ETV Bharat / state

কাতি বিহু উপলক্ষে মহানগৰীত তুলসী পুলি বিতৰণ

author img

By

Published : Oct 18, 2020, 8:27 AM IST

Distribution of Tulsi Puli in the metropolis on the occasion of Kati Bihu
কাতি বিহু উপলক্ষে মহানগৰীত তুলসী পুলি বিতৰণ

কাতি বিহু উপলক্ষে গুৱাহাটীত ব্যতিক্ৰমী পদক্ষেপ ৷ ৰাইজৰ মাজত বিতৰণ কৰিলে তুলসীৰ পুলি ৷ পৰিৱেশ সংৰক্ষণ আৰু সজাগতাৰ বাবে এই পদক্ষেপ যুৱকৰ ৷

গুৱাহাটী, 18 অক্টোবৰ : অসমীয়াৰ বাপতি সাহোন কাতি বিহু উপলক্ষে ৰক্ত কণিকা আৰু মোগল তেহজিবৰ ব্যতিক্ৰমী পদক্ষেপ ৷ পৰিৱেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰিলে সংস্থা দুটাই ।

ৰক্তকণিকা আৰু মোগল তেহজিবৰ সংস্থা দুটাই গুৱাহাটীৰ ৰাজধানী মছজিদৰ সমীপত বিতৰণ কৰিলে তুলসীৰ পুলি । প্ৰায় 50 টা তুলসী গছৰ পুলি বিনামূলীয়াকৈ পথচাৰীৰ মাজত বিতৰণ কৰিলে সুহান মাল্লিক নামৰ যুৱকজনে

উল্লেখযোগ্য যে, এইগৰাকী সুহান মাল্লিকে বিভিন্ন সময়ত পৰিৱেশ সংৰক্ষণ আৰু গঁড় হত্যা ৰোধৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন সজাগতামূলক কাৰ্যকলাপ কৰি আহিছে । যাৰ বাবে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে কিশোৰ গৰাকীয়ে । কিশোৰ গৰাকীৰ এনে কৰ্মৰ বাবে কিছুদিন পূৰ্বে অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত বন্যপ্ৰাণী সপ্তাহ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষভাৱে সম্বৰ্ধনা জনাইছিল কিশোৰ গৰাকীক

লগতে পঢ়ক : সতীৰ্থৰ মুখত লেকাম লগাওকঃ মুখ্যমন্ত্ৰীলৈ বিৰোধী দলপতিৰ চিঠি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.