ETV Bharat / state

দণ্ডাধীশৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগৰ কৰ'ণা পৰীক্ষণ

author img

By

Published : Mar 19, 2020, 10:13 AM IST

Updated : Mar 19, 2020, 10:25 AM IST

গুৱাহাটী ৰে'ল ষ্টেচন,কামাখ্যা ৰে'ল ষ্টেচন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ গুৰুত্ব দিয়াৰ এক নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। এই তিনিওটা স্থানত অতিৰিক্ত উপায়ুক্ত তথা দণ্ডাধীশ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা নিৰীক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰী নিৰ্দেশ অনুসৰি কামাখ্যা ষ্টেচনত প্ৰশাসনিক বিষয়াৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ দলে কৰি আছে কৰ'ণা পৰীক্ষণ।

corona-test-at-kamakhya-station-etv-bharat-assam
দণ্ডাধীশৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগৰ কৰ'ণা পৰীক্ষণ

গুৱাহাটী,19 মাৰ্চঃ বিশ্বব্যাপী কৰ'ণা ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ। কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে ব্যাপক তৎপৰ হৈ পৰিছে চৰকাৰ-প্ৰশাসন। অধিক লোকৰ সমাগম ঘটা স্থানত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। গুৱাহাটী ৰে'ল ষ্টেচন,কামাখ্যা ৰে'ল ষ্টেচন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ গুৰুত্ব দিয়াৰ এক নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। এই তিনিওটা স্থানত অতিৰিক্ত উপায়ুক্ত তথা দণ্ডাধীশ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা পৰীক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰী নিৰ্দেশ অনুসৰি কামাখ্যা ষ্টেচনত প্ৰশাসনিক বিষয়াৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ দলে কৰি আছে কৰ'ণা পৰীক্ষণ।

দণ্ডাধীশৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগৰ কৰ'ণা পৰীক্ষণ
দূৰ দূৰণিৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীক পৰীক্ষা কৰে স্বাস্থ্য বিভাগৰ দলটোৱে। কিন্তু সৌভাগ্যৰ কথা এইটোৱে যে বৰ্তমানলৈ কোনো কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি ধৰা পৰা নাই। ইফালে যাত্ৰীৰ তুলনাত যিহেতু পৰীক্ষণ বিষয়াৰ সংখ্য়া কম সেয়ে প্ৰতিজন নাগৰিককে নিজৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে। তাৰোপৰি জ্বৰ, কাহ, ছৰ্দি আদি হ'লেই চিকিৎসকৰ ওচৰ চাপিবলৈ পৰামৰ্শ দিয়া হৈছে প্ৰতিগৰাকী যাত্ৰীক।

লগতে পঢ়কঃCOVID 19ৰ প্ৰভাৱঃ দাম হ্ৰাস পোৱাৰ পিছটো চাহিদা হ্ৰাস পেট্ৰ'ল,ডিজেলৰ

Last Updated : Mar 19, 2020, 10:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.