ETV Bharat / state

ছাহজাহান সৰকাৰ-ঐশ্বৰ্য জীৱন বৰুৱাক পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 7:07 PM IST

৩৪ ৰাজপত্ৰিত বিষয়াক আটক কৰাৰ পাচত বুধবাৰে দুগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰা হয় ৷ বাকী 32 বিষয়া যিকোনো মুহুৰ্তত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷

APSC Scam
অসম লোকসেৱা আয়োগ

গুৱাহাটী, ২২ নৱেম্বৰ : বক্ৰ পথেৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াৰ দুজনক বুধবাৰে বিশেষ তদন্ত গোট (এছ আই টি)-এ অৱশেষত গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পাচতে বিয়লিলৈ জিলা সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰোৱায় ৷

ধৃত ৰাজপত্ৰিত বিষয়া ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাক আদালতে দুয়োজনকে পাচদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে ৷ উল্লেখ্য যে মঙলবাৰে নিশা বিশেষ তদন্ত গোট (এছ আই টি)-এ বিভিন্ন ঠাইৰ পৰা ৩৪ ৰাজপত্ৰিত বিষয়াক সোধাপোছাৰ বাবে আটক কৰিছিল ৷

তাৰ পাচত আটাইকেইগৰাকীক কাহিলীপাৰা অসম আৰক্ষীৰ বিশেষ শাখাত জেৰা কৰে ।‌ পাচত নিদিষ্ট তথ্য-প্ৰমাণৰ ভিত্তিত ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাক গ্ৰেপ্তাৰ কৰে ।

ইপিনে বিশেষ তদন্ত গোট (এছ আই টি)ৰ তদন্তৰ আওতাত থকা বাকী ৩২ গৰাকী ৰাজপত্ৰিত বিষয়া হ'ল অসম অসামৰিক সেৱাৰ ধ্ৰুৱজ্যোতি হাতীবৰুৱা, ত্ৰিদীৱ ৰায়, বিক্ৰমাদিত্য বৰা, ধীৰাজ কুমাৰ জৈন, আকাশী দুৱৰা ।

ইয়াৰোপৰি এছ আই টিৰ তদন্তৰ আওতাত আছে অসম আৰক্ষী সেৱাৰ দীপাংকৰ দত্ত লহকৰ, নৱনীতা শৰ্মা, কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, কুলপ্ৰদীপ ভট্টাচাৰ্য, নীলাঞ্জল গগৈ, নিতুমণি দাস, পুস্কল গগৈ, সুকন্যা দাস, ৰুমী তিমুংপি, অমিতৰাজ চৌধুৰী, অসীমা কলিতা, ৰাকেশ দাস, অনলজ্যোতি দাস, ঋতুৰাজ দলে, জগদীশ ব্ৰহ্ম, হিতেশ মজুমদাৰ, সৌৰভ কুমাৰ ভট্টাচাৰ্য, নন্দিনী কাকতি, নন্দিতা হাজৰিকা ।

সৌৰভপ্ৰাণ শৰ্মা (আবকাৰী পৰিদৰ্শক), বৰকিৰি তেৰাং ( কৰ পৰিদৰ্শক), জয়ন্ত দলে (কৰ পৰিদৰ্শক), প্ৰিয়ংকা ডেকা ( কৰ পৰিদৰ্শক), বিকাশ শৰ্মা ( সহকাৰী সমবায় পঞ্জীয়ক), চক্ৰধৰ ডেকা ( সহকাৰী সমবায় পঞ্জীয়ক), গীতাৰ্থ বৰুৱা( সহকাৰী নিয়োগ বিষয়া)ও আছে এছ আই টিৰ তদন্তৰ আওতাত । এই ৩২ গৰাকী যিকোনো‌ সময়ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে । আটক কৰিছে বিশেষ তদন্ত গোট (এছ আই টি)-এ ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পাচত ৰাজ্য চৰকাৰে এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্ত গোট (এছ আই টি)-এ ২০১৫ চনৰ এই ৩৪ বিষয়াৰ বাছনিৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ তথ্য-পাতি লাভ কৰাৰ পাচতে মঙলবাৰে নিশা মুখ্যমন্ত্ৰীৰ লগত বৈঠকত মিলিত হয় । তাৰ‌ পাচতে ৩৪ ৰাজপত্ৰিত বিষয়াক আটক কৰে ।

বৰ্তমান এছ আই টিয়ে আটাইকেইগৰাকীক জেৰা অব্যাহত ৰাখিছে । ইয়াৰে কেবাজনো আজি গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে কিছুদিন পূৰ্বে অসম চৰকাৰে এ পি এছ চিৰ ২০১৩ বৰ্ষৰ এ চি এছ, এ পি এছ আৰু অন্যান্য সেৱাৰ বাবে নিৰ্বাচিত ৩৪ গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰিছিল ।

ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে চৰকাৰে এই উদ্যোগ গ্ৰহণ কৰাৰ কথা সদৰী কৰিছিল । এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) প্ৰতীক থুবেকৰ নেতৃত্বত কালি এই অভিযান চলোৱা হৈছিল ।

২০১৩ চনত পৰীক্ষাত অৱতীৰ্ণ আৰু ২০১৫ চনত বাছনি লাভ কৰা এই বিষয়াসকলৰ বাছনিত সংঘটিত বিসংগতি এ পি এছ চি কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰা ন্যায়াধীশ (প্ৰাক্তন) বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত আঙুলিয়াই দিয়া হৈছিল । উক্ত প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত আৰু মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) প্ৰতীক থুবেক মুখ্য তদন্তকাৰী বিষয়া হিচাবে লৈ ছজনীয়া এছ আই টি গঠন কৰিছিল ।

মন কৰিবলগীয়া যে ন্যায়িক তদন্ত আয়োগে বাছনিত বিসংগতি ধৰা পেলোৱা এই ৩৪ গৰাকী বিষয়াৰ বহুকেইগৰাকীৰ উত্তৰবহী আৰু তেওঁলোকৰ নাম-নম্বৰ সম্বলিত টেবুলেচন শ্বীট এ পি এছ চি কেলেংকাৰীৰ গোচৰৰ পূৰ্বৰ তদন্তকাৰী বিষয়াই আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ বাসগৃহৰপৰা জব্দ কৰিছিল । কিন্তু তেওঁলোকক তদন্তৰ আওতালৈ অনা হোৱা নাছিল বা তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ।

এই বিষয়টোক লৈ উচ্চ ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰাৰ পাচত চৰকাৰে এছ আই টি গঠন কৰিছিল । উল্লেখ্য যে এছ আই টিয়ে আজি উচ্চ ন্যায়ালয়ত তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল যদিও গোচৰটো আদালতত উত্থাপন নহ'ল ।

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰী: বক্ৰ পথেৰে চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.