Fraud BJP leader: প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হ’ল কাৰ্বি আংলং জিলাৰ বিজেপি নেত্ৰী

author img

By

Published : May 25, 2023, 10:26 PM IST

Updated : May 25, 2023, 10:47 PM IST

Fraud BJP leader

কাৰ্বি আংলং জিলাত প্ৰৱঞ্চনাৰ গোচৰত এগৰাকী বিজেপি নেত্ৰীক গ্ৰেপ্তাৰ কৰাৰ পাচতেই জিলাখনৰ বিজেপিত সৃষ্টি হৈছে ধুমুহাৰ (Fraud BJP leader arrested) ৷ চাকৰি দিম বুলি এইগৰাকী বিজেপি নেত্ৰীয়ে হৰলুকি কোটি টকা ৷ এই প্ৰৱঞ্চনাৰ সৈতে আন বহু বিজেপি নেতা জড়িত থকাৰ সন্দেহ ৷

প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হ’ল কাৰ্বি আংলং জিলাৰ বিজেপি নেত্ৰী

ডিফু, 25 মে’: দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলস্থিতি গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে ৰাজ্যৰ বিজেপি চৰকাৰে ৷ কিন্তু সময়ে সময়ে খোদ বিজেপিৰ দলৰেই নেতা-কৰ্মীৰ নাম দুৰ্নীতিত সাঙুৰ খাই পৰিছে ৷ এইবাৰ দুৰ্নীতিৰ অভিযোগত ৰঙা ঘৰৰ আলহী হ’ল কাৰ্বি আংলং জিলাৰ এগৰাকী বিজেপি নেত্ৰী ৷ সম্প্ৰতি পাহাৰীয়া জিলাখনত এইগৰাকী বিজেপি নেতৃৰ দুৰ্নীতিৰ কাহিনী বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে ৷ বিগত কেইবাদিন ধৰি এই বিষয়কলৈ পাহাৰীয়া জিলাখন উত্তপ্ত হৈ পৰিছে (Fraudulent case in Karbi Anglong) ৷

অভিযোগ অনুসৰি চি ই এম (CEM) , বিধায়কৰ নাম লৈ চাকৰি দিয়াৰ প্ৰলোভনেৰে নেত্ৰী মুন ইংতিপীয়ে একাংশ লোকৰ পৰা সংগ্ৰহ কৰিছিল বহু কোটি টকা ৷ এই লৈ কাৰ্বি আংলং জিলা বিজেপি কৃষাণ মৰ্চাৰ সম্পাদিকা মুন ইংতিপী আৰু চেমিয়ন তেৰাং নামৰ আন এগৰাকী প্ৰৱঞ্চকক ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত প্ৰৱঞ্চনাৰ গোচৰত বুধবাৰে নিশা ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Karbi Anglong BJP leader arrested) ৷

প্ৰাপ্ত তথ্য অনুসৰি চেমিয়ন তেৰাং আৰু মুন ইংতিপীয়ে কাৰ্বি আংলং জিলাৰ একাংশ যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল 1 কোটি 52 লাখ 50 হাজাৰ টকা ৷ বুধবাৰে লাংহিনত এক সংবাদমেলত এই কেলেংকাৰীৰ তথ্য ফাদিল কৰিছিল ভুক্তভোগীসকলৰ লগতে যুৱ সংগঠনৰ নেতৃত্বতই (BJP leader fraud in Diphu) ৷

মুন ইংতিপী শাসকীয় বিজেপি দলৰ নেত্ৰী হোৱাৰ বাবে মুখ্যমন্ত্ৰী , পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য , কাৰ্যবাহী সদস্য , বিধায়ক বিদ্যাছিং ইংলেঙৰ অতি ঘনিষ্ঠ আছিল ৷ ইয়াৰ সুবাদতে তেওঁ চাকৰি দিম বুলি বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছিল ৷ নাম লৈছিল দলৰ জ্যেষ্ঠ নেতাসকলৰ ৷ জানিব পৰা মতে বহিঃৰাজ্যত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈও এইসকল নেতাৰ লগত প্ৰায়ে যায় মুন ইংতিপী (Karbi Anglong BJP leader Moon Engtipee) ৷

বুধবাৰে এই প্ৰৱঞ্চনা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰাৰ পিচতে ভুক্তভোগীসকলে ডিফু থানাত ৰুজু কৰে এক প্ৰৱঞ্চনাৰ গোচৰ ৷ ইফালে, সংবাদমেলৰ পিচতে জিলাখনৰ বিজেপিত সৃষ্টি হয় ধুমুহাৰ ৷

ডিফু থানাত ৰুজু হোৱা 57/2023 নম্বৰৰ গোচৰৰ ভিত্তিত 406/420/34 ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত মুন ইংতিপীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাবে বিজেপি দলে মুন ইংতিপীক দলৰ পৰা বহিস্কাৰ কৰে ৷ বিগত দুবছৰ ধৰি এই নেত্ৰীগৰাকীয়ে কেইবাগৰাকীও লোকৰ পৰা ঠিকা ,প্ৰৱেশ গেট প্ৰদান কৰাৰ নামত 4 কোটি টকা সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে (Karbi Anglong woman BJP leader arrested) ৷

লক্ষণীয়ভাৱে বৃহস্পতিবাৰে দুপৰীয়া মুন ইংতিপীক আদালতলৈ নিয়াৰ সময়ত তেওঁ চিঞৰি চিঞৰি কয়, ‘‘মোক ফচাই দিছে ডাঙৰ মানুহসকলে ৷ মোক অকলে ধৰিলে নহ’ব আৰক্ষীয়ে তেওঁলোককো ধৰক ৷’’ মুন ইংতিপীয়ে স্বাধীন কিলিং নামৰ এজন লোকৰ লগতে পাটৰ উপাধিৰ এগৰাকী ব্যক্তিৰ নামো উচ্চাৰণ কৰে ৷

ডিফু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ খুবুঙে আৰক্ষীয়ে অধিক জেৰাৰ বাবে তিনিদিনৰ আৰক্ষী জিম্মাত বিচৰা বুলি সদৰী কৰে ৷ অৱশ্যে আদালতে মুন ইংতিপীক কিমান দিনৰ জিম্মাত প্ৰেৰণ কৰিলে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ স্বাভাৱিকতেই মুন ইংতিপীৰ গ্ৰেপ্তাৰে কাৰ্বি আংলং বিজেপিত সৃষ্টি কৰিছে হাহাকাৰ ৷ আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পাচতহে পোহৰৈ আহিব এই দুৰ্নীতিৰ ধন কোন কোন বিজেপি নেতাৰ পকেটলৈ গৈছিল ৷ এই কেলেংকাৰীত যে বাঘা বাঘা বিজেপি নেতাৰ নাম সাঙুৰ খায় পৰিব সেয়া নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক: Drugs seized : খটখটীত জব্দ ১ কেজি ৪১ গ্ৰাম ড্ৰাগছ

Last Updated :May 25, 2023, 10:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.