Assam Budget 2023; আগন্তুক 20 মে’ৰ ভিতৰত নতুনকৈ 40 হাজাৰ নিবনুৱাক নিযুক্তি প্ৰদান : বিত্তমন্ত্ৰী

author img

By

Published : Mar 16, 2023, 10:34 PM IST

Assam Budget 2023

আগন্তুক 10 মে’ৰ পৰা 20 মে’ৰ ভিতৰত নতুনকৈ 40 হাজাৰ নিবনুৱাক নিযুক্তি প্ৰদান কৰা হ’ব (1 Lakh Jobs To Be Completed By May 20th said Minister Ajanta Neog)। বৰ্তমান চৰকাৰে প্ৰায় 42,000 যুৱক-যুৱতীক বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰিছে ৷ বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াত দাখিল কৰা বাজেট ভাষণত এই কথা সদৰী কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog Budget speech 2023) ৷

গুৱাহাটী, 16 মাৰ্চ : বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াত দাখিল কৰা হ’ল ৰাজ্য চৰকাৰৰ 2023-24 বিত্তীয় বৰ্ষৰ বাজেট (Assam assembly budget session 2023) ৷ বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাৰ মজিয়াত দাখিল কৰা বাজেটত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়বস্তু দাখিল কৰা হয় ৷ ইয়াৰে ভিতৰত চলিত বিধানসভাৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰীৰ বাজেট ভাষণত এক লাখ নিযুক্তিয়ে স্থান লাভ কৰে।

উল্লেখযোগ্য যে, চলিত বিধানসভাৰ বাজেট অধিৱেশনত চৰকাৰে প্ৰতিশ্ৰুতি দিয়া এক লাখ নিযুক্তিৰ ব্যৰ্থতা সন্দৰ্ভত বিৰোধীয়ে সদন উত্তাল কৰি তুলিছিল । বৃহস্পতিবাৰে বিত্তমন্ত্ৰী বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে চৰকাৰে বিভিন্ন বিভাগত প্ৰায় 42,000 যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিছে বুলিও মন্তব্য কৰে ।

তেওঁ কয়, ‘‘আমাৰ চৰকাৰৰ 2 বছৰ সম্পূর্ণ হোৱাৰ লগে লগে 2023 বৰ্ষৰ 10-20 মে’ৰ ভিতৰত আৰু আন 40,000 প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব (1 Lakh Jobs To Be Completed By May 20th said Minister Ajanta Neog) । বৰ্তমান প্ৰায় 18,000 পদ নিযুক্তিৰ বিভিন্ন পৰ্যায়ত আছে আৰু অতিশীঘ্ৰে এই নিযুক্তিৰ কাম সম্পূৰ্ণ কৰা হ’ব’’ ।

বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত আৰু কয়, ‘‘বর্তমানে থকা মানৱ সম্পদৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰাৰ লগতে চৰকাৰী ব্যৱস্থাত পাৰদৰ্শিতা অনাৰ বাবে এটা বিভাগৰ পৰা আন এটা বিভাগলৈ চৰকাৰী কৰ্মচাৰী সাল-সলনি কৰিবলৈ আমাৰ চৰকাৰে চলিত বৰ্ষত এখন বিধেয়ক উত্থাপন কৰিব । যদিও কৰ্মচাৰীগৰাকীয়ে তেওঁৰ বিভাগটোৰ পে’ ৰোলত থাকিব ৷ তথাপিও বেলেগ বিভাগে তেখেতৰ সেৱাৰ সদ-ব্যৱহাৰ কৰিব পাৰিব’’ ।

উল্লেখ্য যে, বিধানসভাত ৰাইজৰ দলৰ বিধায়ক অখিল‌ গগৈয়ে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক এবছৰত এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি হোৱা বুলি অভিযোগ কৰিছিল ।‌ কিছুদিন পূৰ্বে সদনত অখিল গগৈয়ে অসম চৰকাৰৰ ঘোষিত এক লাখ নিবনুৱাৰ নিযুক্তি কেতিয়া সম্পূর্ণ হ’ব আৰু শাসকীয় দলে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়া অনুসৰি 31 মার্চ, 2022 ৰ ভিতৰত ১ লাখ নিযুক্তি দিব পৰা নাই কিয় বুলি প্ৰশ্ন কৰিছিল ।

উত্তৰত বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগে কৈছিল যে চৰকাৰৰ 1 লাখ নিবনুৱা নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু সোনকালেই সম্পূর্ণ কৰা হ’ব । অখিল গগৈয়ে চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিং হোৱা বুলি অভিযোগ কৰে । বিত্তবিভাগৰ মন্ত্ৰী অজন্তা নেওগে অখিল গগৈৰ অভিযোগ খণ্ডন কৰি চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিং হোৱা নাই বুলি সদৰী কৰিছিল ।

বিধায়ক অখিল গগৈৰ আন এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে কৈছিল যে অহা 10 মে’ৰ পৰা 20 মে’ৰ ভিতৰত 40 হাজাৰ নতুন নিযুক্তি হ’ব (Minister Ajanta Neog Budget speech 2023)।

লগতে পঢ়ক : Assam Budget A to Z: সদনত মুঠ ৯৩৬ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.