ETV Bharat / state

ULFA peace Talk: কেন্দ্ৰ-অসম চৰকাৰৰ সৈতে আলফাৰ ত্ৰিপাক্ষিক বৈঠক; খিলঞ্জীয়াৰ অধিকাৰৰ ওপৰত আলোচনা

author img

By

Published : Aug 18, 2023, 10:57 PM IST

নতুন দিল্লীত আলফা, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক ৷ শান্তি চুক্তি সম্পন্ন কৰাৰ বাবে বিভিন্ন দাবীৰ সন্দৰ্ভত আলোচনা ৷ আলফাৰ চাৰি নেতাৰ লগতে উপস্থিত থাকে মধ্যস্থতাকাৰী এ কে মিশ্ৰ ৷

ULFA peace Talk
ULFA peace Talk

নিউজ ডেস্ক, 18 আগষ্ট: নতুন দিল্লীত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আলোচনাপন্থী আলফা (ULFA) গোটৰ সৈতে ত্ৰিপাক্ষিক শান্তি আলোচনা অনুষ্ঠিত হয় ৷ এই আলোচনাত অংশ লয় আলোচলাপন্থী আলফা গোটৰ চাৰিগৰাকী নেতাই ৷ ইয়াৰ ভিতৰত আছে অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া ৷

এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি এই আলোচনা এতিয়াও সম্পূৰ্ণ হোৱা নাই ৷ বৈঠক আলফাৰ মূল দাবীসমূহৰ ওপৰত আলোচনা কৰা হয় ৷ বিশেষকৈ খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ বিষয়টোৰ ওপৰত গভীৰভাৱে আলোচনা কৰা হৈছে ৷ কিয়নো আলফাই খিলঞ্জীয়াৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষা কৰাৰ বাবে বিধানসভা, সংসদ আৰু স্থানীয় ক্ষেত্ৰত 88 শতাংশ আসন সংৰক্ষণৰ দাবী জনাই আহিছে ৷

জানিব পৰা মতে আলোচনাত মুঠ 11 টা দাবী উত্থাপন কৰিছে আলোচনাপন্থী আলফাই ৷ অৱশ্যে দাবীৰ সৱিশেষ এতিয়াও জানিব পৰা হোৱা নাই ৷ বৈঠকত উপস্থিত আছিল ভাৰত চৰকাৰ আৰু আলফাৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰ ৷

উল্লেখ্য যে ভাৰত চৰকাৰে আলফাৰ সৈতে শান্তি চুক্তি সম্পাদন কৰিবলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ ইফালে চলিত বৰ্ষতে আলফাক স্বাক্ষৰ হ’ব লগা শান্তি চুক্তিখনৰ খচৰা প্ৰদান কৰিছিল ভাৰত চৰকাৰে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আশা প্ৰকাশ কৰিছিল যে এই খচৰা যদি আলফাই মানি লয় তেন্তে শীঘ্ৰেই শান্তি চুক্তি স্বাক্ষৰ কৰা হ’ব ৷

কিন্তু ভাৰত চৰকাৰে প্ৰদান কৰা খচৰাখনক লৈ আলফা মান্তি নোহোৱাৰ বাবে পুনৰ আৰম্ভ কৰা হৈছে আলোচনা প্ৰক্ৰিয়া ৷ 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে শান্তি চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আলোচনা তৰান্বিত কৰিছে ভাৰত চৰকাৰে ৷

লগতে পঢ়ক: ULFA Peace Accord: শুকুৰবাৰে নতুন দিল্লীত আলফা-কেন্দ্ৰ চৰকাৰৰ বৈঠক; শান্তি চুক্তিৰ ওপৰত হ’ব আলোচনা


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.