ETV Bharat / state

চৰকাৰৰ হেমাহিৰ বাবে জটিল হৈ পৰিছে বিদেশী চিনাক্তকৰণৰ ন্যায়িক প্ৰক্ৰিয়া

author img

By

Published : Aug 19, 2021, 4:57 PM IST

ৰাজ্যৰ ১০০ খন বিদেশী ন্যায়াধিকৰণ(Foreigners tribunal)ৰ সদস্যৰ কাৰ্যকাল বিগত ২৩ মে'ত উকলি যোৱাৰ পাছতো এই পৰ্যন্ত সদস্যসকলৰ কাৰ্যকাল বৃদ্ধিত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা নাই। পুৰণি সদস্যসকলৰ কাৰ্যকাল বৃদ্ধি নোহোৱাটোৱে জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে নৱনিযুক্ত ২০০ গৰাকী সদস্যই চৰম সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । নতুন সদস্যসকলক স্বতন্ত্র বিদেশী ন্যায়াধিকৰণৰ সদস্য হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে চৰকাৰে পুৰণি এশ বিদেশী ন্যায়াধিকৰণতে তেওঁলোকক সংযুক্ত কৰি ৰাখিছে ।

Crisis of foreigners tribunals
চৰকাৰৰ হেমাহিৰ বাবে জটিল হৈ পৰিছে বিদেশী চিনাক্তকৰণৰ ন্যায়িক প্ৰক্ৰিয়া

গুৱাহাটী, ১৯ আগষ্ট: অনুপ্ৰৱেশৰ অন্তহীন সমস্যাই ৰাজ্যখনক ভাৰাক্ৰান্ত কৰি ৰখাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ চৰম হেমাহিৰ বাবে স্বদেশী, বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটোৱে সংকটৰ সন্মুখীন হৈছে । চৰকাৰৰ অমনোযোগিতাৰ বাবে বিদেশী চিনাক্তকৰণৰ বাবে স্থাপন কৰা বিদেশী ন্যায়াধিকৰণসমূহে অস্তিত্বৰ সংকটত ভূগিবলগীয়া হৈছে । বৰ্তমান ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণসমূহত ১,৩৬,১৭৩ টা গোচৰ অমীমাংসিত হৈ আছে । অমীমাংসিত গোচৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে বিদেশী ন্যায়াধিকৰণসমূহ বৰ্তি থকাৰ বিষয়টোকলৈ অনিশ্চয়তাই দেখা দিছে ।

Crisis of foreigners tribunals
চৰকাৰৰ হেমাহিৰ বাবে জটিল হৈ পৰিছে বিদেশী চিনাক্তকৰণৰ ন্যায়িক প্ৰক্ৰিয়া

উল্লেখ্য যে, ৰাজ্যৰ এশখন বিদেশী ন্যায়াধিকৰণৰ সদস্যৰ কাৰ্যকাল বিগত ২৩ মে'ত উকলি যোৱাৰ পাছতো এই পৰ্যন্ত সদস্যসকলৰ কাৰ্যকাল বৃদ্ধিত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা নাই । যাৰ পৰিপ্ৰেক্ষিতত ন্যায়াধিকৰণসমূহ বন্ধ হোৱাৰ আশংকা কৰা হৈছে । লক্ষণীয় বিষয় যে, বিদেশী ন্যায়াধিকৰণসমূহৰ কাম-কাজ, সুবিধা-অসুবিধাসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি আহিছে উচ্চ ন্যায়ালয়ে । ডব্লিউ পি (চি) ১৭৫৪/২০১৫ নম্বৰৰ গোচৰটোৰ ভিত্তিত ন্যায়ালয়ে প্ৰতি মাহে বিদেশী ন্যায়াধিকৰণৰ কাম-কাজসমূহ নিৰীক্ষণ কৰি যাৱতীয় নীতি-নিৰ্দেশনা প্ৰদান কৰি আহিছে ।

উল্লেখ্য় যে, এই সন্দৰ্ভত অলপতে গোচৰটোৰ পুনৰ শুনানি কালত ৰাজ্যৰ এশখন বিদেশী ন্যায়াধিকৰণৰ ভৱিষ্যতকলৈ এক উদ্বেগজনক ছবি পোহৰলৈ আহে । উচ্চ ন্যায়ালয়ত উন্মোচিত তথ্য অনুসৰি ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণসমূহৰ সদস্যসকলৰ কাৰ্যকাল ২৩ মে'ত উকলি গৈছে । কিন্তু কাৰ্যকাল উকলি যোৱাৰ পাছতো বিগত প্ৰায় তিনি মাহে কেন্দ্ৰীয় চৰকাৰে সদস্যসকলৰ কাৰ্যকাল বৃদ্ধিৰ বাবে অনুমোদন জনোৱা নাই ।

