Drugs Seized in Karbi Anglong: কাৰ্বি আংলঙত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Oct 18, 2022, 9:46 PM IST

Drugs peddler arrested with drugs in Karbi Anglong

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ ইয়াৰ মাজতে মঙলবাৰে কাৰ্বি আংলং আৰক্ষীয়ে অভিযান চলাই জিলাখনত হেৰʼইনসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Huge Amount of drugs seized in Karbi Anglong) ৷

ডিফু, ১৮ অক্টোবৰ: নিচাজাতীয় দ্ৰব্যৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম ৷ নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ইতিমধ্যে ধ্বংস হৈছে বহু যুৱক-যুৱতীৰ জীৱন ৷ ধ্বংস হৈছে এখন এখন ঘৰ ৷ নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ ফলতে বিনষ্ট হৈছে বহু পৰিয়ালৰ সুখ-শান্তি ৷ এই বৰবিহৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে চৰকাৰেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷

এই ক্ষেত্ৰত অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান (Anti Drugs mission in Assam) ৷ প্ৰায় প্ৰতিদিনে ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিছে বহু অপৰাধীকো ৷ কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷

কাৰ্বি আংলং জিলাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

উল্লেখ্য যে, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়েও অব্যাহত ৰাখিছে অভিযান ৷ মঙলবাৰে বিয়লি কাৰ্বি আংলং জিলা আৰক্ষীয়ে অভিযান চলাই জিলাখনত হেৰʼইনসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Huge Amount of drugs seized in Karbi Anglong) ৷

মঙলবাৰে বিয়লি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ এটা দলে বোকাজান চি চি আই চি আৰ পি এফ শিবিৰৰ সন্মুখত চলাই এক তালাচী অভিযান ।

এই অভিযানকালত ডিমাপুৰৰ পৰা আহি থকা এখন আই টেন বাহনত তালাচী চলাই ৫০ টকা চাবোনৰ বাকচত লুকুৱাই অনা ৬৬৪ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কমেও প্ৰায় পাঁচ কোটি টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

মন কৰিবলগীয়া যে, বাহনখনৰ বাম্পাৰ লাইটৰ ভিতৰ ভাগত, বাহনৰ দৰ্জা, ইঞ্জিন সকলোতে গোপন চেম্বাৰ সাজি হেৰʼইনখিনি বহু কৌশলেৰে সৰবৰাহৰ কৰি আনিছিল ৷ যদিও আৰক্ষীয়েও অভিযান চলাই জব্দ কৰে হেৰʼইনখিনি । ইফালে আটকাধীন সৰবৰাহকাৰীটো কৰিমগঞ্জ জিলাৰ মেডেলৰ নিবাসী চাহাবুদ্দিন (২৪) বুলি জানিব পৰা গৈছে (Drugs Peddler arrested) ৷ ইফালে অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰীক ।

লগতে পঢ়ক: Drugs seized in Guwahati: মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.