ETV Bharat / state

Covid update in assam : ৰাজ্যৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে

author img

By

Published : Jan 13, 2022, 9:45 PM IST

Covid update in assam
ৰাজ্যৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা (Covid 19 updates of assam) ৷ উদ্বেগজনকভাৱে শুকুৰবাৰে ৰাজ্যত নতুনকৈ ৩,২৩৮ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ১,০৭০ গৰাকীয়েই গুৱাহাটী মহানগৰীৰ ।

গুৱাহাটী, ১৩ জানুৱাৰী: ৰাজ্যত দিনক দিনে ভয়াৱহ হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা (Covid cases increase in Assam)। যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ৰাজ্যত বলৱৎ হৈছে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা । পঞ্চম শ্ৰেণীলৈকে বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে । গুৱাহাটী মহানগৰীত অষ্টম মান শ্ৰেণীলৈ বন্ধ কৰি দিয়া হৈছে বিদ্যালয় । লক্ষণীয় বিষয় যে গুৱাহাটী মহানগৰী ক'ভিড সংক্ৰমণৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত হৈছে ।

এসপ্তাহৰ আগলৈ গুৱাহাটীত ক'ভিডত দৈনিক আক্ৰান্তৰ সংখ্যা ৫০ ৰ ঘৰলৈ নামিছিল যদিও এই মূহুর্তত দৈনিক আক্ৰান্তই হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে (Covid 19 updates of Assam)। ৰাজ্যৰ ৰাজধানী চহৰখনত ক'ভিডৰ নতুন ভেৰিয়েন্ট অ'মিক্ৰণ প্ৰৱেশ কৰাৰ তথ্য স্বাস্থ্য বিভাগে নিশ্চিত কৰাৰ পাছতেই সাধাৰণ জনতা শংকিত হৈ পৰিছে ।

ইফালে দৈনিক আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি শুকুৰবাৰে ৰাজ্যত নতুনকৈ ৩,২৩৮ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ১,০৭০ গৰাকী লোক গুৱাহাটী মহানগৰীৰ । আক্ৰান্তৰ হাৰ ৭.৮৭ শতাংশলৈ বৃদ্ধি পাইছে । দৈনিক দ্ৰুত গতিত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । আজিৰ দিনটোত ৰাজ্যৰ ৪১,১৬৫ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল ।

আনহাতে ভোগালী বিহুৰ উৰুকাৰ দিনটোত ক'ভিডত তিনিগৰাকী লোকৰ মৃত্যু হয় । ইপিনে স্বাস্থ্য বিভাগে গুৱাহাটীৰ কেইবাটাও স্থানক ক'ভিড হটস্পট হিচাপে চিনাক্ত কৰিছে । মহানগৰীৰ সৰ্বত্ৰে ক'ভিডৰ সংক্ৰমণ ধৰা পৰিছে যদিও মালিগাঁও, পাণ্ডু, ফটাশিল, ৰাজগড়, চানমাৰি, বেলতলা, বশিষ্ঠপুৰ, লাচিতনগৰ অঞ্চল আদি অঞ্চলত আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । গুৱাহাটী ক'ভিডৰ অভিকেন্দ্ৰ হোৱাত ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্বাস্থ্য বিভাগে প্ৰস্তুতি অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে ।

ইতিমধ্যে সৰুসজাইৰ ক'ভিড হাস্পতালত পুনৰ সক্ৰিয় কৰি ৰোগীৰ চিকিৎসা আৰম্ভ কৰা হৈছে । জি এম চি এইচৰ অধীনত ক'ভিড ৰোগীৰ বাবে ১,৫০০ খন বিছনাৰ লগতে আই চি ইউ আৰু অক্সিজেন বিছনা সাজু কৰি ৰখা হৈছে ।

ৰাইজ সজাগ-সচেতন নহ’লে গুৱাহাটী মহানগৰীৰ ক'ভিড পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিব । স্বাস্থ্য বিভাগে ৰাইজক ক'ভিড সম্পৰ্কীয় সকলো নীতি-নিৰ্দেশনা মানি চলাৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক: ক’ভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.