ETV Bharat / state

Bhupen Bora over BJP govt: অসমৰ মানুহৰ স্মৃতি শক্তি কম বুলি ভাবে মুখ্যমন্ত্ৰী শৰ্মাই; ভূপেন বৰাৰ মন্তব্য

author img

By

Published : May 26, 2023, 4:08 PM IST

Updated : May 26, 2023, 4:30 PM IST

Bhupen Borah has criticized BJP govt
Bhupen Bora over BJP govt

বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে দুবছৰত প্ৰদান কৰা নিযুক্তি সন্দৰ্ভত সোচ্চাৰ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা ৷ চৰকাৰখন নতুন চাকৰি সৃষ্টিত বিফল হোৱা বুলি দাবী কৰে সভাপতিগৰাকীয়ে (Bhupen Bora criticizes BJP govt) ৷

বিজেপি চৰকাৰে সৃষ্টি কৰিব পৰা নাই নতুন চাকৰি

গুৱাহাটী, 26 মে’: কেন্দ্ৰ আৰু ৰাজ্যত শাসন কৰা বিজেপি চৰকাৰে অসমৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । গুৱাহাটীৰ ৰাজীৱ ভৱনত শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে, বিজেপিয়ে দুবছৰ পূৰ্বে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুযায়ী 1 লাখ নিযুক্তি দিয়াত ব্যৰ্থ হৈছে (Bhupen Bora criticizes BJP govt) ।

সভাপতি বৰাই কয় যে, দুবছৰ পূৰ্বে অমিত শ্বাহ উপস্থিত থকা নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2022 চনৰ ভিতৰত 1 লাখ চৰকাৰী আৰু 8 লাখ বেচৰকাৰী খণ্ডত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । সেই সভাতে একে প্ৰতিশ্ৰুতি আওৰাইছিল অমিত শ্বাহেও । এই প্ৰতিশ্ৰুতি ক'ত গ'ল ? অসমৰ মানুহৰ স্মৃতি শক্তি কম বুলি ভবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই প্ৰশ্নৰ উত্তৰ আছে নে বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে (Assam Govt recruitment 2023)।

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই কয় যে, মুখ্যমন্ত্ৰীয়ে 2021 চনৰ 13 জুলাইত বিধানসভাত দিয়া তথ্য মতে অসমত চৰকাৰী বিভাগত 1 লাখ 49 হাজাৰ খালী পদ আছে । গতিকে বিজেপি চৰকাৰে এতিয়ালৈকে কোনো নতুন চাকৰি সৃষ্টি কৰিব পৰা নাই । ইপিনে 22 লাখ নিৱনুৱাৰ ভৱিষ্যত কি হ'ব বুলিও তেওঁ প্ৰশ্ন কৰে (Bhupen Bora criticizes Amit Shah) ।

সংবাদমেলত ভূপেন বৰাই কয় যে, বিজেপিৰ ডাবল ইঞ্চিন চৰকাৰৰ ৰাইজৰ বাবে এতিয়া ট্ৰাবল ইঞ্জিন চৰকাৰ হৈ পৰিছে । যোৱা বছৰ কেন্দ্ৰীয় বাজেটত অসমৰ ধাৰ্য কৰা ধন কেন্দ্ৰীয় চৰকাৰে মোকলাই নিদিলে । 20 হাজাৰ কোটি টকা অসম চৰকাৰক মোকলাই নিদিলে কেন্দ্ৰই । যাৰ বাবে চৰকাৰৰ 20 খন আঁচনি বন্ধ হৈ আছে । 29 হাজাৰ কোটি টকাৰ অভাৱত বন্ধ হৈ আছে এই আঁচনি কেইখন (Bhupen Bora over BJP govt) ।

তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন এতিয়া 1 লাখ 33 হাজাৰ কোটি টকাৰ ঋণত ভাৰাক্ৰান্ত । তাৰ পিছতো চৰকাৰে 25 হাজাৰ কোটি টকা ঋণ লোৱাৰ পৰিকল্পনা কৰিছে । জি ডি পি বৃদ্ধিৰ হাৰ কম হোৱাৰ বাবে ঋণ লোৱাৰ সক্ষমতা অসম চৰকাৰে হেৰুৱাইছে । যাৰ বাবে চৰকাৰে কৃত্ৰিমভাবে জি ডি পি বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলিও ভূপেন বৰাই উল্লেখ কৰে ।

লগতে পঢ়ক: Assam Government Recruitment: খালী পদৰ বিপৰীতে নিযুক্তি দিয়াৰ নামত অযথা হৈ চৈ কৰিছে চৰকাৰে: ৰাণা গোস্বামী

Last Updated :May 26, 2023, 4:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.