ETV Bharat / state

চিকিৎসালয়ৰ বিছনাত সহায় বিচাৰি চিৎকাৰ এগৰাকী ক’ভিড যোদ্ধাৰ

author img

By

Published : Aug 17, 2020, 4:34 AM IST

দিন-ৰাতি একাকাৰ কৰি পাণ্ডুৰ বিভিন্ন অঞ্চলত স্বাস্থ্যকৰ্মীৰ লগতে প্ৰভা কলিতাই নিজৰ কৰ্তব্য পালন কৰি আহিছিল । কিন্তু এইগৰাকী আশা কৰ্মী এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ বিছনাত ।

corona patient
corona patient

গুৱাহাটী, 16 আগষ্ট : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চটফটাইছে এগৰাকী ক’ভিড যোদ্ধাই ৷ তেওঁৰ নাম প্ৰভা কলিতা, ঘৰ মহানগৰীৰ পাণ্ডুত ৷ পেছাত তেওঁ এগৰাকী আশা কৰ্মী ৷ বিগত কেইবামাহ ধৰি এইগৰাকী আশা কৰ্মী ক'ভিড-১৯ৰ যুঁজত অৱতীৰ্ণ হৈ আছিল । দিন-ৰাতি একাকাৰ কৰি পাণ্ডুৰ বিভিন্ন অঞ্চলত স্বাস্থ্যকৰ্মীৰ লগতে প্ৰভা কলিতাই নিজৰ কৰ্তব্য পালন কৰি আহিছিল ।

কিন্তু এইগৰাকী আশা কৰ্মী এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ বিছনাত । শনিবাৰে আশা কৰ্মীগৰাকীৰ দেহত ধৰা পৰিছিল ক'ভিড-১৯ ৰ অৱস্থিতি । লগে লগে তেওঁক প্ৰেৰণ কৰা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ । পিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি হোৱাৰ পাচত ফোনযোগে অন্য আশা কৰ্মীৰ পৰা সহায় বিচাৰিছে প্ৰভা কলিতাই ।

চিকিৎসালয়ৰ বিছনাত সহায় বিচাৰি চিৎকাৰ এগৰাকী ক’ভিড যোদ্ধাৰ

ঘটনা অনুসৰি আশা কৰ্মীগৰাকীয়ে বিগত কিছু দিনৰ পৰা ভূগি আছিল স্নায়ু ৰোগত । যাৰ বাবে বিছনাৰ পৰা উঠিব পৰা নাই আশা কৰ্মীগৰাকী। শৌচাগাৰলৈও যাব নোৱাৰাত বাৰম্বাৰ নাৰ্ছৰ পৰা বিচাৰিছে সহায় । কিন্তু আশা কৰ্মীগৰাকীক সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো স্বাস্থ্যকৰ্মী । এতিয়া এনেদৰেই কৰ'ণাত আক্ৰান্ত আশা কৰ্মীগৰাকী যুঁজিবলগীয়া হৈছে জীৱন-মৃত্যুৰে । প্ৰশ্ন হয় এগৰাকী ক'ভিড যোদ্ধাৰে যদি এনে অৱস্থা হয় তেন্তে আন সাধাৰণ ৰোগী কি অৱস্থা হ’ব পাৰে ক’ভিড হাস্পতালত ৷

লগতে পঢ়ক : সোমবাৰ পৰ্যন্ত জাতীয় পতাকা অৱনমিত নহ'ল এটা চৰকাৰী কাৰ্যালয়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.