ETV Bharat / state

Amulya Kakati Memorial Award: বিশিষ্ট শিল্পী প্ৰশান্ত শৰ্মাক অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান

author img

By

Published : Feb 9, 2023, 9:43 PM IST

Amulya Kakati Memorial Award
প্ৰশান্ত শৰ্মাক অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান

বৃহস্পতিবাৰে গুৱাহাটীত প্ৰদান কৰা হ’ল স্বভাৱশিল্পী অমূল্য কাকতি স্মাৰক বঁটা (Amulya Kakati Memorial Award) ৷ নাট্যশিল্পৰ সাধক প্ৰশান্ত শৰ্মালৈ এইবাৰৰ অমূল্য কাকতি বঁটা আগবঢ়োৱা হৈছে ৷ বিশিষ্ট নাট্যশিল্পী দুলাল ৰয়ে প্ৰদান কৰে এই বঁটা ৷

প্ৰশান্ত শৰ্মাক অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান

গুৱাহাটী, 9 ফেব্ৰুৱাৰী: গুৱাহাটীৰ উজানবজাৰত থকা বিবেকানন্দ কেন্দ্ৰত নাট্যশিল্পৰ বিশিষ্ট সাধক প্ৰশান্ত শৰ্মাক বৃহস্পতিবাৰে স্বভাৱশিল্পী অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান কৰা হয় (Amulya Kakati Memorial Award)। ছাত্র-শিল্পী-সাহিত্যিক কল্যাণ ন্যাস আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট নাট্যশিল্পী দুলাল ৰয়ে নাট্যশিল্পৰ সাধক প্ৰশান্ত শৰ্মাক এই বঁটা প্ৰদান কৰে । বঁটা হিচাপে প্ৰশান্ত শৰ্মাক ফুলৰ থোপা, স্মাৰক, ফুলাম গামোচা, নগদ ২৫ হাজাৰ টকা আগবঢ়োৱা হয় (Amulya Kakati Memorial Award ceremony)।

বঁটা গ্ৰহণ কৰি প্ৰশান্ত শৰ্মাই কয় যে, অপেছাদাৰী নাট্যকৰ্ম অতি দায়বদ্ধশীল । শিল্প কলাৰ এক নিৰ্দিষ্ট দৰ্শন থাকে । নাটকে সমাজ জীৱনৰ‌ আশা আকাংক্ষাক তুলি ধৰে । সমাজক বাট দেখুওৱাৰ বাবে নাটক শক্তিশালী মাধ্যম । তেওঁ লগতে কয় যে, তেওঁ সমাজক বিকশিত কৰাৰ‌ বাবে নাটক কৰি আহিছে । শিল্পী হ’বলৈ প্ৰচুৰ আত্মসমালোচনা কৰিব পাৰিব লাগিব (Dramatist Prashant Sharma) ।

অনুষ্ঠানত ভাষণ দি বিশিষ্ট শিল্পী দুলাল ৰয়ে কয়, ‘‘অমূল্য মোৰ সৰু ভাতৃৰ দৰে আছিল । ব্যক্তিত্ব সম্পূৰ্ণ বেলেগ আছিল । বৰ‌ প্ৰগতিশীল আছিল । চিৰিয়াছ নাট্যকাৰ আছিল’’ । ন্যাসৰ সভাপতি বীৰেন সিংহই কয় যে, কিছুমান ব্যক্তিৰ চিন্তা আৰু কৰ্মই সমাজক পোহৰাই তোলে, জাতীয় জীৱনক পোহৰাই তোলে । অমূল্য কাকতি তেনে এগৰাকী ব্যক্তি আছিল । স্বভাৱশিল্পী অমূল্য কাকতি নাট্যকাৰ, গল্পকাৰ, চিত্রনাট্যকাৰ, আলোক-চিত্র শিল্পী, পৰিচালক আৰু সুদক্ষ অভিনেতা আছিল (Assam Dramatist Amulya Kakati)।

অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰসন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, অমূল্য কাকতিয়ে মানৱীয় সম্পৰ্কৰ বিষয়ে শিকাইছিল । তেওঁ আছুক সাংস্কৃতিক আন্দোলন কৰিবলৈ শিকাইছিল । অমূল্য কাকতি আছিল ছাত্র-শিল্পী-সাহিত্যিক কল্যাণ ন্যাসৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য । এগৰাকী তীক্ষ্ণ মেধাবীসম্পন্ন লেখক হিচাবে নিজকে প্ৰতিষ্ঠা কৰা অমূল্য কাকতি যথার্থতে আছিল এজন সুদক্ষ নাট্যকাৰ ।

তেওঁৰ দ্বাৰা প্রযোজিত আৰু পৰিচালিত টেলি নাট ‘সেইবাটে’, ‘কুঁহিৰামৰ প্ৰেম’, ‘অজ্ঞান এন্ধাৰ বিনাশী', ‘ঢোলে ডগৰে’, ‘আশাৰ ৰেঙনি’ আদি তেওঁৰ শিল্পকৰ্মৰ উজ্জ্বল চানেকি । ৰজত কমল পুৰস্কাৰেৰে সন্মানিত “অল এল’ন ইফ নীড বি” নামৰ শৰৎ চন্দ্ৰ সিংহৰ জীৱনভিত্তিক তথ্যচিত্ৰখনো তেওঁ নিৰ্মাণ কৰিছিল ।

উল্লেখ্য যে, বঁটাপ্ৰাপক প্ৰশান্ত শৰ্মাই বৰ্তমানলৈকে একুৰিতকৈয়ো অধিক নাট দক্ষতাৰে পৰিচালনা কৰি ৰসজ্ঞ সকলৰ পৰা ভূয়সী প্রশংসা বুটলিবলৈ সক্ষম হৈছে । শিশু নাট পৰিচালনা কৰিছে কমেও ১৪ খন । ৫ খন অনাতাঁৰ নাট পৰিচালনা কৰা শৰ্মাই সৰুতে ভাওনা চাই আকৃষ্ট হৈ পিচলৈ ভাওনা পৰিচালনাত হাত দিয়ে । তেওঁ তিনিখন ভাওনা পৰিচালনাও কৰিছে । ১৯৭১ চনৰ ৩১ ডিচেম্বৰত শিৱসাগৰৰ ভটিয়াপাৰত জন্ম লাভ কৰা প্ৰশান্ত শৰ্মাই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ চিনিয়ৰ ফেল’শ্বিপ লাভ কৰিছে । অনুষ্ঠানত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, বিপুল‌ ৰাভা আদি উপস্থিত আছিল ।

লগতে পঢ়ক: Actor Leonardo DiCaprio : কাজিৰঙাৰ এশিঙীয়াক লৈ কি ক’লে হলীউডৰ লিওনাৰ্ডোৱে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.