ETV Bharat / state

সতীৰ্থৰ মুখত লেকাম লগাওকঃ মুখ্যমন্ত্ৰীলৈ বিৰোধী দলপতিৰ চিঠি

author img

By

Published : Oct 17, 2020, 10:17 PM IST

ৰাজহুৱা সভা সমিতি বা সামাজিক মাধ্যমত এইসকল বিজেপি নেতাই এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰি অহাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে গৃহ বিভাগে কেনো ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যজনক বুলি উল্লেখ কৰে পত্ৰখনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

letter to cm  dababtra saikiya
সতীৰ্থৰ মুখত লেকাম লগাওকঃ মুখ্যমন্ত্ৰীলৈ বিৰোধী দলপতিৰ চিঠি

গুৱাহাটী, ১৭ অক্টোবৰঃ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সত্যৰঞ্জন বৰালৈকে, বিধায়ক শিলাদিত্য দেৱৰ পৰা আৰম্ভ কৰি ৰমাকান্ত দেউৰী, মৃণাল শইকীয়ালৈকে। এইসকল বিজেপি নেতাই ৰাজহুৱাকৈ সমাজক ক্ষতি কৰিব পৰা ভয়ংকৰ মন্তব্য ধাৰাবাহিকভাবে কৰি অহাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ বা গৃহ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণ কি ? এই প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

letter to cm  dababtra saikiya
সতীৰ্থৰ মুখত লেকাম লগাওকঃ মুখ্যমন্ত্ৰীলৈ বিৰোধী দলপতিৰ চিঠি

বিৰোধী দলপতি গৰাকীয়ে এই প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰিছে এখন পত্ৰ। ৰাজহুৱা সভা সমিতি বা সামাজিক মাধ্যমত এইসকল বিজেপি নেতাই এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰি অহাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে গৃহ বিভাগে কেনো ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যজনক বুলি উল্লেখ কৰা হয় পত্ৰখনত। অথচ গৃহ বিভাগৰ দায়িত্বত আছে স্বয়ং মুখ্যমন্ত্ৰী। সমাজ অস্থিৰ কৰা এনে লোকসকলৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা হাতত লবলৈ দাবী জনাইছে বিৰোধী দলপতি গৰাকীয়ে।

লগতে পঢ়কঃ ৰাজ্যজুৰি পালন কৰিলে হেপাহৰ কাতি বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.