ETV Bharat / city

উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ: থানাই পঞ্জীয়ন কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ

author img

By

Published : Mar 11, 2022, 6:13 PM IST

high-court-directs-registration-of-fir-against-himanta-biswa-sarma
থানাই পঞ্জীয়ন কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এজেহাৰৰ ভিত্তিত (Case against CM Himanta Biswa Sarma) কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে জাৰি কৰা এটা নিৰ্দেশৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে স্থগিতাদেশ জাৰি কৰিছে । কেৱল স্থগিতাদেশ জাৰি কৰাই নহয়, মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে এখন এজাহাৰ দাখিল কৰা কংগ্ৰেছ সাংসদ আব্দুল খালেকলৈও উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰে ।

গুৱাহাটী, 11 মাৰ্চ : মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাক এটা গোচৰ পঞ্জীয়ন কৰিবলৈ ইতিমধ্যে কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে জাৰি কৰা এটা নিৰ্দেশৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে স্থগিতাদেশ জাৰি কৰিছে (Police station will not be able to register FIR against Himanta Biswa Sarma)। কেৱল স্থগিতাদেশ জাৰি কৰাই নহয়, মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে এখন এজাহাৰ দাখিল কৰা কংগ্ৰেছ সাংসদ আব্দুল খালেকলৈও উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰে ।

উল্লেখ্য যে, দৰং জিলাৰ গৰুখুটিত চৰকাৰে চলোৱা উচ্ছেদ ( Eviction drive in Garukhuti village of Darrang ) ৰ পিছত বিগত 10 ডিচেম্বৰত মৰিগাঁৱত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উচ্ছেদৰ বিষয়টোক লৈ কেতবোৰ সাম্প্ৰদায়িক মন্তব্য কৰিছিল (Himanta Biswa Sarma's controversial comment on Garukhuti incident) বুলি অভিযোগ তুলি সাংসদ আব্দুল খালেকে বিগত 29 ডিচেম্বৰত দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল (Case against CM Himanta Biswa Sarma) ৷

পিছে দিছপুৰ থানাই মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে কোনো গোচৰ পঞ্জীয়ন নকৰাত ক্ষুব্ধ হৈ সাংসদ গৰাকীয়ে কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত এটা গোচৰ তৰিছিল (1598/2022) । সেই গোচৰৰ শুনানী গ্ৰহণৰ অন্তত বিগত 5 মাৰ্চত কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশ বিশ্বদীপ বৰুৱাৰ আদালতে ভাৰতীয় দণ্ডবিধি 153 আৰু 153 (ক) ৰ অধীনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন কৰিবলৈ দিছপুৰ থানাক নিৰ্দেশ দিছিল ।

পৰৱৰ্তী সময়ত মহকুমা ন্যায়িক দণ্ডাধীশৰ উক্ত নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু ভাৰতীয় দণ্ডবিধি 482 ৰ অধীনত এক ফৌজদাৰী আবেদন দাখিল কৰে । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিতেশ শৰ্মাৰ আদালতে শুকুৰবাৰে অসম চৰকাৰৰ ফালৰ পৰা তৰা এই আবেদনৰ শুনানী গ্ৰহণ কৰি পূৰ্বৰ নিম্ন আদালতে দিয়া নিৰ্দেশটোৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰে আৰু সাংসদ আব্দুল খালেকলৈও জাননী জাৰি কৰে । ফলত এতিয়া সাংসদ আব্দুল খালেকে দাখিল কৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উক্ত গোচৰ দিছপুৰ থানাই পঞ্জীয়ন কৰিব নোৱাৰিব ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

উচ্চ ন্যায়ালয়ে এই স্থগিতাদেশ জাৰি কৰাৰ পিছত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই কয় যে, মহামান্য আদালতে এই সমস্ত বিষয়টো পৰীক্ষা কৰাৰ লগতে আমাৰ বক্তব্য খিনি শুনাৰ পিছত পূৰ্বতে নিম্ন আদালতে জাৰি কৰা নিৰ্দেশটোৰ ক্ষেত্ৰত আজি স্থগিতাদেশ জাৰি কৰাৰ উপৰিও সাংসদ আব্দুল খালেকক 1 এপ্ৰিলৰ ভিতৰত জবাব দিবলৈ এখন জাননী জাৰি কৰিছে । একে সময়তে নিম্ন আদালতে এই গোচৰটো সন্দৰ্ভত যিখিনি ৰেকৰ্ড ৰাখি থৈছিল সেই সকলোখিনি উচ্চ ন্যায়ালয়লৈ পঠিয়াই দিবলৈও আদালতে নিৰ্দেশ দিছে । ১ এপ্ৰিলত গোচৰটোৰ পুনৰ শুনানী গ্ৰহণ হ’ব । তেতিয়ালৈকে পূৰ্বৰ নিৰ্দেশটো স্থগিত ৰখা হৈছে ।

লগতে, এতিয়া দিছপুৰ থানাই কোনো গোচৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু কৰিব নালাগে । 29 ডিচেম্বৰত সাংসদ গৰাকীয়ে দিছপুৰ থানাত দিয়া অভিযোগত মুখ্যমন্ত্ৰীৰ যিটো ভাষণৰ কথা উল্লেখ কৰিছে, সেই বিষয়ে আমিও অনুসন্ধান কৰিছিলো আৰু সেই অনুসন্ধানত দেখা গল যে উক্ত ভাষণটোত ক’তোৱেই মুখ্যমন্ত্ৰীয়ে কোনো ধৰ্মীয় ধৰণৰ কথা কোৱা নাছিল বুলি জনায় মহাধিবক্তাগৰাকীয়ে ৷

তদুপৰি, কোনো ধৰ্ম, ভাষা বা সম্প্ৰদায়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে সেই ভাষণটোত একো কথা কোৱা নাছিল । উচ্চতম ন্যায়ালয়ে কৈ থৈছে যে ভাৰতীয় দণ্ডবিধি ১৫৩ ৰ অধীনত যদি এনেধৰণৰ গোচৰ পঞ্জীয়ন কৰিবলগীয়া হয় তেন্তে কওঁতাজনে অন্ততঃ দুটা ধৰ্মৰ নাম লৈ মন্তব্য কৰিব লাগিব বুলিও উল্লেখ কৰে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই ৷

ইয়াৰোপৰি, মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণটোত অসমবাসীক লৈহে কথাখিনি কৈছিল, কোনো ধৰ্ম বা ভাষাক লৈ নহয় । সাংসদ গৰাকীয়ে যেতিয়া নিম্ন আদালতত গোচৰটো তৰিছিল তেতিয়া তাৰ সৈতে দিয়া চিডিখন হয়তো নিম্ন আদালতে ভালদৰে পৰীক্ষা কৰা নাছিল । পূৰ্বৰ যিকেইটা ৰায়ক ভিত্তি হিচাপে লৈ নিম্ন আদালতে সেইনিৰ্দেশ দিছিল হয়তো সেই ৰায়সমূহ ভালদৰে বিশ্লেষণ কৰি চোৱা হোৱা নাছিল বুলিও উল্লেখ কৰে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই ৷

লগতে পঢ়ক : বিজেপি টকাৰ জোৰত পৌৰসভাত জয়ী হৈছে: অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.