ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান নুনমাটি আৰক্ষীৰ; ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

author img

By

Published : Sep 3, 2021, 7:07 PM IST

drugs paddler arrested by noonmati police

ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে মহানগৰ আৰক্ষীয়ে । নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে শুকুৰবাৰে এক অভিযান চলাই নুনমাটি আৰক্ষীয়ে ৷

গুৱাহাটী, ৩ ছেপ্টেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে মহানগৰ আৰক্ষীয়ে । নিষিদ্ধ ড্ৰাগছৰ কলা বেহা উৎখাট কৰাৰ লক্ষ্যৰে মহানগৰীৰ ভিন্ন প্ৰান্তত চলোৱাৰ লগতে সফলতাও লাভ কৰিছে মহানগৰ আৰক্ষীয়ে ৷

এক গোপন সূত্ৰ পম খেদি নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে শুকুৰবাৰে এক অভিযান চলাই নুনমাটি আৰক্ষীয়ে ৷ নুনমাটি বিজয় নগৰত চলাই এই অভিযান ৷ অভিযান কালত বিজয় নগৰৰ হাউচ নং 12 ৰ পৰা গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক ।

drugs paddler arrested by noonmati police
ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান নুনমাটি আৰক্ষীৰ

লগতে পঢ়ক: ৰঙিয়াৰ বালাগাঁৱত জব্দ নথি-পত্ৰ বিহীন ছাগলী ভৰ্তি ট্ৰাক

আৰক্ষীৰ জালত পৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো নাম হৈছে হিৰণ্য কুমাৰ দাস । অভিযান কালত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ সহ 7 টা খালি কনটেইনাৰ, দুটা চাবুনৰ বাকচ আৰু এটা মোবাইল ফোন ।

আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি নুনমাটিৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ অবাধ বেহা চলাই আহিছিল ধৃত হিৰণ্য কুমাৰ দাসে । নুনমাটি আৰক্ষীয়ে সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰীটোক অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে ৷ তদুপৰি হিৰণ্য কুমাৰ দাসে চলাই অহা ড্ৰাগছৰ বেহাৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকা সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে মহানগৰীত চাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.