উল্লেখ্য যে, সদস্যসকলৰ কাৰ্যকাল বৃদ্ধিৰ বাবে আপত্তিবিহীন প্ৰমাণপত্র বিচাৰি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰেৰে বহুবাৰ যোগাযোগ কৰিছে । কিন্তু কোনো সঁহাৰি লাভ কৰা নাই । ইফালে, পুৰণি সদস্যসকলক লৈ সৃষ্টি হোৱা এনে অনিশ্চয়তাৰ বাবেই নতুনকৈ নিযুক্তি দিয়া দুশ বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলকো কামৰ দায়িত্ব দিয়াৰ ক্ষেত্রতো জটিলতাৰ সৃষ্টি হৈছে । এই দিশসমূহ উচ্চ ন্যায়ালয়ৰ মজিয়াত অসম চৰকাৰৰ মহাধিবক্তাই দৃষ্টিগোচৰ কৰিছিল ।

Crisis of foreigners tribunals
চৰকাৰৰ হেমাহিৰ বাবে জটিল হৈ পৰিছে বিদেশী চিনাক্তকৰণৰ ন্যায়িক প্ৰক্ৰিয়া

আনহাতে, দিছপুৰৰ এক সূত্রৰ তথ্য মতে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণসমূহৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা কেতবোৰ তথ্য বিচাৰিছিল । কিন্তু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সঠিকভাৱে তথ্যসমূহ দিব নোৱাৰাৰ বাবেই বিষয়টো এনেদৰে পৰি ৰৈছে । লক্ষণীয় বিষয় যে, পুৰণি সদস্যসকলৰ কাৰ্যকাল বৃদ্ধি নোহোৱাটোৱে জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে নৱনিযুক্ত দুশ সদস্যই চৰম সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । আনকি কাৰ্যালয়ত বহি কাম কৰিবলৈ চকী-টেবুলৰ অভাৱ হৈছে ।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা লোকসকলৰ আবেদনৰ শুনানি গ্ৰহণৰ বাবে নতুনকৈ দুশ বিদেশী ন্যায়াধিকৰণৰ বাবে সদস্য বাছনি কৰা হৈছিল । কিন্তু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰা হ'ল যদিও সমগ্ৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিল । বিতৰ্কৰ মাজত সোমাই পৰিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী । যাৰ বাবে বিদেশী সংক্ৰান্তীয় পুৰণি গোচৰৰ মীমাংসাৰ বাবে নতুন দুশ সদস্যক দায়িত্ব দিয়া হয় ।

Crisis of foreigners tribunals
চৰকাৰৰ হেমাহিৰ বাবে জটিল হৈ পৰিছে বিদেশী চিনাক্তকৰণৰ ন্যায়িক প্ৰক্ৰিয়া

নতুন সদস্যসকলক স্বতন্ত্র বিদেশী ন্যায়াধিকৰণৰ সদস্য হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে চৰকাৰে পুৰণি এশ বিদেশী ন্যায়াধিকৰণতে তেওঁলোকক সংযুক্ত কৰি ৰাখিছে । উপযুক্ত আন্তঃগাঠনি নোহোৱাকৈ নতুন সদস্যসকলক সংযুক্ত কৰাৰ যথেষ্ট সমস্যাই দেখা দিছে । এই জটিল পৰিস্থিতিৰ মাজতে কেতবোৰ প্ৰশ্নৰো উদ্ভৱ হৈছে । ২৩ মে'ত কাৰ্যকাল উকলি যোৱা পুৰণি সদস্যসকলে বৰ্তমান কি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।

আনহাতে, কাৰ্যকাল উকলি যোৱাৰ পাছত এই সদস্যসকলে গোচৰ সন্দৰ্ভত দিয়া মতামত আইনৰ দৃষ্টিত কি হিচাপে গণ্য কৰা হ'ব । সেইদৰে স্বতন্ত্র বিদেশী ন্যায়াধিকৰণৰ দায়িত্ব নোপোৱা নতুন সদস্যসকলে বিদেশী সংক্ৰান্তীয় গোচৰ মীমাংসা কৰিবলৈ যাওঁতে নাইবা জাননী আদি জাৰি কৰাৰ ক্ষেত্রত কি হিচাপে জাননীত স্বাক্ষৰ কৰিব । এনেবোৰ প্ৰশ্নই বৰ্তমান এই সমগ্ৰ প্ৰক্ৰিয়াটোক আৰু অধিক জটিল কৰি তুলিছে ।

লগতে পঢ়ক:জোনাইত অ-প্রাদেশিকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.