ETV Bharat / state

চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ ধৈৰ্য্য কোঁৱৰক

author img

By

Published : Mar 19, 2020, 5:27 PM IST

বিগত তিনিদিন ধৰি প্ৰচণ্ড মূৰৰ বিষ আৰু জ্বৰত ভুগি আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰক ৷ ধৈৰ্য্য কোঁৱৰৰ অভিযোগ কেন্দ্ৰীয় কাৰাগাৰত নাই পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা ৷

Dhairya Kunwor is been send to GMCH
চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ ধৈৰ্য্য কোঁৱৰক

কামৰূপ,19 মাৰ্চঃ বৃহস্পতিবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চিকিৎসাৰ বাবে GMCH লৈ অনা হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰক ৷ বিগত তিনিদিন ধৰি প্ৰচণ্ড মূৰৰ বিষ আৰু জ্বৰত ভুগি আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক গৰাকী ৷ ধৈৰ্য্য কোঁৱৰৰ অভিযোগ কাৰাগাৰত নাই পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা ৷ উল্লেখ্য যে, যি সময়ত কৰ‘ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে সেই সময়ত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কোনোধৰণৰ সজাগতা ব্যৱস্থা গ্ৰহণ কৰা নাই কাৰাগাৰ কৰ্তৃপক্ষই ৷

চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ ধৈৰ্য্য কোঁৱৰক

আনহাতে, বৃহস্পতিবাৰে পুৱাৰ ভাগতে অখিল গগৈক শিৱসাগৰলৈ লৈ যোৱা সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি তেখেতে কয় যে, অখিল গগৈক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ষড়যন্ত্ৰমূলক ভাৱে বন্দী কৰি ৰাখিব বিচাৰিছে ৷ কিন্তু অখিল গগৈৰ মুক্তিৰ দাবী কেৱল ৰাজ্যতে নহয় বিশ্বৰ ভিন্ন প্ৰান্তত হৈ আছে ৷ নিয়া আদালতৰ পৰা জামিন লাভ কৰাৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে অখিল গগৈক গ্ৰেপ্তাৰ কৰা কাৰ্যক সম্পূৰ্ণ ষড়যন্ত্ৰমূলক আখ্যা দিয়ে ধৈৰ্য কোঁৱৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.