৃত যুৱতীগৰাকী অনুৰাধাৰ আকাশী নগৰৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ আৰক্ষী সূত্রই জনোৱা মতে যুৱতীগৰাকীয়ে আকাশী নগৰত এটা ভাৰাঘৰৰ পৰা নিষিদ্ধ ড্রাগছ সৰবৰাহ কৰি আহিছে ৷

চানমাৰীত ড্ৰাগছ সৰবৰাহকাৰী যুৱতী গ্ৰেপ্তাৰ

চানমাৰী আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি সোমবাৰে বিয়লি প্রায় তিনি বজাত অভিযান চলাই যুৱতীগৰাকীৰ ভাৰাঘৰৰ পৰা প্রায় ১.৫২ গ্রাম ব্রাউন চুগাৰ (Brown Sugar) ভর্তি ৯ টা প্লাষ্টিকৰ কণ্টেইনাৰ (Container), ১৫ টা চিৰিঞ্জ, দুটা ম’বাইল ফোন আৰু নগদ ১৭ হাজাৰ ৭৫০ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, যুৱতীগৰাকীয়ে অনুৰাধাৰ আকাশী নগৰৰ পৰা গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্রান্তলৈ নিষিদ্ধ ড্রাগছ সৰবৰাহ কৰি আহিছে ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে যুৱতীগৰাকীক জেৰা চলোৱাৰ অন্তত আৰু এই ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আৰু বহু লোকৰ তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক: মহানগৰীৰ সাতগাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.