ETV Bharat / state

Anti dugs mission at Guwahati: গুৱাহাটীত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Feb 18, 2023, 12:24 PM IST

গুৱাহাটী মহানগৰীত চলা ড্ৰাগছ বিৰোধী অভিযানত আটক এটা সৰবৰাহকাৰী (Anti dugs mission at Guwahati) ৷ ড্ৰাগছৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে বিভিন্ন আপত্তিজনক সামগ্ৰী ৷

Drugs seized in Guwahati
গুৱাহাটীত ড্ৰাগছ জব্দ

গুৱাহাটী, 18 ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ হোৱাৰ পিছতো ৰাজ্যত হ্ৰাস পোৱা নাই ড্ৰাগছ সৰবৰাহৰ লগতে ক’লা ব্যৱসায় ৷ একেধৰণে গুৱাহাটী মহানগৰীতো আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি থকাৰ পাছতো কমা নাই ড্ৰাগছ সৰবৰাহকাৰীৰ টিঘিলঘিলণি । বৰং মহানগৰীৰ চুকে কোনে প্রতিদিনে উদ্ধাৰ হৈয়েই আছে নিষিদ্ধ ড্ৰাগছ । মহানগৰ আৰক্ষীয়ে চলাই অহা ড্ৰাগছ বিৰোধী অভিযানৰ অংশ স্বৰূপে শুকুৰবাৰৰ নিশা নাৰেঙ্গী এ এছ ই বি ক’লনিত আৰক্ষীয়ে এক অভিযান চলায় (Anti dugs mission at Guwahati) ৷

Drugs seized in Guwahati
গুৱাহাটীত ড্ৰাগছ জব্দ

অভিযান কালত নুনমাটি আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । এক গোপন সূত্ৰৰ পম খেদি নুনমাটি থানাৰ আৰক্ষীৰ এটা দলে নাৰেঙ্গী এ এছ ই বি কলনীত অভিযান চলাইছিল বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷ আৰক্ষীৰ জালত পৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম বিশ্বজিত স্বৰ্গীয়াৰী বুলি জানিবলৈ পৰা গৈছে ৷ বিশ্বজিত নাৰেঙ্গী ফৰেষ্টগেট জোনাকী নগৰ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে (One drugs peddler arrested in Guwahati) ।

Drug peddler arrested in Guwahati
গুৱাহাটীত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীটোৰ পৰা ৮ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, ৩ টা খালি কণ্টেইনাৰ, ১১গ্ৰাম নিষিদ্ধ ড্ৰাগছ, এটা চিৰিঞ্জ, মোবাইল ফোন আৰু নগদ ২৬২০ টকা জব্দ কৰিবলৈ সক্ষম হয় । বৃহত্তৰ নাৰেঙ্গী অঞ্চলত দীৰ্ঘদিন ধৰি ধৃত বিশ্বজিত স্বৰ্গীয়াৰীয়ে ড্ৰাগছৰ বেহা চলাই আহিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ( Drugs seized in Guwahati )।

গোপন খবৰৰ ভিত্তিত নুনমাটি আৰক্ষীৰ এটা দলে গ্ৰাহকৰ বেশত গৈ হাতে লোতে ধৰা পেলাবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাকাৰী বিশ্বজিতক। ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে গোচৰ ৰজু কৰি অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক : Anti drugs operation in Rangia: ৰঙিয়াত 7 কোটি টকাৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.