ETV Bharat / state

জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ'ব কংগ্ৰেছ: হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Mar 11, 2022, 8:03 PM IST

Himanta Biswa criticizes congress
Himanta Biswa criticizes congress

কংগ্ৰেছ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa criticizes congress) ৷ ২০২৬ চনত কংগ্ৰেছ এটা জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

গুৱাহাটী, ১১ মাৰ্চ: ‘‘কংগ্ৰেছৰ ভৱিষ্যত বুলি একো নাই । কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰীয় দল হৈ থকা নাই । ২০২৬ চনলৈ এটা জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ'ব কংগ্ৰেছ ৷’’ এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ । শুকুৰবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সংবাদমাধ্যমৰ আগত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই (Himanta Biswa criticizes congress) ৷

তেওঁ লগতে কয় যে জাতি, ধৰ্ম পাহৰি ৰাইজে এতিয়া উন্নয়নৰ ওপৰত ভিত্তি কৰি ভোট দিবলৈ আৰম্ভ কৰিছে । পৰিয়ালতান্ত্ৰিক ৰাজনৈতিক দলক ৰাইজে বৰ্জন কৰিছে (Himanta biswa on family politics)। দেশত অহা ৪-৫ বছৰৰ ভিতৰত ভাৰতত জাতিবাদী, পৰিয়ালতান্ত্ৰিক দল সকলো বিলুপ্ত হৈ যাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলে মোডীৰ নেতৃত্বৰ ওপৰত আস্থা বঢ়াৰ কথা প্ৰতিফলিত কৰিছে আৰু আহিবলগীয়া নিৰ্বাচন সমূহতো বিজেপি বিজয় হৈ থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ'ব কংগ্ৰেছ: হিমন্ত বিশ্ব শৰ্মা

আনহাতে তেওঁ মাজুলীবাসী ৰাইজক ধন্যবাদ জনোৱাৰ (Himanta Biswa Sarma thanks majuli people) লগতে পৌৰসভাৰ ফলাফলৰ বাবেও ৰাইজক ধন্যবাদ জনায় ৷ মাজুলী উন্নয়নৰ বাবে যি নিৰন্তৰ প্ৰচেষ্টা চলি আছে, তাক অব্যাহত ৰাখিব বুলি মাজুলিবাসীক প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে । যিমানে বিৰোধীয়ে অভিযোগ আৰু সমালোচনা কৰিছে সিমানেই ৰাইজে হৃদয়ত বিজেপিক বহুৱাবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য কৰি কয় যে বিৰোধী একত্ৰিত হ'লেও বিজেপিৰ ওচৰ চাপিব নোৱাৰে ।

আনহতে, আপৰ বিজয়ক লৈ অসমত হোৱা চৰ্চাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘‘ক'ৰবাত বৰষুণ হ'লে ইয়াত ছাতি লোৱা মানুহ ওলায়েই ৷ আমি ছাতি লোৱাৰ সুবিধা নিদিওঁ’’ । ইপিনে ৰাজ্যসভাৰ নিৰ্বাচন সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয় যে, ‘‘ৰাজ্যসভা নিৰ্বাচনত আমি ভালকৈ জিকিম । ৰাজ্যসভাত দুয়োখন আসনৰ বাবে এটা ভোট হে কম আছে বিজেপিৰ । এটা ভোটত ৰিস্ক লৈ নিৰ্বাচন খেলাটো বিৰোধীৰ কথা । বিৰোধীয়ে নিৰ্বাচন খেলিলে নিজে ভুল কৰা হ’ব’’ (Himanta Biswa on Rajyasabha election)।

SEBA ৰ পুৰণি প্ৰশ্নকাকত সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, ধনৰ অপচয় ৰোধ কৰিবলৈ এই ব্যৱস্থা লোৱা হৈছে । ছাত্ৰ-ছাত্ৰীৰ কোনো অসুবিধা নহয় । ছাত্ৰ-ছাত্ৰী সকলে চিন্তা কৰিবলগীয়া কথা নাই বুলি তেওঁ উল্লেখ কৰে । লগতে বিগত বৰ্ষৰ অব্যৱহৃত প্ৰশ্ন কাকত নষ্ট কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

আনহাতে অখিল গগৈয়ে আন্দোলন কৰা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অখিল গগৈয়ে যিমানে আন্দোলন কৰিব বিজেপি সিমানে ফলে ফুলে জাতিষ্কাৰ হ’ব ।

লগতে পঢ়ক : উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ: থানাই পঞ্জীয়ন কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.