ETV Bharat / state

মন্ত্ৰী পৰিষদৰ বৈঠকত মোহৰ লাগিল কেইবাখনো বিধেয়কত

author img

By

Published : Aug 27, 2020, 10:07 PM IST

মন্ত্ৰী পৰিষদৰ বৈঠকত ক’ভিড-১৯ৰ সেৱাত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা সাংবাদিক, হোম গাৰ্ড, কেজুৱেল কৰ্মচাৰীসকলক ৫০ লাখ টকাৰ বীমাৰে সামৰি লোৱাৰ বিষয়ত অনুমোদন জনায় ৷ লগতে, ৰাভা হাচং আৰু তিৱা স্বায়ত্বশাসিত অঞ্চলক ৰাজ্যিক ৰাজধানী অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তত অনুমোদন জনায় ৷

councils of  ministers meeting
councils of ministers meeting

গুৱাহাটী, ২৭ আগষ্ট: অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ বৈঠকে বৃহস্পতিবাৰে অনুমোদন জনায় "দ্য আছাম হেৰিটেজ প্ৰটেকচন এণ্ড প্ৰিজাৰভেশ্বন" বিধেয়কত । বিধানসভাৰ আগন্তুক বৰ্ষাকালিন অধিবেশনত এই বিধেয়কখন সদনত উত্থাপিত হ’ব । বৃহস্পতিবাৰে বিয়লি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকৰ আৰম্ভণিতে সদ্যপ্ৰয়াত বিশিষ্ট শিল্পী অৰ্চনা মহন্তৰ প্ৰতি শ্ৰদ্ধা জনায় মন্ত্ৰী পৰিষদে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ।

আনহাতে বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চাকৰিৰ বাবে ৪০ বছৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰে মন্ত্ৰী পৰিষদৰ বৈঠকে । একেদৰে অন্যান্য পিছপৰা শ্ৰেণীৰ (OBC) ৰ বাবে ৪৩ বছৰ বয়সৰ সীমা চূড়ান্ত কৰা হয় । অনুসূচিত জাতি আৰু জনজাতিৰ বাবে এই সীমা ধাৰ্য কৰা হয় ৪৫ বছৰ । ইপিনে ধনশিৰি পানী যোগান আঁচনি সম্পূৰ্ণ কৰাৰ বাবে ১১৬ কোটি টকা নাবাৰ্ডৰ পৰা সংগ্ৰহ কৰাবিষয়টোত অনুমোদন জনাই মন্ত্ৰী পৰিষদৰ বৈঠকে ।

দুই লাখতকৈ বছৰি কম আয় হোৱা লোকক ৮৫০ টকাকৈ দিয়াৰ বাবে অৰুণোদয় আঁচনিখনতো অনুমোদন জনোৱা হয় । এই বৈঠকে ৯০০ কোটি টকা ব্যয় সাপেক্ষে মঙলদৈত এখন আছাম স্কীল ইউনিভাৰ্চিটি স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে, ৰাভা স্বায়ত্ব শাসিত পৰিষদ আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদক সদ্যহতে কেপিটেল ৰিজনৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ততো অনুমোদন জনোৱা হয় । সংশোধিত MSME Act ত মন্ত্ৰী পৰিষদে অনুমোদন জনোৱাৰ লগতে ক’ভিড-১৯ৰ সেৱাত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা সাংবাদিক, হোম গাৰ্ড, কেজুৱেল কৰ্মচাৰীসকলক ৫০ লাখ টকাৰ বীমাৰে সামৰি লোৱাৰ বিষয়ত অনুমোদন জনায় ।

লগতে পঢ়ক : বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.