ETV Bharat / state

Guwahati road accident:গুৱাহাটীৰ পথ-দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ আহিল দিল্লীৰ ফৰেনছিক দল

author img

By

Published : May 31, 2023, 1:25 PM IST

জালুকবাৰীত সংঘটিত হোৱা ভয়ংকৰ পথ-দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে দিল্লীৰ পৰা অহা ফৰেনছিকৰ দলে (AEC students accident news) ৷

road accident in Guwahati
শোকাৱহ পথ-দুৰ্ঘটনা

গুৱাহাটী, 31 মে’ : গুৱাহাটীৰ জালুকবাৰীত দেওবাৰে নিশা সংঘটিত হোৱা শোকাৱহ পথ-দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ মংগলবাৰে দিল্লীৰ পৰা ফৰেনছিকৰ দল আহি গুৱাহাটীত উপস্থিত হয় । ফৰেনছিকৰ দলটোৱে প্ৰথমে জালুকবাৰীত যান-বাহন আৰক্ষী চকীত ৰাখি থোৱা পথ-দুৰ্ঘটনাত পতিত স্ক’ৰপিঅ বাহনখনৰ পৰা নমুনা সংগ্ৰহ কৰে । তাৰ পিচত দুৰ্ঘটনাস্থলীত গৈ নমুনা সংগ্ৰহ কৰে (Delhi forensic team) । পিচত আৰক্ষীয়ে ফৰেনছিকৰ দলটোক লগত লৈ ছাত্ৰকেইজন থকা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰবাসলৈয়ো যায় । ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে (Road accident in Guwahati) ।

উল্লেখ্য যে, গুৱাহাটীৰ জালুকবাৰীত দেওবাৰে মাজনিশা ভয়ংকৰ পথ-দুৰ্ঘটনা সংঘটিত হৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জন ছাত্ৰ থিতাতে নিহত হৈছিল (7 AEC student died in Ghy road accident) । ছাত্ৰকেইজন এখন স্ক’ৰপিঅ গাড়ীত আছিল । দেওবাৰে মাজনিশা চানডুবিৰ পৰা আহি থকা অৱস্থাত স্ক’ৰপিঅ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি বিপৰীত দিশৰ পৰা আহি থকা এখন বলেৰ’ পিকআপ ভানক খুন্দা মৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । স্ক’ৰপিঅ বাহনখনত থকা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 10 জন ছাত্ৰৰ ভিতৰত ৭ জন ছাত্ৰ থিতাতে নিহত হয় । নিহত ছাত্ৰ কেইজনৰ নাম ডিব্ৰুগড়ৰ ইমন‌ বৰুৱা, মংগলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মহন, নগাঁৱৰ উপাংশু শৰ্মা, মাজুলীৰ ৰাজ কিৰণ ভূঞা আৰু গুৱাহাটীৰ অৰিন্দম ভাৱাল আৰু নুমলীগড়ৰ নিয়ৰ ডেকা । নিহত আটাইকেইজন ছাত্ৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আৰু ৭ নম্বৰ হোষ্টেলৰ আৱাসী । দুৰ্ঘটনা সংঘটিত হোৱা স্ক’ৰপিঅখনৰ নম্বৰৰ AS-01-FK-9605 আৰু বলেৰ’ পিকআপ ভানখনৰ ন‌ম্বৰ AS-01-GC-8829 ।

ইপিনে জালুকবাৰীৰ পথ দুৰ্ঘটনাত আহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনিজন ছাত্ৰ এতিয়াও এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছে । সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে যোৰহাটৰ অৰ্পণ ভূঞা, মৃন্ময় বৰা, বঙাইগাঁৱৰ অৰ্ণৱ চক্ৰৱৰ্তী । আই চি ইউত চিকিৎসাধীন হৈ আছে ছাত্ৰকেইজন । আনহাতে এই পথ দুৰ্ঘটনাত আহত বলেৰ’ পিকআপ ভানখনৰ চালক সহ তিনিজন জি এম চি এইছত ভৰ্তি হৈ আছে । সেই তিনিজন ক্ৰমে ইউচুফ আলী, ৰাজীৱ আলী আৰু মোজ্জামিল হক । তেওঁলোকো আই চি ইউত চিকিৎসাধীন হৈ আছে (Jalukbari accident news) ।

আনহাতে মংগলবাৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত আছুৰ প্ৰতিনিধি দল উপস্থিত হয় । জালুকবাৰীৰ দুৰ্ঘটনাৰ বুজ ল'বলৈ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ অতুল বৰাক সাক্ষাৎ কৰে আছুৰ নেতৃবৃন্দই । ইতিমধ্যে জালুকবাৰীত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে নিজাববীয়াকৈ তদন্ত ঘোষণা কৰিছে অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অতুল বৰাই । মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা ক্রমে ড৹ অৰূপ বৰদলৈ, ড৹ শশাংক শেখৰ শৰ্মা, ড৹ শশাংক বৰা, ড৹ পি কে চৌধুৰী, অধ্যাপক বি জে দাস, ড৹ অবিনাশ মহন্ত, ড৹ বৰ্ণালী গগৈ, ড৹ জয়ন্ত পাঠক, ড৹ কল্যাণ কলিতা আৰু ড৹ নৱজিৎ শ‍ইকীয়াক লৈ এখন দহজনীয়া তদন্ত সমিতি গঠন কৰিছে । অহা দুদিনৰ ভিতৰত তদন্ত প্রতিবেদন দাখিল কৰিবলৈ তদন্ত সমিতিখনক নির্দেশ দিছে অধ্যক্ষ ড৹ অতুল বৰাই ।

লগতে পঢ়ক : AEC students death: ৭ মেধাৱী ছাত্ৰৰ অকাল মৃত্যুৰ বাবে দায়ী কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.