ETV Bharat / state

Fan in Field: খেল চলি থকাৰ মাজতে বৰ্ষাপাৰা খেলপথাৰত প্ৰৱেশ ক্ৰিকেট অনুৰাগীৰ

author img

By

Published : Jan 10, 2023, 10:39 PM IST

Updated : Jan 10, 2023, 10:54 PM IST

মঙলবাৰে ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত প্ৰথমখন এদিনীয়া ক্ৰিকেট খেল চলি থকাৰ মাজতে বৰ্ষাপাৰা খেলপথাৰত প্ৰৱেশ অনুৰাগীৰ ৷ প্ৰিয় খেলুৱৈ মহম্মদ চামীক কৰমৰ্দন কৰিবলৈ লওঁতেই নিৰাপত্তাৰক্ষীয়ে বাহিৰলৈ লৈ আহে যুৱকজনক ৷ বৰ্ষাপাৰাত শ্ৰীলংকাক 67 ৰাণত পৰাস্ত কৰে ভাৰতে (India Sri Lanka ODI in Guwahati) ৷

Youth entered field during India Sri Lanka match
খেলপথাৰত প্ৰৱেশ ক্ৰিকেট অনুৰাগীৰ

গুৱাহাটী, 10 জানুৱাৰী: গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এইবাৰ সাপৰ সলনি প্ৰৱেশ ঘটিল ক্ৰিকেট অনুৰাগীৰ (Youth entered field during India Sri Lanka match) । বৰ্ষাপাৰা ষ্টেডিয়ামত মঙলবাৰে ভাৰত-শ্ৰীলংকাৰ মাজত এদিনীয়া ক্ৰিকেট খেল চলি থাকোতেই খেলপথাৰত প্ৰৱেশ কৰে এজন যুৱকে । অৱশ্যে তাৎক্ষণিকভাৱে যুৱকজনক খেলপথাৰৰ পৰা বাহিৰ কৰা হয় (India Sri Lanka ODI in Guwahati)।

উল্লেখ্য যে, খেল চলি থকাৰ মাজতেই খেলপথাৰৰ মাজলৈ সোমাই আহে এজন অনুৰাগী । তাৰকা খেলুৱৈ মহম্মদ চামীক কৰৰ্মদন কৰোঁতেই নিৰাপত্তাৰক্ষীয়ে ধৰি বাহিৰলৈ লৈ যায় অনুৰাগীজনক । ইয়াৰ পূৰ্বৰ দুখনকৈ খেলত বিভিন্ন বিধি-পথালিয়ে দেখা দিয়াৰ পাচত এইবাৰো যেন বিসংগতিয়ে লগ নেৰিলে বৰ্ষাপাৰা ষ্টেডিয়ামৰ আন্তঃৰাষ্ট্ৰীয় খেলক (ODI cricket match in Barsapara) ৷

Fans in Field
হঠাৎ অনুৰাগীৰ প্ৰৱেশ খেলপথাৰত ৷ হতভম্ব মুখ্যমন্ত্ৰী ৷

উল্লেখ্য যে, বৰ্ষাপাৰাত আজি অনুষ্ঠিত এদিনীয়া খেলত শ্রীলংকাৰ বিৰুদ্ধে ভাৰতে বৃহৎ জয়লাভ কৰে । তিনিদিনীয়া শৃংখলাৰ প্রথমখন এদিনীয়াত ৬৭ ৰানত ভাৰতৰ হাতত পৰাস্ত হয় শ্রীলংকা । শ্রীলংকাৰ সন্মুখত 374 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ভাৰতে । কিন্তু 306 ৰাণতে স্তব্ধ হৈ ৰয় সিংহল বাহিনী (India Sri Lanka ODI series) ৷

আজিৰ খেলখনত টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে শ্ৰীলংকা দলটোৱে ৷ প্ৰথমে বেটিং কৰি ভাৰতে বিৰাট কোহলীৰ শতক আৰু ৰোহিত শৰ্মা-শুভমন গিলৰ অৰ্ধশতকৰ সহায়ত 373 ৰাণ সংগ্ৰহ কৰে 50 অভাৰত ৷ বিৰাট কোহলীয়ে 87 টা বলত 113 ৰাণৰ এটা দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে অনুৰাগীক ৷ ভাৰতীয় অপেনাৰ দ্বয় ৰোহিত শৰ্মা আৰু শুভমন গিলেও বিস্ফোৰক বেটিঙেৰে খেলৰ আৰম্ভণিৰ পৰাই দলটোক শক্তিশালী স্থিতিলৈ লৈ যায় ৷ ৰোহিত শৰ্মাই 67 বলত 83 ৰাণ আৰু শুভমন গীলে 60 টা বলত 70 ৰাণ সংগ্ৰহ কৰে (India beats Sri Lanka in first ODI) ৷

ইফালে শ্ৰীলংকাৰ হৈ অপেনাৰ পাথুম নিশাংকে 80 টা বলত 72 ৰাণ কৰাৰ বিপৰীতে অধিনায়ক দাছুন শানাকাই 88 টা বলত অপৰাজিতভাৱে 108 ৰাণৰ এটা সুন্দৰ ইনিংছ খেলে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে খেলখনত পৰাজয় স্বীকাৰ কৰিব লগীয়া হয় শ্ৰীলংকাই ৷ খেলৰ অন্তত বিৰাট কোহলীক মেন অৱ দ্য মেচ ঘোষণা কৰা হয় (Virat Kohli 45th ODI century) ৷

আজিৰ খেলখনত দৰ্শকৰ শাৰীত দেখা গ’ল সপত্নীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ তেওঁক সংগ দিয়ে অসম ক্ৰিকেট এচ’ছিয়েচনৰ নৱ নিযুক্ত সভাপতি তথা নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে ৷

লগতে পঢ়ক: India Vs Sri Lanka 1st ODI: এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত 67 ৰাণত জয়লাভ ৰোহিত বাহিনীৰ

Last Updated : Jan 10, 2023, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.