ETV Bharat / state

গুৱাহাটীত ভূমি অনলাইন নথি জালিয়াতিৰ বৃহৎ চক্ৰ, আৰক্ষীৰ জালত জিলা আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 9:26 PM IST

Updated : Nov 24, 2023, 9:53 AM IST

Guwahati Land record fraud Raid crime branch
গুৱাহাটীত ভূমি অনলাইন নথি জালিয়াতি

ভূমিৰ নথি-পত্ৰ জালিয়াতিৰ সৈতে জড়িত এক বৃহৎ চক্ৰ আজি আৰক্ষীৰ জালত পৰে । কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়কক হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

গুৱাহাটী, ২৩ নৱেম্বৰ : গুৱাহাটী মহানগৰীত যিমানেই ভূমিৰ দাম আকাশলংঘী হৈছে সিমানেই বাঢ়িছে ভূমি কেলেংকাৰীজনিত অপৰাধ । গুৱাহাটীত ভূমিৰ নথি-পত্ৰ জালিয়াতিৰ সৈতে জড়িত এক বৃহৎ চক্ৰ আজি আৰক্ষীৰ জালত পৰে । খোদ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়ককে হাতে-লোটে গ্ৰেপ্তাৰ কৰিছে ৷

কামৰূপ মহানগৰৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ভূমি নথি-পত্ৰৰ বৃহৎ জালিয়াতি চক্ৰৰ অন্যতম অভিযুক্ত সহকাৰী উপ-পঞ্জীয়ক নিতুল দাসক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ তাৰ পাচতে নিতুল দাসৰ খাৰঘুলিৰ ঘৰত মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায়।

কি কি উদ্ধাৰ নিতুল দাসৰ ঘৰৰ পৰা : আৰক্ষীৰ অভিযান কালত গ্ৰেপ্তাৰ হোৱা নিতুল দাসৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক সামগ্ৰীসহ নগদ ধন ৷ তথ্যমতে প্ৰায় আঢ়ৈ লাখ টকা নগদ ধনৰ লগতে ভূমিকেন্দ্ৰিক বহু নথি জব্দ কৰা হৈছে খাৰঘুলিৰ নিতুল দসৰ ঘৰৰ পৰা ৷ লগতে কেইবাটাও ভুৱা চীল, এটা TI Book আৰু Volume পঞ্জীয়ন বহী জব্দ কৰা হৈছে ৷

ইয়াৰ উপৰিও অভিযানৰ সময়ত থাম্ব ইম্প্ৰেছন বুক, ভুৱা চৰকাৰী ষ্টামৱপ, লেপটপ, লেণ্ড ৰেকৰ্ড, ষ্টাম্প পেপাৰ আদি সামগ্ৰীও নিতুলৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, দিছপুৰ ৰাজহ চক্ৰৰ ভূমিৰ জালিয়াতি প্ৰসংগত চাইবাৰ চেলৰ এক গোচৰৰ তদন্তত ওলাইছিল নিতুল দাসৰ জালিয়াতিৰ তথ্য ৷ সমগ্ৰ গুৱাহাটীতে এটা বৃহৎ চক্ৰই অনলাইন ব্যৱস্থাত থকা সুৰুঙাৰে এই বৃহৎ জালিয়াতি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল । এই চক্ৰটোৱে অন্য লোকৰ ভূমি অন্য লোকৰ নামত নামজাৰি কৰিছিল ৷

Guwahati Land record fraud Raid crime branch
মইনুল হক, অধিবক্তা

বহু পুৰণি গুৰুত্বপূৰ্ণ মহামূল্যবান মাটি জালিয়াতিৰে নামজাৰি কৰিছিল অনলাইনৰ তথ্যৰ জালিয়াতি কৰি ৷ উক্ত গোচৰটোত প্ৰথমে গ্ৰেপ্তাৰ হৈছিল দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ ধ্ৰুৱজ্যোতি বৰ্মন নামৰ এজন DTP অপাৰেটৰ ৷ ইয়াৰ উপৰিও ধ্ৰুৱজ্যোতি বৰ্মনৰ পাচত গ্ৰেপ্তাৰ হৈছিল অধিবক্তা মইনুল হক ৷ ইয়াৰ উপৰিও গ্ৰেপ্তাৰ পৰা হয় দিছপুৰ ৰাজহ চক্ৰৰ এগৰাকী কাকনগ’ বলেন দাসকো ৷ কেলেংকাৰীৰ পম খেদি আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক নিতুল দাসক ৷

সন্দেহ কৰা হৈছে গুৱাহাটীৰ এই বৃহৎ মাটিৰ অনলাইন নথি জালিয়াতিত জ্যেষ্ঠ সহকাৰী পঞ্জীয়কেই নহয়, ৰাজহ বিভাগৰ সৈতে সংযুক্ত আন উচ্চ পদস্থ বিষয়াও জড়িত আছে ৷ আৰক্ষীয়ে অধিক তদন্তৰ পাচত আন কেইবাজনো লোকক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক : ছাহজাহান সৰকাৰ-ঐশ্বৰ্য জীৱন বৰুৱাক পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Last Updated :Nov 24, 2023, 9:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.