ETV Bharat / state

Assam assembly budget session: মহাৰাষ্ট্ৰ বিধায়ক বাচ্চু কাডুক শাস্তি প্ৰদানৰ দাবীৰে উত্তাল হ’ল সদন; বিৰোধীৰ সদন ত্যাগ

author img

By

Published : Mar 10, 2023, 7:01 PM IST

Assam assembly budget session
মহাৰাষ্ট্ৰ বিধায়ক বাচ্চু কাডুক শাস্তি প্ৰদানৰ দাবীৰে উত্তাল হ’ল সদন

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই উত্তাল হৈ পৰিল সদন (Assam assembly budget session) ৷ মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৱে অসমৰ মানুহে কুকুৰ খায় বুলি কৰা মন্তব্যক লৈ সদনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ যাৰবাবে ৰাজ্যপালে আধাতে ভাষণ সামৰিব লগা হোৱাৰ লগতে বিৰোধী বিধায়কে ত্যাগ কৰে সদন ৷

গুৱাহাটী, 9 মাৰ্চ: অসমৰ মানুহে কুকুৰ খায় আৰু অসমত কুকুৰৰ চাহিদা আছে বুলি মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৱে কৰা অপমানজনক মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া (Send stray dogs to Assam) ৷ বাচ্চু কাডুৰ বিৰুদ্ধে ইতিমধ্যেই ৰাজ্যৰ কেইবাখনো থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ আনফালে বাচ্চু কাডুৰ শাস্তিৰ দাবীত ৰাজ্যৰ বিৰোধী বিধায়কসকলে আকোঁৰগোজ স্থিতি গ্ৰহণ কৰাত শলঠেকত পৰিছে শাসকীয় দল বিজেপি ৷

উল্লেখ্য যে, অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যপালৰ ভাষণৰ মাজতে কুকুৰৰ প্ৰংসগকলৈ বিধানসভাৰ মজিয়া উত্তাল হৈ পৰিল । শুকুৰবাৰে পুৱা 9 বজাৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ মাজত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কুকুৰ মাংস বিতৰ্ক প্ৰসংগটো উত্থাপন কৰে । ইয়াক সমৰ্থন জনায় কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে (Bacchu Kadu controversial statement on Assam) ।

ইয়াকে লৈ সদনত এক হুলুস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । বিৰোধীৰ উত্তাল প্ৰতিবাদত ৰাজ্যপালে 17 মিনিটৰ ভাষণ দি আধাতে সামৰিবলৈ বাধ্য হয় । ইয়াৰ প্ৰতিবাদ জনাই বিৰোধীয়ে সদন আধাতে ত্যাগ কৰে । স্মৰ্তব্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰী দল প্ৰহৰ জনশক্তি দলৰ বিধায়ক বাচ্চু কাডুয়ে অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি মহাৰাষ্ট্ৰৰ বিধানসভাত মন্তব্য কৰিছিল (Dog meat controversy) ।

গুৱাহাটীত ৰাজআতিথ্যত থাকি যোৱা বিধায়কগৰাকীয়ে বিধানসভাত কৈছিল ‘‘অসমৰ মানুহে কুকুৰৰ মাংস খায় । মহাৰাষ্ট্ৰত কুকুৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক । অসমত কুকুৰৰ মাংসৰ চাহিদা আছে ।’’ কাডুৰ এই মন্তব্যই সমগ্ৰ অসমবাসীৰ মনত বিৰূপ প্ৰভাৱ পেলাইছে । বিধানসভাৰ অধিৱেশন আধাতে ত্যাগ কৰি বিধানসভাৰ বাহিৰত কংগ্ৰেছ, এ আই ডি এফ, ৰাইজৰ দল আৰু চি পি আই এমৰ বিধায়কে কুকুৰৰ মাংসৰ প্ৰসংগকলৈ অসমবাসীক অপমান কৰা মহাৰাষ্ট্ৰৰ শাসকীয় দলৰ বিধায়ক বাচ্চু কাডুৰ শাস্তিৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে (Maharashtra MLA insulted Assam) ।

বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই মাংসৰ প্ৰসংগকলৈ অসমবাসীক অপমান কৰা মহাৰাষ্ট্ৰৰ শাসকীয় দলৰ বিধায়ক বাচ্চু কাডুৰ শাস্তিৰ দাবী তুলি কয় যে- বিজেপি সমৰ্থিত মহাৰাষ্ট্ৰ চৰকাৰৰ বিধায়ক হোৱাৰ বাবে বাচ্চু কাডুৰ বিৰুদ্ধে অসম চৰকাৰ নিমাত হৈ আছে ।

মন কৰিবলগীয়া যে, অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি অসমবাসীক অপমান কৰা বাচ্চু কাডুৰ বিৰুদ্ধে আছে বহু অভিযোগ । শেহতীয়াকৈ নাচিকৰ সত্ৰ আদালতে এগৰাকী চৰকাৰী উচ্চ পদস্থ বিষয়াক অপদস্থ কৰাৰ গোচৰত এবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে । নাচিকৰ সত্ৰ আদালতে 353 (Assault or criminal force on a public servant) আৰু 504 (Intentional insult) অধীনত এই নিৰ্দেশ দিছে ।

অৱশ্যে এই গোচৰত কাডুয়ে জামিন লাভ কৰি বোম্বে উচ্চ ন্যায়ালয়ত নাচিকৰ সত্ৰ আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে আপীল কৰিছে । উল্লেখ্য যে, 2017 চনত নাচিক পৌৰ নিগমৰ আয়ুক্ত অভিষেক কৃষ্ণাক তেওঁৰ কাৰ্যালয়ত কৰ্মৰত অৱস্থাতে কাডুৱে প্ৰহাৰ কৰি অপদস্থ কৰিছিল । এই সন্দৰ্ভত চৰকাৰৱাডা আৰক্ষী থানাত কাডুৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছিল ।

সেয়া যি কি নহওক, অসমক লৈ অপমানজনক মন্তব্য কৰা মহাৰাষ্ট্ৰৰ এইগৰাকী বিতৰ্কিত বিধায়কৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব নে, সেয়াহে এতিয়া লক্ষ্যনীয় বিষয় ৷

লগতে পঢ়ক: Tutor protest in Guwahati: ন্যায্য প্ৰাপ্তিৰ দাবীৰে 8 সহস্ৰাধিক শিক্ষকৰ প্ৰতিবাদত কঁপিল খানাপাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.