Assam budget Controversy: অসম বাজেটত GSDP ক লৈ ভুল তথ্য মন্ত্ৰী অজন্তাৰ !

author img

By

Published : Mar 17, 2023, 10:08 PM IST

Assam budget Controversy

বৃহস্পতিবাৰে অসম বিধানসভাৰ সদনৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত বিধানসভাত বিত্তমন্ত্ৰীয়ে ভুল তথ্য দিয়াৰ অভিযোগ তুলিছে বিৰোধীৰ লগতে অৰ্থনৈতিক বিশ্লেষকসকলে (Assam budget Controversy) ৷

গুৱাহাটী, 17 মাৰ্চ: এইবাৰ ২০২৩-২৪ ৰ বাজেট দাখিল পৰ্বক লৈ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বিৰোধীক সমালোচনা বা বিতং আলোচনাৰ বাবে কোনো সুৰুঙা দিব খোজা নাই । যাৰবাবে এতিয়া সমালোচনাৰ সন্মুখীন হৈছে অসম চৰকাৰ ৷ লগতে বাজেটখনক লৈ উত্থাপিত হৈছে একাধিক প্ৰশ্ন (Assam budget Controversy) ৷

বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত ঘৰুৱা উৎপাদন অৰ্থাৎ GSDPক লৈ তথ্য লুকুৱাই সদনত ভুল তথ্য দিয়া বিষয়টোক লৈ আটাইতকৈ সমালোচনা আৰু প্ৰশ্ন উত্থাপিত হৈছে ৷ লগতে সমালোচিত হৈছে চৰকাৰে সমালোচনাৰ ভয়ত বাজেট দাখিলৰ পূৰ্বে অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন সদনত দাখিল কৰি বিধায়কসকলক যোগান নধৰা কাৰ্য (Assam Budget 2023) ৷

ইয়াৰ লগতে সমালোচিত হৈছে পূৰ্বৰ দৰে বাজেটৰ শেষ পৃষ্ঠাটোত Annexure, Abstract of Transaction পৃষ্ঠাটো আঁতৰাই পেলোৱাৰ বাবে ৷ বৃহস্পতিবাৰে বিধানসভাত দাখিল কৰা বাজেটখনত বিত্তমন্ত্ৰী অজন্তা নেওগে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে (GSDP) ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰি ২০২৩-২৪ ত এক নতুন ইতিহাস ৰচিবলৈ সক্ষম হ'ব বুলি লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ লগতে কৈছে যে, ২০২১-২২ ত এই GSDP ৰ পৰিমাণ আছিল ৩.৯৩ লাখ কোটি টকা । এই অস্বাভাৱিক বিকাশৰ হাৰ দেখুওৱাক লৈ প্ৰশ্ন উত্থাপন হৈছে (Controversy continues over Assam budget) ৷

লগতে পঢ়ক: Assam Budget 2023; আগন্তুক 20 মে’ৰ ভিতৰত নতুনকৈ 40 হাজাৰ নিবনুৱাক নিযুক্তি প্ৰদান : বিত্তমন্ত্ৰী

ৰাজ্যৰ এগৰাকী বিশিষ্ট অৰ্থনৈতিক বিশ্লেষক জয়দ্বীপ বৰুৱাই এই প্ৰসংগত সামাজিক মাধ্যমত নিজৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আগবঢ়াইছে ৷ তেওঁ বাজেটত ৫.৫ লাখ কোটি টকাৰ ৰাজ্যিক ঘৰুৱা উৎপাদন প্ৰসংগত উল্লেখ কৰিছে যে, যি সময়ত ভাৰতৰ বাৰ্ষিক বিকাশৰ হাৰ ৬ শতাংশৰ ওচৰে পাজৰে, তেনে অৱস্থাত অসমৰ অৰ্থনীতিৰ এনে অভাৱনীয় বিকাশৰ হাৰ বাস্তৱসন্মত যেন ধাৰণা হয়নে ? (Joydeep Baruah on Assam Budget)

অৰ্থনৈতিক বিশ্লেষক জয়দ্বীপ বৰুৱাই এইবাৰৰ বাজেট প্ৰসংগত উল্লেখ কৰি কয়, “অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে অসমৰ ২০২৩-২৪ বৰ্ষৰ ৰাজ্যিক বাজেট দাখিল কৰিলে । ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন আগন্তুক বিত্তীয় বৰ্ষত, অৰ্থাৎ ২০২৩-২৪ বৰ্ষত ৫.৫০ লাখ কোটি টকা হ'বগৈ বুলি বিত্তমন্ত্ৰীয়ে তেখেতৰ ভাষণত উল্লেখ কৰিছে । তেখেতে ভাষণত উল্লেখ কৰা অনুসৰি ২০২১-২২ চনত এই পৰিমাণ আছিল ৩.৯৩ লাখ কোটি টকা । এই হিচাপত যোৱা দুবছৰত অসমৰ মুঠ আৰ্থিক বিকাশৰ হাৰ ৪০ শতাংশ হ'ব লাগে ।’’ (Controversy on Assam GDP)

বৰুৱাই লগতে কয়, ‘‘যি সময়ত ভাৰতৰ বাৰ্ষিক বিকাশৰ হাৰ ৬ শতাংশৰ ওচৰে পাজৰে, তেনে অৱস্থাত অসমৰ অৰ্থনীতিৰ এনে অভাৱনীয় বিকাশৰ হাৰ বাস্তৱসন্মত যেন ধাৰণা হয়নে ? আমাৰ চৌপাশৰ অৰ্থনৈতিক পৰিবেশে তাৰ উমান দিয়েনে ? আৰু যদি এয়া চলিত মূল্যৰ বৃদ্ধিৰ হাৰ তেনেহ'লে ই দেখোন অভাৱনীয় মূল্যবৃদ্ধিহে নিৰ্দেশ কৰে !”

