ETV Bharat / state

মুঠ ২০ টা দাবীৰে ৰাজ্যজুৰি চিপিআই(এম)ৰ প্ৰতিবাদ

author img

By

Published : Sep 21, 2020, 7:01 PM IST

আজি চিপিআই(এম) ৰাষ্ট্ৰীয় দলৰ নিৰ্দেশ মৰ্মে ৰাজ্যজুৰি প্ৰায় 20টা দাবীৰে দলটোৰ আঞ্চলিক সমিতিসমূহে সাব্যস্ত কৰে প্ৰতিবাদ ৷

CPIM protest across Assam
মুঠ ২০ টা দাবীৰে ৰাজ্যজুৰি চিপিআই(এম)ৰ প্ৰতিবাদ

গুৱাহাটী, 21 ছেপ্তেম্বৰঃ চিপিআই(এম) দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী,যোগেন্দ্ৰ যাদৱ,জয়তি ঘোষকে আদি কৰি আন কেইবাগৰাকীও নেতা কৰ্মীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ষড়যন্ত্ৰ মূলকভাৱে গোচৰ তৰাৰ বিৰুদ্ধে সোমবাৰে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই(এম) দলে ৷ সমান্তৰালকৈ, গুৱাহাটীতো দলটোৰ কৰ্মীসকলে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ গুৱাহাটীৰ ৰ'টাৰী ক্লাৱত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে দলটোৰ ৰাজ্যিক সমিতিৰ কেইবাগৰাকীয়ে বিষয়ববীয়া ৷ ইয়াৰ উপৰিও কৰ’ণা ভাইৰাছৰ বাবে দেশজুৰি বলবৎ হোৱা লক ডাউনৰ বাবে ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ আনহাতে,শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইনখনক কৃষক বিৰোধী বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

CPIM protest across Assam
গুৱাহাটীত চিপিআই(এম)ৰ প্ৰতিবাদ

আমগুৰিঃ আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই(এম)ৰ আমগুৰি সমষ্টি কমিটিয়ে ৷ বানত মৃত্যু হোৱা লোকসকলৰ পৰিয়াবৰ্গক ২৫ লাখকৈ ক্ষতিপুৰণ প্ৰদান,নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে ‘কা’ বিৰোধী প্ৰতিবাদত কাৰাবন্দী কৰা লোকসকলক শীঘ্ৰে মুকলি কৰা,দৰমহা বঞ্চিত শিক্ষকৰ সমস্যা সমাধান,চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাকে ধৰি মুঠ ২০ টা দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদৰ অন্তত আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে দলটোৰ নেতা কৰ্মীসকলে ৷

আমগুৰিত চিপিআই(এম)ৰ প্ৰতিবাদ

ৰঙিয়াঃ ৰঙিয়া গান্ধী মণ্ডপৰ সন্মুখতো হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে চিপিআই(এম)এ ৷ লক ডাউনৰ সময়ত লোকচানৰ সন্মুখীন হৈ বিপৰ্যস্ত হোৱা শ্ৰমিকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে মাহিলী ৭৫০০ টকা দিয়াৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

ৰঙিয়াত চিপিআই(এম)ৰ প্ৰতিবাদ

শিৱসাগৰঃ শিৱসাগৰত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চিপিআই(এম) এ ৷ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দলটোৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ভালেসংখ্যক কৰ্মকৰ্তাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ আনহাতে,দেওবাৰে ৰাজ্যসভাত গৃহিত হোৱা কৃষক আইনৰ পৰা কৃষক বিৰোধী দফাসমূহ বাতিল কৰিবলৈ দাবী জনায় চিপিআই(এম)ৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে৷ ইয়াৰ উপৰিও CAA বাতিল, অখিল গগৈৰ মুক্তিৰ লগতে EIA 2020, NEP 2020 বাতিলৰো দাবী উত্থাপন কৰে কনক গগৈয়ে ৷

শিৱসাগৰত চিপিআই(এম)ৰ প্ৰতিবাদ

লখিমপুৰঃ কেন্দ্ৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে লখিমপুৰত চিপিআই(এম) আৰু নিখিল ভাৰত কৃষক সভাৰ যৌথভাৱে গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি সংগঠন দুটাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষক,শ্ৰমিক আৰু জনবিৰোধী নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ প্ৰতিবাদৰ অন্তত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লখিমপুৰত চিপিআই(এম)ৰ প্ৰতিবাদ

লগতে পঢ়ক-নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ 9 গৰাকী শিক্ষাৰ্থীৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.