ETV Bharat / state

Covid infection increased in Assam: অসমত ক'ভিডত পুনৰ দুজনৰ মৃত্যু

author img

By

Published : Jul 9, 2022, 11:08 AM IST

covid
Covid infection increased in Assam: অসমত ক'ভিডত পুনৰ দুজনৰ মৃত্যু

অসমত বিগত ২৪ ঘন্টাত নতুনকৈ ২৯৪গৰাকী কৰ'নাত আক্ৰান্ত (Covid infection increased in Assam)। কামৰূপ মহানগৰত কৰ'না আক্ৰান্ত দুজনৰ মৃত্যু । ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা ১৩৭০গৰাকীলৈ বৃদ্ধি । ইয়াৰ মাজতে ক'ভিডৰ এই সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি মত প্ৰকাশ কৰিছে খোদ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । ক'ভিডৰ সৈতে যুঁজ দিব পৰাকৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে সাজু ।

গুৱাহাটী,৯ জুলাইঃ দেশত ক'ভিডৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হোৱাৰ সময়তে অসমত ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে ক'ভিডৰ সংক্ৰমণ (Covid infection increased in Assam)। ইতিমধ্য়ে ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা ১৩৭০ গৰাকীলৈ বৃদ্ধি হৈছে । অসমত বিগত ২৪ ঘন্টাত নতুনকৈ ২৯৪ গৰাকী কৰ'নাত আক্ৰান্ত হৈছে । আক্ৰান্তৰ হাৰ ১১.২০ শতাংশ ।

covid
Covid infection increased in Assam: অসমত ক'ভিডত পুনৰ দুজনৰ মৃত্যু

উল্লেখ্য় যে বিগত ২৪ ঘণ্টাত ৰাজ্যত ২,৬২৫ গৰাকীৰ ক'ভিড পৰীক্ষা কৰা হৈছে । ক'ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাব । ইপিনে,ৰাজ্যত ক'ভিডৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাইছে যদিও স্বাস্থ্য বিভাগে বিশেষ কোনো সতৰ্কতামূলক ব্যৱস্থ‍া গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । ক'ভিড পৰীক্ষা বৃদ্ধি কৰা সন্দৰ্ভতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

অৱশ্যে ক'ভিডৰ এই সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি মত প্ৰকাশ কৰিছে খোদ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshav Mahanta says no need to panic)। স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মতে ক'ভিডৰ সৈতে যুঁজ দিব পৰাকৈ ৰাজ্য চৰকাৰখন সম্পূৰ্ণ ৰূপে সাজু হৈ আছে । আনহাতে, সম্প্ৰতি ৰাজ্যখনত ক'ভিডৰ যিটো ভেৰিয়েণ্টৰ সংক্রমণ চলি আছে সেইটো যথেষ্ঠ দুৰ্বল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ৰাজ্যৰ প্ৰায়সংখ্যক লোকেই ইতিমধ্যে ক'ভিডৰ দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰিছে । সেয়েহে ক'ভিডৰ সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্রয়োজন নাই ।

covid
Covid infection increased in Assam: অসমত ক'ভিডত পুনৰ দুজনৰ মৃত্যু

ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই ক'ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ আৰু সচেতন হৈ থকাৰ বাবে আহ্বান জনাইছে(Guwahati Medical College Hospital Principal Dr Achyut Baishya appeal to aware )। তেওঁ কয় যে আতংকিত হোৱাৰ প্ৰয়োজন নাই, সকলো সতৰ্ক হৈ থাকক । উল্লেখ যে এতিয়ালৈকে ৰাজ্যৰ ২,৪৫,৭৭,১৪৬ গৰাকীয়ে ক'ভিডৰ প্ৰথম পালি, ২,১৪,৫৪,৩৯৫ গৰাকীয়ে দ্বিতীয় পালি আৰু ৭,৬৭,২০০ গৰাকীয়ে বুষ্টাৰ পালি গ্ৰহণ কৰিছে ।

covid
Covid infection increased in Assam: অসমত ক'ভিডত পুনৰ দুজনৰ মৃত্যু

আনহাতে,বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰত দুজন ক'ভিড ৰোগীৰ মৃত্যু হয় । উল্লেখ্য় যে বৃহস্পতিবাৰেও কামৰূপ মহানগৰ জিলাত এগৰাকীৰ মৃত্যু হৈছে । তদুপৰি ৰাজ্যখনৰ ভিতৰতে গুৱাহাটী মহানগৰীত আক্ৰান্তৰ হাৰ সৰ্বাধিক । বিগত ২৪ ঘণ্টাত মহানগৰীত ৯২গৰাকী ক'ৰণাত আক্ৰান্ত হয় ।

লগতে পঢ়ক: কুৰ্বানিক কেন্দ্ৰ কৰি ক’তো বিতৰ্ক হোৱা নাই: কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.