তেওঁ লগতে উল্লেখ কৰি কয়, “তাৎপৰ্যপূৰ্ণ কথাটো হ'ল বাজেটৰ আয়-ব্যয়ৰ আকলনৰ ক্ষেত্ৰত যিহেতু আৰ্থিক বৃদ্ধিৰ হাৰে এক নিৰ্ণায়ক ভূমিকা লয় গতিকে তাৰ বাস্তৱসন্মত তথ্য অবিহনে বাজেট প্ৰস্তুত কৰণৰ প্ৰক্ৰিয়াটোৱে অৰ্থহীন হৈ নপৰেনে ? তাতকৈ ডাঙৰ কথা, বাজেট দাখিলৰ পূৰ্বে চিৰাচৰিতভাৱে প্ৰকাশিত হোৱা বাৰ্ষিক অৰ্থনৈতিক সমীক্ষাও এইবাৰ দেখা নাই । আনকি আচৰিতভাৱে বিত্তমন্ত্ৰীৰ বাজেট ভাষণতো ২০২২-২৩ বৰ্ষৰ কোনো তথ্য উল্লিখিত হোৱা নাই । সেই কাৰণেই এই বাজেটৰ হিচাপবোৰ লৈ আশ্বস্ত হ'ব পৰা নাই । এনে পটভূমিত বাজেটৰ ঘোষণাবোৰ লৈ আলোচনা কৰাৰ অৱকাশেই বা ক'ত ?”

লগতে পঢ়ক: Assam Budget details: হিমন্ত বিশ্ব চৰকাৰৰ বাজেটে আনিলে ঋণৰ বতৰা !

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম বাজেট ২০৩-২৪ক লৈ ৷ কংগ্ৰেছ নেতা কোঁৱৰে GDSP ৰ লগতে অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন দাখিল নকৰা, Annexur, Abstract of Transaction পৃষ্ঠাটো নোহোৱা কৰি পেলোৱা প্ৰসংগত নিজৰ মন্তব্য আগবঢ়াইছে ৷ এইবর্ষৰ বাজেটক তথ্য বিভ্ৰাট আৰু তথ্য হৰলুকিৰ বাজেট আখ্যা দি ঋতুপর্ণ কোঁৱৰে কৈছে যে, কালি উত্থাপিত বাজেটৰ কিছু তথ্য বিভ্ৰান্তিমূলক ।

এইবাৰ বাজেট ভাষণত যোৱা ২০২২-২৩ বৰ্ষৰ বাজেটৰ কোনো তথ্য উল্লেখ নাই । উদাহৰণ স্বৰূপে কংগ্ৰেছ মুখ্যপাত্ৰজনে উল্লেখ কৰিছে যে, বিত্তমন্ত্ৰী গৰাকীয়ে বাজেটৰ ৯ নম্বৰ পইন্টৰ আয়-ব্যয় সম্বন্ধীয় (Fiscal) একত্ৰিকৰণ কলমত উল্লেখ কৰিছে যে, মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে (GSDP) ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰি ২০২৩-২৪ ত এক নতুন ইতিহাস ৰচিবলৈ সক্ষম হ'ব । বিত্তমন্ত্ৰীয়ে লগতে উল্লেখ কৰিছে যে, ২০২১-২২ ত এই GSDP ৰ পৰিমাণ আছিল ৩.৯৩ লাখ কোটি টকা ।

২০২১-২২ ৰ GSDP সম্পৰ্কে বিত্তমন্ত্ৰীয়ে ২০২২ চনৰ ১৬ মাৰ্চত ঘোষণা কৰিছিল যে ২০২১-২২ ৰ বিত্তীয় বৰ্ষত মুঠ GSDP ৪,৩৩,৯২৫ কোটি হ'ব আৰু ইয়াৰ বিকাশৰ হাৰ হ'ব ১৩.৮৯ % । পুনৰ কেইটামান দিনৰ আগতে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে যে, ২০২১-২২ বৰ্ষত প্ৰকৃততে GSDP ৪,১২,৬১২ কোটিহে হ'ল আৰু ইয়াৰ বিকাশৰ হাৰ ১৬.৭ শতাংশ । এই তথ্য একেবাৰেই বিভ্ৰান্তিমূলক নহয় নে বুলি তেওঁ প্ৰশ্ন কৰে ৷

লগতে পঢ়ক: Assam Budget 2023: অসম বাজেট 2023 সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া

‘‘যিসময়ত দেশৰ বিকাশৰ হাৰ ৬% ৰ ওচৰে-পাজৰে । তেনে পৰিস্থিতিত অসমৰ অৰ্থনীতিৰ এনে বিকাশৰ হাৰ বাস্তৱসন্মত বুলি ধাৰণা হয়নে ? একেদৰে বাজেটৰ একেবাৰে শেষৰফালে থকা বাজেটৰ মূল পৃষ্ঠা স্বৰূপ Annexure, Abstract of Transaction পৃষ্ঠাটোকে আঁতৰাই পেলোৱা হৈছে ৷ পূৰ্বৱৰ্তী বৰ্ষৰ বাজেটৰ Budget Estimate, Revised Estimate আৰু Actual খৰচৰ প্ৰকৃত তথ্য উল্লেখ থাকে । ইয়াৰদ্বাৰা বিত্তমন্ত্ৰী বা চৰকাৰে কি ইংগিত দিব বিচাৰিছে ? নে ৰাইজৰ পৰা নিজৰ বিফলতা ঢাকিবলৈ তথ্য লুকুৱাব বিচাৰিছে’’ বুলিও কংগ্ৰেছ নেতাজনে প্ৰশ্ন কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.