ETV Bharat / state

Drugs peddler arrested at Gorchuk: নিচাজাতীয় দ্ৰব্যসহ আটক মহিলাকে ধৰি চাৰি সৰবৰাহকাৰী

author img

By

Published : Jan 24, 2023, 11:12 AM IST

Drugs peddler arrested with drugs in Gorchuk Guwahati
আটক তিনি মহিলাসহ এটা ড্ৰাগছ সৰবৰাহকাৰী

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে গড়চুক আৰক্ষীৰ সফল অভিযান (Drugs peddler arrested at Gorchuk) ৷ মহানগৰীৰ তিনিটাকৈ স্থানত সোমবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ লগতে তিনি মহিলাসহ এজন যুৱকক আটক কৰে ৷

আটক তিনি মহিলাসহ এটা ড্ৰাগছ সৰবৰাহকাৰী

গুৱাহাটী, ২৪ জানুৱাৰী: নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ যেন হটস্পট হৈ পৰিছে গুৱাহাটী মহানগৰী ৷ কাৰণ প্ৰায় নিতৌ মহানগৰীত জব্দ হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য ৷ নিচাজাতীয় দ্ৰব্যৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম ৷ নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ইতিমধ্যে ধ্বংস হৈছে বহু যুৱক-যুৱতীৰ জীৱন ৷ ধ্বংস হৈছে এখন এখন ঘৰ ৷ নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ ফলতে বিনষ্ট হৈছে বহু পৰিয়ালৰ সুখ-শান্তি ৷ এই বৰবিহৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে চৰকাৰেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷

এই ক্ষেত্ৰত অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান (Anti Drugs mission in Assam) ৷ প্ৰায় প্ৰতিদিনে ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিছে বহু অপৰাধীকো ৷ কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷

শেহতীয়াকৈ পুৰুষৰ লগত এই নিষিদ্ধ ব্যৱসায়ীত নামি পৰিছে একাংশ মহিলাও (Drugs peddler arrested at Gorchuk) ৷ সোমবাৰে মহানগৰীত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক হৈছে তিনি মহিলা আৰু এজন যুৱক ৷ গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱা মতে নিচাজাতীয় দ্ৰব্যৰ বিষয়ে গোপন খবৰৰ ভিত্তিত লাভ কৰিছিল এক তথ্য ৷ তাৰ পিছতেই সোমবাৰে গড়চুক আৰক্ষীয়ে তিনিটা স্থানত অভিযান চলাই লাভ কৰে সফলতা ৷

কটাহবাৰী ১ নম্বৰ মছজিদ, আহোমগাঁও আৰু দাতালপৰাত আৰক্ষীৰ এটা দলে চলাই অভিযান (Drugs peddler arrested with drugs in Gorchuk) ৷ অভিযানকালত বৃহৎ পৰিমাণৰ ড্ৰাগছ লগতে তিনি মহিলাসহ এজন যুৱকৰ এক বৃহৎ ড্ৰাগছ ব্যৱসায়ীৰ গেং উৎখাত কৰে ৷ পাঁচটা ড্ৰাগছৰ পেকেট, ৬২ টা কন্টেইনাৰ, ৮ টা মোবাইল, এটা লেপটপ আৰু নগদ প্ৰায় ৬ হাজাৰ টকা জব্দ কৰে ।

আৰক্ষীয়ে জনোৱা মতে আটকাধীন ড্ৰাগছ সৰবৰাহৰ গেংটোত আছে শোণিতপুৰৰ বিকাশ ছেত্ৰী, ৰঙিয়াৰ কৰবী কলিতা ওৰফে পিংকি কলিতা, কালৰচৰৰ বেলোৱা বেগম আৰু কোকৰাঝাৰৰ সচীৰণ বেগম । জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় দহ লক্ষাধিক হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । ইতিমধ্যে গেংটোৰ আটাইকেইটাক অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে ।

লগতে পঢ়ক: Drugs Seized in Karbi Anglong: কাৰ্বি আংলঙত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.