ETV Bharat / state

Distribution of appointment letters : ৩১৮ গৰাকীক শিক্ষা বিভাগৰ নিযুক্তি-পত্ৰ বিতৰণ

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 4:53 PM IST

শিক্ষা বিভাগৰ খালী পদৰ চাকৰিৰ বাবে বিজ্ঞাপন দিয়া হ'ব বুলি মন্তব্য় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । শিক্ষা বিভাগৰ বিভিন্ন সঞ্চালকালয়ৰ অধীনত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত ঘোষণা শিক্ষা মন্ত্ৰীৰ ।

Education Minister Dr Ranoj Pegu
শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

গুৱাহাটী, ৭ অক্টোবৰ: শিক্ষা বিভাগৰ বিভিন্ন সঞ্চালকালয়ৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীলৈ শনিবাৰে নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ।‌ প্ৰাথমিক শিক্ষাৰ ২৪১ গৰাকী দিব্যাংগ প্ৰাৰ্থী, উচ্চ শিক্ষাৰ ২৭ গৰাকী সহকাৰী অধ্যাপক আৰু অন্যান্য পদত আৰু এছ চি ই আৰ টিৰ ৫০ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হয় ।‌ গুৱাহাটী মহানগৰীৰ মাছখোৱা আই টি এ সাংস্কৃতিক প্ৰকল্পত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে এই নিযুক্তি পত্ৰ প্ৰদান কৰে । এই অনুষ্ঠানত ভাষণ প্ৰসংগত শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে কয় যে ২০১২ চনৰ পৰা টেট শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ।‌ এতিয়ালৈ যোৱা ১১ বছৰত শিক্ষা বিভাগত ২ লাখৰ চাকৰি হৈছে ।‌‌ শিক্ষা বিভাগত দুবছৰত ৩০,৫৩৫ গৰাকীক নিযুক্তি দিয়া হৈছে ।

শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক সময়ত শিক্ষা বিভাগৰ খালী পদৰ চাকৰিৰ বাবে বিজ্ঞাপন দিয়া হ'ব ।‌ অতি কমেও শিক্ষা বিভাগৰ ১৩,০০০ পদত চাকৰিৰ বিজ্ঞাপন দিয়া হ'ব । তেওঁ কয় যে মাত্ৰ টেট উত্তীৰ্ণ হ'লেই প্ৰাৰ্থীয়ে চাকৰি নাপায় ।‌ এয়া এক শিক্ষক যোগ্যতা নিৰূপণ পৰীক্ষা মাত্ৰ । এইবাৰৰ পৰা শিক্ষা বিভাগে নিযুক্তিৰ বাবে আছুতীয়া পৰীক্ষা পাতিব ।‌ নতুন মূল্য়াংকনৰ পৰীক্ষণৰ জৰিয়ত LP আৰু MP শিক্ষকসকলৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় শিক্ষা মন্ত্ৰীগৰাকীয়ে ।

তেওঁ পুনৰ কয় যে Tet cum requirements পৰীক্ষাৰ জৰিয়তে হাইস্কুলৰ শিক্ষক নিযুক্তি দিয়া হ'ব ।‌ শিক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ শিক্ষা ব্যৱস্থাক ডিজিটেলাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে । শিক্ষা সেতুৰ জৰিয়তে অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাক ডিজিটেলাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে । এইক্ষেত্ৰত শিক্ষা বিভাগ যথেষ্ট সফল‌ হৈছে বুলি তেওঁ কয় । অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত শিক্ষা উপদেষ্টা ননী গোপাল মহন্তই অসম শিক্ষা বিভাগৰ গুণগত শিক্ষা সংস্কাৰৰ বিষয়ে চমু ভাষণ দিয়ে ।

লগতে পঢ়ক:Santosh Trophy matches 2023 : ৮ অক্টোবৰৰ পৰা কোকৰাঝাৰত ৭৭ সংখ্যক সন্তোষ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ৰ প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.