ETV Bharat / state

ক’ৰ্ট-কাছাৰী দেখি নোপোৱা এখন অপৰাধমুক্ত গাঁৱলৈ যাওঁ আহক...

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:47 PM IST

Updated : Dec 19, 2023, 11:06 PM IST

Crime Free Village : এখন অপৰাধমুক্ত গাঁও ৷ যিখন গাঁৱত আজি পৰ্যন্ত ভৰি দি পোৱা নাই পুলিচে ৷ আনকি যিখন গাঁৱৰ মানুহে দেখি পোৱা নাই ক’ৰ্ট-কাছাৰীও ৷ আচৰিত নহ’ব, আপোনালোকক আজি লৈ যাব খুজিছো তেনে এখন গাঁৱলৈ, যিখন গাঁৱত আজিলৈকে সংঘটিত হোৱা নাই এটাও অপৰাধজনিত অথবা হিংসাত্মক ঘটনা ৷

Crime free village in Rani Satar Gaon
ক’ৰ্ট-কাছাৰী, আৰক্ষী দেখি নোপোৱা এখন ব্যতিক্ৰমী গাঁও

কাছাৰী দেখি নোপোৱা এখন অপৰাধমুক্ত গাঁৱলৈ যাওঁ আহক

গুৱাহাটী, ১৯ ডিচেম্বৰ : প্ৰকৃতিৰ সেউজীয়া আৱৰণৰ মাজত আছে এখন গাঁও ৷ যিখন গাঁৱৰ প্ৰাকৃতিক পৰিৱেশে মুগ্ধ কৰে সকলোকে ৷ যান্ত্ৰিকতা আৰু বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ মাজতো যে এনে এখন গাঁও থাকিব পাৰে, সেয়া কল্পনাতীত ৷

প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ, নিজৰাৰ কুলুকুলি ধ্বনি, প্ৰকৃতিৰ বিশুদ্ধ বায়ু প্ৰবাহৰ মাজত থকা এই বিশেষ গাঁওখন আছে আভিজাত্যৰ প্ৰতীক গুৱাহাটী মহানগৰীৰ নিচেই কাষতে ৷ মহানগৰীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাণী বনাঞ্চলৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে এই বিশেষ গাঁওখন ।

প্ৰায় ৬০ টা ৰাভা জনগোষ্ঠী পৰিয়ালে পূৰ্বপুৰুষৰ দিনৰে পৰাই এই ছাটাৰ গাঁৱত বাস কৰি আহিছে । মূলপথৰ পৰা প্ৰায় সাত কিলোমিটাৰ ভিতৰৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা গাঁওখনৰ আছে আন এক বিশেষত্ব । য’ত হাতী-মানুহে সহৱস্থান কৰে ।

অৱশ্যে বনৰীয়া হাতীয়ে গাঁওবাসীক কোনো ধৰণৰ ক্ষয়-ক্ষতি নকৰে ৷ গাঁওখনৰ ইতিহাসত চলিত বৰ্ষতহে হাতীৰ গচকত এগৰাকী মহিলাৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । গুৱাহাটীত হত্যা- হিংসা, চুৰি-ডকাইতি, প্ৰৱঞ্চনা আদি দৈনিক অপৰাধৰ বাতৰিয়ে শিৰোনাম দখল কৰি থাকে । কিন্তু তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে মহানগৰীৰ সমীপৱৰ্তী এই গাঁওখনত ।

ইফালে গাঁওখনৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ চাবলৈ বিভিন্ন সময়ত বহু পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় । এই ছাটাৰ গাঁওবাসীৰ জীৱিকা হৈছে খেতি । কিন্তু হাতীৰ বাবে গাঁওখনত খেতি কৰিব নোৱৰাৰ হেতুকে গাঁওবাসীয়ে আন গাঁৱলৈ গৈ খেতি কৰে । খেতিৰ লগতে পশুপালনো কৰে গাঁওবাসীয়ে । প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এই ছাটাৰ গাঁৱত নাই বিদ্যুতৰ ব্যৱস্থা ৷ সেই হেতুকে গাঁওখনৰ প্ৰতিঘৰ পৰিয়ালে নিজাকৈ সৌৰশক্তিৰ ব্যৱস্থা কৰি লৈছে ।

আপুনি যদি গাঁওখনত প্ৰৱেশ কৰে তেন্তে প্ৰথমেই পাব ছাটাৰ গাঁও প্ৰাথমিক বিদ্যালয়খন । গাঁওখনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয়খনত শিক্ষাগ্ৰহণ কৰে যদিও পৰিতাপৰ কথা এইটোৱেই যে তাৰ পৰৱৰ্তী শিক্ষাৰ বাবে যাব লাগে প্ৰায় ৭ কিলোমিটাৰ দূৰলৈ ৷

আপুনি হয়তো জানি আচৰিত হ'ব যে এই ছাটাৰ গাঁৱৰ পৰা এইবাৰ প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰি লাভ কৰিছে এজন যুৱকে । শেহতীয়াকৈ ভাৰতীয় সেনা বাহিনীৰ অগ্নিবীৰত গাঁওখনৰ যুৱক তপন ৰাভাই চাকৰি লাভ কৰাক লৈ গৌৰৱান্বিত গাঁওবাসী । পুত্ৰৰ সফলতাৰ বাবে স্বাভাৱিকতে আজিও আনন্দিত পিতৃ ৷

মন কৰিলে দেখা যায় যে, পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে গাঁওখনৰ ৰাস্তা-ঘাট, সৌৰশক্তি আদিৰ ব্যৱস্থাসমূহ ৷ কিন্তু চৰকাৰৰ বিশেষ কল্যানমূলক আঁচনিয়ে আজিও ঢুকি পোৱা নাই গাঁওখনক । সেয়ে এইক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা উন্নয়নৰ ক্ষেত্ৰত কিছু বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে যথেষ্ট লাভাম্বিত হ’ব গাঁওবাসী ৷
লগতে পঢ়ক : Crime Free Village: 180 বছৰ গৰকা এখন অপৰাধমুক্ত গাঁও

Last Updated : Dec 19, 2023, 11:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.