ADR controversy: নিযুক্তিৰ সংখ্যাক লৈ শাসক বিৰোধীৰ চুপতি; স্বচ্ছ নিকা জাতীয় শব্দ আওঁৰাই শান্তনা লোৱাৰ চেষ্টা বিজেপিৰ

author img

By

Published : May 26, 2023, 5:58 PM IST

Assam govt one lakh recruitment

দুবছৰতো ১ লাখ নিযুক্তি নহ’লগৈ কিয় ? হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ক্ষুৰধাৰ সমালোচনা বিৰোধীৰ ৷ চাকৰিৰ সংখ্যাক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি ৷ ৰাজ্য চৰকাৰৰ নিযুক্তিৰ সংখ্যাই ১ লাখ স্পৰ্শ কৰিব নোৱাৰাক লৈ ৰাজ্যৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীক বিৰোধীৰ শক্তিশেল ৷ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াক মূল অস্ত্ৰ হিচাবে লৈ বিৰোধীক প্ৰত্যুত্তৰ বিজেপিৰ ৷ চাকৰিৰ দোকান খুলি বহিছিল বুলি প্ৰধান বিৰোধী দল কংগ্ৰেছক সমালোচনা বিজেপিৰ (Assam govt one lakh recruitment) ৷

নিযুক্তিৰ সংখ্যাক লৈ শাসক বিৰোধীৰ চুপতি

গুৱাহাটী, ২৬ মে’ : চৰকাৰ গঠন হোৱাৰ দুবছৰ পাৰ হ’ল ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৷ দুবছৰতো সম্পূৰ্ণ নহ'ল এক লাখ নিযুক্তি ৷ অসমত যোৱা দুবছৰত চৰকাৰী চাকৰিৰ নিযুক্তি লাভ কৰিলে ৮৬,৭৮২ গৰাকী প্ৰাৰ্থীয়ে ৷ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাচতে ড৹ হিমন্ত বিশ্ব শৰ্মাই এবছৰত এক লাখ যুৱক-যুৱতীক গণি গণি চাকৰি দিব বুলি ২০২১ বৰ্ষত ঘোষণা কৰিছিল (Assam govt one lakh recruitment) ৷

মুখ্যমন্ত্ৰী হোৱাৰ পূর্বেও ড৹ হিমন্ত বিশ্ব শর্মাই সেই একেই ঘোষণা কৰিছিল ৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত ড৹ হিমন্ত বিশ্ব শৰ্মাই সদম্ভে কৰিছিল এই ঘোষণা, ‘‘২০২২ চনৰ মাৰ্চ মাহৰ আগত আমি এক লাখ ল'ৰা-ছোৱালীক চৰকাৰী চাকৰি দিম ৷ এক লাখতকৈ যদি এটাও কমি যায় মোৰ নাম ওলোটা কৰি দিব ৷’’ (Assam Govt direct recruitment news)

এয়া আছিল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বৰ ঘোষণা । তাৰ পাচত পুনৰ শাসনলৈ আহিল বিজেপি মিত্ৰজোঁট । সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল ড° হিমন্ত বিশ্ব শৰ্মা । ২০২১ চনৰ ১০ মে'ত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা বিজেপি মিত্ৰজোঁট চৰকাৰে যোৱা ১০ মে'ত সম্পূৰ্ণ কৰিলে দুটা বছৰ (HBS govt completed two years)।

লগতে পঢ়ক: Bhupen Bora over BJP govt: অসমৰ মানুহৰ স্মৃতি শক্তি কম বুলি ভাবে মুখ্যমন্ত্ৰী শৰ্মাই; ভূপেন বৰাৰ মন্তব্য

কিন্তু আপুনি জানি আচৰিত হ'ব যে এই দ্বিতীয় বছৰতো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে বুলি ব্যাপক সমালোচনা আৰম্ভ হৈছে । এই দুবছৰত ৰাজ্য চৰকাৰখনে বিভিন্ন বিভাগত নিযুক্তি দিলে মুঠ ৮৬,৭৮২গৰাকীক । এয়া ৰাজ্য চৰকাৰে নিজে বিজ্ঞাপনযোগে প্ৰকাশ কৰা তথ্য । বৃহস্পতিবাৰে সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰি চৰকাৰে দাঙি ধৰিছে এই তথ্য (Assam govt job news)।

আনহাতে ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে বৃহস্পতিবাৰে বিভিন্ন বিভাগত নিযুক্তি দিয়ে ৷ এই নিযুক্তিত প্ৰক্ৰিয়াত মুঠ ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয় ৷ আনহাতে, ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি দিছিল ৪২,০৭৯ গৰাকী প্ৰাৰ্থীক ৷ এই দুয়োটা সংখ্যা যোগ কৰিলে মুঠ নিযুক্তি পোৱা প্ৰাৰ্থীৰ সংখ্যা হয়গৈ ৮৬,৭৮২ গৰাকী । এই সংখ্যাৰ পাচত এক লাখ নিযুক্তি সম্পূৰ্ণ কৰিবলৈ এতিয়াও বাকী থাকিল ১৩,২১৮ টা চাকৰি (Assam govt job recruitment) ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় । ইপিনে ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদানৰ সময়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ আন বিৰোধীৰ লগতে প্ৰধান বিৰোধী দল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই (Bhupen Borah slams BJP govt) ।

লগতে পঢ়ক: Assam Government Recruitment: খালী পদৰ বিপৰীতে নিযুক্তি দিয়াৰ নামত অযথা হৈ চৈ কৰিছে চৰকাৰে: ৰাণা গোস্বামী

ভূপেন বৰাৰ অভিযোগ অনুসৰি, ‘‘এতিয়াও ২০,০০০ খালী পদ আছে ৷ অৱসৰ আৰু মৃত্যুৰ কাৰণে খালী হোৱা পদ পূৰণ কৰি আছে ৷ নতুন চাকৰি সৃষ্টি কৰিব পৰা নাই’’ । ভূপেন বৰাই লগতে প্ৰশ্ন কৰে যে, ২৫ লাখ নিবনুৱাৰ সংস্থাপন কি হ'ল ? এবছৰত ১ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দি দুবছৰত ৮০,০০০ চাকৰিতে বাহ বাহ ল'ব বিচাৰিছে নেকি চৰকাৰে ?

নিকা আৰু স্বচ্ছ নিযুক্তিক ঢাল হিচাবে লৈ চাকৰিৰ সংখ্যা সন্দৰ্ভত চৰকাৰৰ ব্যৰ্থতাৰ ওপৰত বিৰোধীয়ে তোলা অভিযোগক খণ্ডন কৰিবলৈ বিজেপিয়ে চেষ্টা কৰিছে ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই শুকুৰবাৰে প্ৰত্যাক্ৰমণ কৰে কংগ্ৰেছক ৷ ভৱেশ কলিতাই কয় যে, মেধাৰ ভিত্তিত যে চাকৰি পায় সেয়া পাহৰণিৰ গৰ্ভত লোপ পাইছিল ৷ কংগ্ৰেছৰ দিনত চাকৰিৰ বজাৰ খুলি বহিছিল একাংশই ৷

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে পুনৰ কয়, “অহা জুন মাহত ২০০০০ চাকৰিৰ বিজ্ঞাপন ঘোষণা কৰিব ৰাজ্য চৰকাৰে ৷ অসমৰ দৰে এখন ৰাজ্যই ইমান বিশাল সংখ্যক চাকৰি একেলগে নিযুক্তি দিয়াটোও ডাঙৰ কথা ৷”

কাৰ্যতঃ এবছৰটো বাদেই চৰকাৰৰ দুবছৰটো এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হ'ল বুলি এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক্ষুৰধাৰ সমালোচনা বিৰোধীৰ । আনহাতে, ক’ভিডজনিত পৰিস্থিতিত পৰি এটা বছৰহে কাম কৰাৰ বাবে পাইছে বুলি নিজৰ চৰকাৰৰ সফলতাৰ গুণগান গাইছে বিজেপি আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: Fraud BJP leader: প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হ’ল কাৰ্বি আংলং জিলাৰ বিজেপি নেত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.